শেহতীয়া খবৰ
ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ....  •  এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু...  •  এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত ধেমাজিত মুখ্যমন্ত্ৰী সোণোৱালৰ পদত্যাগৰ দাবীত পুত্তলিকা দাহ...  •  ওদালগুৰিত বিজেপিৰ বিশাল সাংগঠনিক সভা...

৬নং দফাৰ চূড়ান্ত প্ৰতিবেদন এতিয়া ক’ত আছে? চৰকাৰক এই কথা ৰাজহুৱা কৰিবলৈ দাবী আছুৰ…

1,051

ডিজিটেল ডেস্কঃ ৬নং দফাৰ সন্দৰ্ভত মঙলবাৰে শ্বহীদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থাই সম্বোধন কৰে এখন সংবাদমেল। এই সংবাদমেলত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্ব উপস্থিত থকাৰ লগতে উপস্থিত থাকে জ্যেষ্ঠ অধিবক্তা তথা ৬ নং দফা কমিটীৰ সদস্য নিলয় দত্ত।

৬নং দফাৰ চূড়ান্ত প্ৰতিবেদনৰ সন্দৰ্ভত চৰকাৰৰ প্ৰতি গভীৰ অসন্তুষ্টি ব্যক্ত কৰি আছুৰ নেতৃত্বই কয়, ৫০০ সংগঠন আৰু ব্যক্তিৰ লগত আলোচনা কৰি এই চূড়ান্ত প্ৰতিবেদন তৈয়াৰ কৰা হৈছিল। ২৫ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীক দিছিল কমিটিয়ে এই প্ৰতিবেদন অৰ্পণ কৰিছিল চৰকাৰক।

আজি পৰ্যন্ত ৫ মাহ হল কমিটীৰ প্ৰতিবেদন দাখিলৰ কিন্তু এই প্ৰতিবেদন এতিয়া মুখ্যমন্ত্ৰীৰ আলমিৰাত নে আন কৰবাত আছে সেই কথা স্পষ্ট কৰক চৰকাৰে। এই সংবাদমেলতে ৬নং দফা কমিটীৰ প্ৰতিবেদন ৰাজহুৱা কৰে। এই সংবাদমেলত আছু নেতৃত্বই অচিৰেই এই বিষয়ৰ সন্দৰ্ভত চৰকাৰে সকলো ৰাজহুৱা কৰিব লাগে বুলি স্পষ্ট কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি