মোডীয়ে সংবাদমাধ্যমক কৰা তাচ্ছিল্যক ধিক্কাৰ আছুৰ

মোডীয়ে সংবাদমাধ্যমক কৰা তাচ্ছিল্যক ধিক্কাৰ আছুৰ
  • শ্বহিদ ন্যাসত আছুৰ সংবাদমেল।
  • মোডীৰ জনসভাৰ পিছতেই সংবাদমেল সম্বোধন আছু উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংকৰ নাথ আৰু সাধাৰণ সম্পাক লুৰিণজ্যোতি গগৈৰ।
  • শনিবাৰে নাগৰকিত্ব সংশোধনী বিধেয়কৰ বাতিলৰ দাবীত আছু সহ ৩০ সংগঠনে পালন কৰে প্ৰতিবাদী কাৰ্যসূচী।
  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ, ক'লা পতাকা প্ৰদৰ্শনেৰে প্ৰতিবাদ আছুৰ।
  • যিকোনো মূল্যৰ বিনিময়ত নাগৰকিত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী।
  • 'মোডীৰ আগমনত অসমৰ আকাশ-বতাহ মেঘাচন্ন হৈ থাকে।'
  • 'অসমীয়া জাতিক অন্ধকাৰলৈ নিক্ষেপ কৰাৰ চেষ্টা অসমীয়া মানুহে সহ্য নকৰে।'
  • 'প্ৰাপ্তিৰ কাৰণে ৰাইজে সংগ্ৰাম অব্যাহত ৰাখিব।'
  • 'গণতান্ত্ৰিক প্ৰতিবাদক জোৰ কৰি দমন কৰিবলৈ চেষ্টা কৰিলে অসম জ্বলিব'।
  • 'জোৰ কৰি বিধেয়ক জাপি দিলে অসমৰ পৰিস্থিতি ভয়াৱহ হ'ব।'
  • 'এইমছৰ আধাৰশিলা স্থাপন কৰি কিয় চাৰে চাৰি বছৰে কাম-কাজ আগবঢ়াব নোৱাৰিলে মোডী চৰকাৰে।'
  • 'ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ কৃতিত্ব লোৱাৰ চেষ্টা কৰিছে বিজেপি চৰকাৰে।'
  • 'নীতিন গাদকাৰীয়ে আধাৰশিলা স্থাপন কৰা নিমাতী-মাজুলী সংযোগী দলঙৰ কাম-কাজ আজিলৈকে আগনাবাঢ়িল।'
  • 'অসমৰ জনগণক প্ৰতাৰণা কৰিছে বিজেপিয়ে।'
  • 'সংবাদমেলত এই মন্তব্য আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ।
  • সংবামেলত আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যয়ো তীব্ৰ ভাষাৰে সমালোচনা কৰে বিজেপি চৰকাৰক।
  • 'নৰেন্দ্ৰ মোডী ডাঙৰীয়াই সংবাদ মাধ্যমক লক্ষ্য কৰি লৈছে।'
  • 'সংবাদমাধ্যমক অসন্মান সূচক মন্তব্য, তাচ্ছিল্য কৰিছে।'
  • 'মোডীৰ অসমৰ সংবাদমাধ্যমক কৰা এই তাচ্ছিল্যক আমি ধিক্কাৰ দিছো।'
  • 'অসমত বিধেয়কৰ বিৰুদ্ধে সৃষ্টি হোৱা প্ৰতিবাদ ছবিসহ অসমৰ সংবাদমাধ্যমে প্ৰচাৰ কৰিছে।'
  • 'সংবাদমাধ্যমৰ এনে প্ৰচাৰ মোডী ডাঙৰীয়াৰ সহ্য হোৱা নাই।'
  • 'প্রধানমন্ত্ৰী মোডীৰ এনে দৃষ্টিভংগী আক্ৰোশমূলক।'
  • 'অসমৰ সংবাদমাধ্যমৰ প্ৰতি এনে আক্ৰোশমূলক স্থিতি নল'বলৈ আমি সকীয়াই দিছো।'
  • 'জাতীয় জীৱনক সঠিকভাৱে আগবঢ়াই নিবলৈ সংবাদমাধ্যমে এটা বলিষ্ঠ ভূমিকা লৈ আহিছে।'
  • 'অসমৰ সংবাদমাধ্যমক আমি খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ বিষয়ত বলিষ্ঠ ভূমিকা সদায় আশা কৰিছো।'
  • 'মোডীয়ে যিমানেই কথা নকওঁক লাগে, অসমৰ সংবাদমাধ্যমৰ ওপৰত চুলিৰ সমানো প্ৰভাৱ নপৰে।'
  • 'মোডীয়ে যিবোৰ আঁচনিৰ কথা ক'লে, সেইবোৰ আমাৰ প্ৰাপ্য।'
  • 'অসমচুক্তিৰ ৭ নং দফাৰ জৰিয়তে আমি এইমছৰ লগতে আৰু বহুত বিচাৰিছো।'
  • '৩৬ বছৰে অসমচুক্তি ৰূপায়ন নোহোৱাৰ কথা কৈ মোডীয়ে নিজৰ ব্যৰ্থতাকে উদঙালে।'
  • '৩৬ বছৰত দিল্লী-দিছপুৰত কংগ্ৰেছ, বিজেপি, চিপিএম, অগপই শাসন কৰিলে।'
  • 'কোনেও অসমচুক্তি ৰূপায়ন কৰাৰ ব্যৱস্থা নল'লে।'
  • 'অবৈধ বিদেশী সদায় অবৈধই, হিন্দু হওঁক বা মুছলমানেই হওঁক।'
  • 'মোডীয়ে ভাষণত বিদেশীক হিন্দু-মুছলমানৰ ভিত্তিত ভাগ ভাগ কৰাৰ সাম্প্ৰদায়িক দৃষ্টিভংগী প্ৰকাশ কৰিলে।'
  • 'প্ৰধানমন্ত্ৰীৰ বক্তব্যত কোনো নতুনত্ব নাই।'
  • 'আমাক উন্নতি লাগিব, কিন্তু বিল নালাগে।'
  • 'মোডীয়ে কৰি যোৱা মন্তব্যৰ পিছতেই আমি জনাইছো আছু, নেছ'সহ ৩০ সংগঠনে প্ৰতিবাদ কৰি যাম।'
  • 'বিল বাতিল হ'ব লাগিব, ৰাজ্যসভা অধিবেশনত বিল আমি নামানো।'
  • 'লোকসভাত এক নায়কত্ববাদ খটোৱাই বিল পাছ কৰাৰ দৰে ৰাজ্যসভাত হ'ব নিদিও।'
  • 'জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ চলিছিল, চলি আছে আৰু চলিবই।'
  • সংবাদমেলত বিজেপিত তুলাধূনা দি এই মন্তব্য আছু উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in