নিশা কইনাধৰাত মুখ্যমন্ত্ৰীৰ সৈতে কি কথা পাতিছিল আছুৰ নেতৃত্বই? পঢ়ক সবিশেষ…

নিশা কইনাধৰাত মুখ্যমন্ত্ৰীৰ সৈতে কি কথা পাতিছিল আছুৰ নেতৃত্বই? পঢ়ক সবিশেষ…

ডিজিটেল ডেস্কঃ কইনাধৰাত মুখ্যমন্ত্ৰীৰ সৈতে নিশা বৈঠকত বহিল আছুৰ নেতৃত্ব। হঠাতে অনুষ্ঠিত হোৱা এই এই বৈঠকৰ আগেয়ে কইনাধৰাৰ ১কিঃমিঃ এলেকাজুৰি ভৰাই পেলোৱা হল আৰক্ষীৰে লগতে প্ৰৱেশ নিষিদ্ধ কৰিলে সাংবাদিকৰো।

ৰাজ্যবাসী ভয়ানক বানত জুৰুলা হৈ থকাৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে হঠাতে কইনাধৰাত আছুৰ এই গোপন বৈঠকক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। এই বৈঠকত উপস্থিত আছিল কৃষিমন্ত্ৰী অতুল বৰাও। ৰাজ্যজুৰি তীব্ৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছত এই বৈঠকক লৈ মুখ খুলিছে আছুৰ সভাপতিগৰাকীয়ে

সাংবাদিকৰ আগত দীপাংকৰ নাথে সদৰি কৰা অনুসৰি, অসম চুক্তিৰ সন্দৰ্ভত অনানুষ্ঠানিক এক আলোচনাৰ বাবেহে এই বৈঠকত মিলিত হৈছিলো। যিহেতু অনানুষ্ঠানিক সাক্ষাতৰ সন্দৰ্ভত সকলো কথা সদৰি কৰিব নোৱাৰি বাবেই সংবাদমাধ্যমক সদৰি কৰা নাছিলো।

তেওঁ লগতে কয়, ইতিমধ্যে কেইবা লানিও বৈঠকত বহিছো যদিছো কোনো সমাধান ওলোৱা নাই। সেয়েহে আমি অনানুষ্ঠানিকভাৱে কিছু কথা আলোচনা কৰিছো। এই বৈঠক গোপন বৈঠক বুলি কব নোৱাৰি। আমি অনানুষ্ঠানিক সাক্ষাত কৰাৰ বাবে গৈছিলো বাবেহে সংবাদমাধ্যমৰ পৰা আতৰি আছিলো।

উল্লেখ কৰা প্ৰয়োজন যে, এই সাক্ষাতৰ সময়ত আছিল আছুৰ সাধাৰণ সম্পাদক-সভাপতিকে ধৰি আছুৰ দুগৰাকী উপদেষ্টাৰ লগতে মুখ্য উপদেষ্টা গৰাকী। আছুৰ সভাপতিগৰাকীয়ে লগতে এই সাক্ষাতক লৈ কোনো সন্দেহ নকৰিবলৈ অসমবাসীক আহ্বান জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in