সিদ্ধান্ত লোৱাৰ পাছত বিবেকক সোধাৰ প্ৰশ্ন নাই, আত্মাক সুধিহে জাতিৰ স্বাৰ্থত সিদ্ধান্ত লৈছোঃ লুৰিণজ্যোতি গগৈ… VIDEO

সিদ্ধান্ত লোৱাৰ পাছত বিবেকক সোধাৰ প্ৰশ্ন নাই, আত্মাক সুধিহে জাতিৰ স্বাৰ্থত সিদ্ধান্ত লৈছোঃ লুৰিণজ্যোতি গগৈ… VIDEO

ডিজিটেল ডেস্কঃ আছু ত্যাগ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে। সকলোকে আৱেগিক কৰি শনিবাৰে আছু ত্যাগ কৰিলে লুৰিণজ্যোতি গগৈয়ে। তেওঁ কয়- 'মই এই দুলীয়াজান অধিৱেশনৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিদায় লব বিচাৰো। নিজৰ বাবে নহয়, জাতিৰ বাবে আছু ত্যাগ কৰিব লৈছো।'

'কা' আন্দোলনৰ ৫জন শ্বহীদক স্মৰণ কৰি তেওঁ কয় যে- 'মোৰ ওপৰত ৰাইজে তীক্ষ্ণ নজৰ ৰাখিব। মই নিজৰ বাবে লোৱা নাই এই সিদ্ধান্ত।' আছু ত্যাগ কৰাৰ কথা ঘোষণা কৰাৰ পাছতে আৱেগিক হৈ পৰে লুৰিণজ্যোতি। জনতাৰ নেতাই সদায় জনতাৰ দৰে ব্যৱহাৰ কৰিব লাগে, কাপুৰুষৰ দৰে ব্যৱহাৰ কৰিব নালাগে বুলিও কয় তেওঁ।

'যদি মই অসম মাতৃৰ সেৱাৰ বাবে আগন্তুক দিনত সুযোগ পাওঁ তেন্তে নিজকে মই ধন্য বুলি গণ্য কৰিম। সেয়াই হ'ব মোৰ জীৱনৰ প্ৰাপ্তি। মই সকলোৰে আগত মোৰ সিদ্ধান্ত ব্যক্ত কৰিলো। মই আগতেই ইয়াৰ ইংগিত দিছিলো। ছাত্ৰ সন্থাৰ প্রথম কাৰ্যনিৰ্বাহক সভাতেই কৈছিলো- ছাত্ৰ সন্থাৰ নতুন নেতৃত্বৰ হাতত আমি দায়িত্ব দিম। আমি কথাৰ কোনো ধৰণৰ ইফাল-সিফাল কৰা নাই। কেৱল এটাই কথা।'- অধিবেশনত এই ঘোষণা কৰে লুৰিণজ্যোতি গগৈয়ে।

উল্লেখ্য যে, ড০ সমুজ্জ্বল ভট্টাচাৰ্যই শনিবাৰে তেওঁ আছু ত্যাগ কৰাৰ সিদ্ধান্ত বৰ্তমান স্থগিত ৰখা হৈছে বুলি সদৰী কৰিছিল। লগতে তেওঁ আছু এৰাৰ সিদ্ধান্ত লৈছিল যদিও, বিবেকক পুনৰ সুধিব বুলি কৈছিল ভট্টাচাৰ্যই। তাৰ বিপৰীতে লুৰিণজ্যোতি গগৈয়ে কয় যে- 'মই সিদ্ধান্ত লোৱাৰ পাছত বিবেকক সোধা নাই, আছু ত্যাগ কৰা সিদ্ধান্ত মোৰ আত্মা-হৃদয়ক সুধিহে জাতিৰ স্বাৰ্থত লৈছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in