৬ নং দফা কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কমিটী গঠন, কি ক’লে আছুৱে…

৬ নং দফা কাৰ্যকৰী কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কমিটী গঠন, কি ক’লে আছুৱে…

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ৬ নং দফাৰ কাৰ্যকৰীৰে খিলঞ্জীয়াক সাংবিধানিক সুৰক্ষা প্ৰদানৰ বাবে অধ্যয়ন আৰু পৰামৰ্শ দানৰ বাবে যিখন কমিটী গঠন কৰি দিছে, সেই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সদৌ অসম ছাত্ৰ সন্থাই। আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এই সন্দৰ্ভত কয়-

'প্ৰথম কথা সাংবিধানিক ৰক্ষাকৱচ আমাক লাগিবই। সেয়া আমাৰ ন্যায্য প্ৰাপ্তি। দ্বিতীয় কথা হ'ল অসম চুক্তি উলংঘা কৰা কোনো কথাই আমি গ্ৰহণ কৰিব নোৱাৰিম। তৃতীয় কথাটো হ'ল- অসমৰ জাতি-জনগোষ্ঠী, জাতীয় সংগঠন,  অসম সাহিত্য সভা, জাতি-জনগোষ্ঠীৰ সাহিত্য সভা, চাহ জনগোষ্ঠী, অসমৰ বিদ্বান সমাজৰ ঐক্যমত্ত ভিত্তিতহে আমি বিষয়টো আগুৱাই নিয়াৰ পক্ষপাতী।

আৰু তেওঁ কয়- 'অসম চুক্তি আছিল এক ত্ৰিপাক্ষিক চুক্তি। বিগত সময়চোৱাতত্ৰিপাক্ষিকভাৱে এই বিষয়টোক লৈ আলোচনা চলিছে। পূৰ্বতে পিল্লাইৰ অধ্যক্ষতাত হোৱাআলোচনাৰ যি আধাৰ আৰু যি সিদ্ধান্ত, সেই ধাৰা আৰু সিদ্ধান্তৰ ভিত্তিতেই এই আলোচনাসন্মান সহকাৰে আগুৱাই নিয়াটো আমি বিচাৰো।'

পূৰ্বতে লোকসভা নিৰ্বাচনৰ পূৰ্বে এখন উচ্চস্তৰীয় কমিটী গঠন কৰিছিল।সেই কমিটীৰ সৈতে জড়িত সকলকো এই কমিটীৰ সৈতে জড়িত কৰাতো আমি বিচাৰো। সেই কমিটীতথকা অসমৰ সমাজ জীৱনৰ স্বনামধন্য লোকসকলকো পুনৰবাৰ এই কমিটীত অন্তৰ্ভুক্তি কৰাতোআমি বিচাৰো বুলি কয় আছু নেতাগৰাকীয়ে।

তেওঁ লগতে সকলো জাতি-জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিব পৰা সাংবিধানিক,ন্যায়িক, অৰ্থনৈতিক, সামাজিক আদি সকলো ধৰণৰ বিষয় পৰ্যালোচনা কৰিব পৰা লোকেৰে এইকমিটী গঠন কৰাৰ পোষকতা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in