গণিত শিক্ষকৰ কু-কৰ্মৰ অচিলাৰে আপুনিও আক্ৰমণ কৰিছিল নেকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ক, বনাইছিল নেকি কাৰ্টুন, আহিব পাৰে বিপদ…

গণিত শিক্ষকৰ কু-কৰ্মৰ অচিলাৰে আপুনিও আক্ৰমণ কৰিছিল নেকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ক, বনাইছিল নেকি কাৰ্টুন, আহিব পাৰে বিপদ…

ডিজিটেল ডেস্কঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এজন শিক্ষকৰ কু কাণ্ডৰ তথ্য পোহৰলৈ অহাৰ পাছতেই বিশ্ববিদ্যালয়ৰখনৰ কৰ্তৃপক্ষই শিক্ষকগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। সেই এজাহাৰৰ ভিত্তিত ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়েও অভিযুক্ত শিক্ষকজনক গ্ৰেপ্তাৰ কৰিছে। তাৰ পাছতো ফেচবুককে ধৰি বিভিন্ন ছ'চিয়েল মাধ্যমত এক দুষ্টচক্ৰই শিক্ষকজনৰ কুকৰ্মৰ গইনা লৈ ঐতিহাসিক বিশ্ববিদ্যালয়খনৰ গুণ গৰিমাত কলংকৰ কালিমা সানি জণমানসত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উঠিছে।

এই সম্পৰ্কত বিশ্ববিদ্যালয়খনক জনমানসত হেয় প্ৰতিপন্ন কৰা বাবে উঠি পৰি লগা লোকসকলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিশ্ববিদ্যালয়খনৰ একাংশ শিক্ষকৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু আছু গোট। দেওবাৰে বিশ্ববিদ্যালয়খনৰ আছু গোটৰ উপদেষ্টা তথা ছাত্ৰ উদ্দীপজ্যোতি গগৈয়ে ডিব্ৰুগড় সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।

বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ তুলি দাখিল কৰা এজাহাৰত উদ্দীপজ্যোতি গগৈয়ে কেবাটাও ফেচবুক পেজ আৰু ব্যক্তিগত একাউন্টৰ বিষয়ে উল্লেখ কৰি পোষ্টৰ স্ক্ৰীণশ্বট গাথি দিয়ে। তেওঁ দিয়া অভিযোগ অনুসৰি AssaMeme, অতপালি ৰোধ, Baba T sada Besi Hol Bey, The Axomiya Guysনামৰ ফেচবুক পেইজ কেইটা আৰু শ্বহীদ হুছেইন, Sekhar Gogoi, Barood Kumar, নষ্ট পখী, Shantanu Kaushik, BiBhuti Dutta, Deb Jit Baruah নামৰ একাউন্ট কেইটাৰ বিৰুদ্ধে উল্লেখ কৰিছে।

এই পেজ তথা একাউন্ট কেইটাৰ পৰা প্ৰকাশ কৰা আপত্তিজনক কেবাটাও পোষ্টৰ স্ক্ৰীণশ্বট সন্নিৱিষ্ট কৰা হৈছে। আনহাতে একাংশ লোকে বিশ্ববিদ্যালয়খনৰ গণিত বিভাগৰ ছাত্ৰীৰ ব্যক্তিত্বক লৈ অপপ্ৰচাৰ তথা আপত্তিজনক পোষ্ট কৰাৰো অভিযোগ উঠিছে।

আনহাতে এনে লোকৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ সভাপতি অংকুৰ প্ৰতিম গগৈৰ নেতৃত্বত আছু গোটৰ কেইবাজনো বিষয়ববীয়াই টীয়ক আৰক্ষী থানাত ছ'চিয়েল মিডিয়াত আপত্তিজনক পোষ্ট দিয়া কেইবাটাও একাউন্টৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। লগতে বিশ্ববিদ্যালয়ৰখনৰ প্ৰতি এনে বিৰূপ মন্তব্য কৰা সকলক ভবিষ্যতে তেনে মন্তব্যৰ পৰা বিৰত থাকিবলৈ সকিয়াই দিছে আছু গোটৰ সভাপতিগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in