ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আছু উপ-সভাপতি চিত্ত ৰঞ্জন বসুমতাৰীক বিদায় সম্বৰ্ধনা…

ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আছু উপ-সভাপতি চিত্ত ৰঞ্জন বসুমতাৰীক বিদায় সম্বৰ্ধনা…

ডিজিটেল সংবাদ,ধেমাজি : সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি চিত্তৰঞ্জন বসুতাৰীয়ে আনুষ্ঠানিক ভাবে যোৱা ১২ ছেপ্তেম্বৰত পদত্যাগ কৰা পিছত সোমবাৰে ধেমাজি জিলা ছাত্ৰ সন্হাৰ উদ্যোগত ধেমাজি ৰাজহুৱা পেক্ষাগৃত আনুষ্ঠানিক ভাবে সোমবাৰে বিদায় সম্বৰ্ধনা জনায় ৷ এই উপলক্ষে বিয়লি ৫ বজাত অনুষ্ঠিত হোৱা সম্বৰ্ধনা সভাখনিৰ আতঁধৰে ধেমাজি জিলা ছাত্ৰ সন্হাৰ সাধাৰন সম্পাদক কল্যান গগৈয়ে ৷
বিগত ২২ বছৰ ধৰি একাদিক্ৰমে সক্ৰিয় ভাবে ছাত্ৰ সন্হাৰ সংগ্ৰামত জৰিয়ত থকা নেতা গৰাকীক বিদায় সম্বৰ্ধনা জনোৱা উদ্দেশ্য অসমৰ বহু কেইখন জিলাৰ পৰা শ শ ছাত্ৰ নেতা কৰ্মী আৰু শুভাকাংক্ষী লোকে আহি ধেমাজিত হয় ৷ গাম্ভীৰ্যতাপূৰ্ণ বিদায়ী সভাখনত উপস্থিত থাকি বিগত দিনত ছাত্ৰ নেতা গৰাকীয়ে কৰি অহা কাৰ্য্যৱলী সম্পৰ্কে সলাগ যাচি ফুলৰ থোপা ,গামোছা আৰু আলিংগনেৰে বিদায় সম্বৰ্ধনা জনাই তেওঁৰ দিঘায়ু কামনা কৰে ৷

সদৌ অসম ছাত্ৰ কেন্দ্ৰীয় সমিতিৰ মন্টুৰাজ বৰুৱা ,গোপাল দাস ধেমাজি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা দ্বয় ভাগ্যবান দলে , সুভাষ বুঢ়া গোহাঁই ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা , সদৌ তাই আহোম ছত্ৰ সন্থৰ উপ-সভাপতি দুলাল বৰুৱা , যুটীয়া সম্পাদক মনোজ গগৈ , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্য্যনিবাহক ৰাতুল বৰগোহাঁই , জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জ্ঞান শৰ্মা সাধাৰন সম্পাদক বিষ্ণু শৰ্মা , অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক দেৱ দাস , জাতীয়তাবাদী মহিলা পৰিষদৰ ধেমাজি জিলা সমিতিৰ বিষয়বৱীয়া কৰ্মকতা সকল , আছুৰ সাংস্কৃতিক সম্পাদক অনিল গগৈ , আছুৰ কেন্দ্ৰীয় কা্ৰ্য্যনিব্বাহক সঞ্জীৱ চাংমাই , উদ্দীপ গগৈ , তিনিচকীয় জিলাৰ আছুৰ সভাপতি সম্পাদক এটা দল , ডিব্ৰুগড় জিলাৰ ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক শংকৰজ্যোতি বৰুৱা ,সভাপতি বুলবুল দত্ত সহ জিলাৰ ১০ খন আঞ্চলিক সমিতিৰ ,শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অসীম দত্ত ,সাধাৰন সম্পাদক সমীৰন ফুকন সহ নাজিয়া মহকুমাৰ ছাত্ৰ সৈতে পাছঁ খন আঞ্চলিক সমিতি ,যোৰহাট জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰন সম্পাদক বিজয় শংকৰ বৰদলৈৰ নেতৃত্বত এটি দল , পূৰ্ব মাজুলি আঞ্চলিক ছাত্ৰ সন্থা , গোলাঘাট জিলা ছাত্ৰ সাধাৰন সম্পাদক প্ৰিন্স দলে সহ এটি দল ,ডিব্ৰুগড় বিশ্ব বিদ্যালয়ৰ আছু গোটৰ বিষয়ববীয়া সকলে উপস্থিত থাকি বক্তব্য প্ৰদান কৰে ৷

সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থকা সদ্য বিদায়ী নেতা চিত্ত ৰঞ্জন বসুমতাৰীয়ে বিদায়ী ভাষনত তেওঁ কয় আজিৰ এই দিনটো নেতাৰ গৰাকীৰ বাবে ঐতিহাসিক মুহূৰ্ত হৈ ৰব ৷ ২২বছৰীয়া দিঘলীয়া ছাত্ৰ সন্হা সংগঠনৰ পৰিক্ৰমাত তেওঁ সদায় ছাত্ৰ সমাজৰ ভবিষ্যতৰ হকে ,ৰাইজৰ উন্নয়নৰ বাবে সবলে আৰু বলিষ্ঠ ভাবে মাত মাতি আহিছিল ৷ আজি ধেমাজি জিলা ছাত্ৰ সন্হাই বিভিন্ন সংগঠন ৰাইজৰ সহযোগত এনে বিশাল সভাৰ জৰিয়তে মোক যি সন্মান দি বিদায় দিছে মই নিজকে গৌৰৱ ও আনন্দিত অনুভৱ কৰিছো ৷ধেমাজি জিলা ছাত্ৰ সন্হা আৰু উক্ত উপস্থিত সংগঠন আৰু ৰাইজে জনোৱা এই সন্মান প্ৰতি মোৰ মনত সদায় সজীৱ হৈ থাকিব উল্লেখ কৰে ৷ বক্তব্যত নেতা গৰাকীয়ে তেওঁৰ জীৱনৰ আটাইতকৈ কঠিন সিদ্ধান্ত টোৱেই আছিল সদৌ অসম ছাত্ৰ সন্থা পবিত্ৰ মঞ্চ খন পৰা বিদায় লোৱাতেই আছিল বুলি কয় ৷সাংবাদিকে সোধা প্ৰশ্ন উত্তৰত প্ৰাক্তন নেতা গৰাকীয়ে আগন্তুক দিনত সদ্য ভূমিষ্ঠ দল অসম জাতীয় পৰিষদ দলৰ আবাহবায়কৰ দায়িত্বত থকা কাম কাজত জৰিয়তে ব্যস্ত থাকিব বুলি জানিবলৈ দিয়ে ৷

উক্ত অসম জাতীয় পৰিষদ দলটো আপোচবিহীন আঞ্চলিক শক্তি , এই ভূমিষ্ঠ দলে অসমৰ বৰ্তমান আৰু ভবিষ্যতকলৈ সদায় কাম পৰি যাব বুলি প্ৰাক্তন নেতা গৰাকীয়ে অৱগত কৰে ৷ ইফালে পুবা ১১ বজাতেই জোনাই আঞ্চলিক ছাত্ৰ সন্হাৰ কাৰ্য্যলয়ৰ পৰা ধেমাজি জিলা ছাত্ৰ সন্হাৰ বিষয়ববীয়া কৰ্মকতা ,বিভিন্ন আঞ্চলিক সমিতি সমূহ আছুৰ কেন্দ্ৰীয় সমিতিৰ বিষয় ববীয়া অসমৰ বহুকেই খন জিলাৰ পৰা অহা ছাত্ৰ সন্থাৰ কৰ্মী সকল ,শুভাকাংক্ষী ৰাইজ ৰ ৫ শতাধিক বাইক- মটৰ চাইকেল আৰু প্ৰায় এক শতাধিকত কৈ গাড়ী য়ে এটি বৃহত ৰেলীয়ে সম্বৰ্ধনা জনায় সন্ধিয়া আহি ধেমাজিত উপস্থিত হয়হি ৷ জোনাই পৰা ধেমাজিলৈ আহোতে টেলেম , ডেকাপাম,চিমেন চাপৰি,ডিমৌ , চিলাপথাৰ, চিচিবৰগাঁও,শ্ৰীপানী,আৰু মৰিধলত ৰাইজে গায়ন- বায়নেৰে শুভেচ্ছা জনাই বিদায় সম্বৰ্ধনা জনায় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in