উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ উৰিয়ামঘাট আৰ্দশ চিকিৎসালয়ৰ কোৱাৰেন্টাইনৰ বাবে খাদ্য সামগ্ৰী প্ৰদান

উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ উৰিয়ামঘাট আৰ্দশ চিকিৎসালয়ৰ কোৱাৰেন্টাইনৰ বাবে খাদ্য সামগ্ৰী প্ৰদান

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ কোভিড'১৯ৰ বাবে বহিঃৰাজ্যৰ বিভিন্ন উদ্যোগত ৰ্কমৰত যুৱকসকল নিজ মাতৃভূমি অসমলৈ ওভতি আহিছে। উৰিয়ামঘাট থানাৰ অন্তৰ্গত কেইবাজনো লোক আহি আৰ্দশ চিকিৎসালয়ৰ কোৱাৰেণ্টাইন ৱাৰ্ডত আছে। তেওঁলোকৰ বাবে প্ৰশাসনে খাদ্য সামগ্ৰী যোগান ধৰিছে যদিও উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই তেওঁলোকক বাবে খাদ্য সামগ্ৰী প্ৰদান কৰে। বহিঃ ৰাজ্যৰ ভিন্ন স্থানত আৱদ্ধ হৈ থকা লোকসকলক অসম চৰকাৰৰ তত্বাৱধানত বিশেষ ৰেলযোগে নিজ ৰাজলৈ অনাৰ ব্যৱস্থা কৰা হৈছে।

ধনশিৰি মহকুমাৰ উৰিয়ামঘাট আৰ্দশ চিকিৎলায়ত থকা বহিঃ ৰাজ্যৰ পৰা অহা লোকসকলৰ কোৱাৰেণ্টাইন চেণ্টাৰটোত বাবে খাদ্য সামগ্ৰী প্ৰদান কৰা আছুৰ সজাঁতি দলটোৱে উৰিয়ামঘাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ৰুহিনী গগৈৰ নেতৃত্বত প্ৰদান কৰে। উল্লেখ্য যে, চাউল, দাইল, কণী আলু, আৰু চাবুন গ্ৰহণ কৰি চিকিৎসালয়খনৰ অধীক্ষকে ধন্যবাদ জ্ঞাপন কৰে।

উপস্থিত থকা ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধিশে আছুক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সজাগ আৰু সচেতন হ'বৰ বাবে আহ্বান জনায়। উল্লেখ্য যে, খাদ্য সামগ্ৰী প্ৰদান কৰাৰ লগতে চিকিৎসালয়খনৰ অধীক্ষক আৰু আৰু সীমান্ত দণ্ডাধীশক কোৰোনাৰ বিৰুদ্ধে যুঁজ দি থকাৰ বাবে গামোছাৰে সম্বৰ্ধনা জনোৱাৰ উপৰিও ধন্যবাদ জ্ঞাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in