আছুৰ মুৰ্গী ফাৰ্মত দৈনিক উৎপাদন লক্ষাধিক কণী

আছুৰ মুৰ্গী ফাৰ্মত দৈনিক উৎপাদন লক্ষাধিক কণী

ডিজিটেল ডেস্কঃ যি সময়ত পেট্ৰ'ল-ডিজেল-ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে সাধাৰণ নাগৰিকক দিশহাৰা কৰি তুলিছে সেই সময়ত কৃষক মুক্তিকে ধৰি ৰাজ্যৰ কেইবাটাও দল-সংগঠন তৎপৰ হৈ পৰিছে প্ৰতিবাদত।

তাৰ সমান্তৰালকৈ এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি এক প্ৰতিবাদমুখৰ পৰিৱেশে গা কৰি উঠিছে। ৰাজ্যৰ জাতীয় দল-সংগঠনসমূহে এই সন্ধিক্ষণত মাত নামাতিলে এক ভয়ংকৰ ভৱিষ্যতৰ ফালে গতি কৰিব অসম আৰু অসমীয়াৰ লগতে জাতি-মাটি-ভেটিৰ অস্তিত্ব।

সেই প্ৰতিবাদী সত্বাৰ মাজতে এক অৰ্থনৈতিক কাৰ্যসূচীৰে ৰাজ্যত নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ মাজত কৰ্ম সংস্কৃতিৰ পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াস কৰিছে আছুৱে। অসমৰ পৰা বছৰি প্ৰায় ১৫০০ কোটি টকা বাহিৰলৈ যায় কণী আমদানী কৰাৰ নামত। একেদৰে মাছ আমদানী কৰাৰ নামতো বছৰি ৰাজ্যৰ বাহিৰলৈ যায় ৩০০০ হাজাৰ কোটি টকা।

আছুৰ উদ্যোগত ইতিমধ্যে কণী উৎপাদনৰ বাবে এক আন্দোলন গঢ় লৈ উঠিছে উজনি অসমত। এতিয়ালৈকে ৫ খন মুৰ্গী ফাৰ্মত আছুৰ পৃষ্ঠপোষকতাত প্ৰায় প্ৰতিদিনে এক লাখৰো অধিক কণী উৎপাদন কৰাৰ লগতে ইয়াত নিয়োজিত হৈছে স্থানীয় যুৱকসকল।

কাকপথাৰত থকা এই মুৰ্গী ফাৰ্মত প্ৰতিদিনে ৩০ হাজাৰ, তিনিচুকীয়াত থকা ২খন মুৰ্গী ফাৰ্মত ১০ হাজাৰ, দুলীয়াজানত থকা এখন মুৰ্গী ফাৰ্মত ৩ হাজাৰ আৰু মৰাণৰ মুৰ্গী ফাৰ্মত সৰ্বাধিক কণী উৎপাদন হয়। এই উৎপাদিত কণীয়ে পূৰণ কৰিছে উজনি অসমৰ কণীৰ চাহিদা।

আছুৰ ইতিহাসত এয়া প্ৰথম সফল আৰু বাস্তবমুখী অৰ্থনৈতিক কৰ্মসূচী বুলিব পাৰি। ৬ষ্ঠ খন কণী উৎপাদন মুৰ্গীৰ ফাৰ্ম আছুৱে উদ্বোধন কৰিব যোৰহাটত। ইয়াৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে আৰু শনিবাৰে আনুষ্ঠানিকভাৱে এই ফাৰ্মখন মুকলি কৰা হ'ব।

আছুৱে উজনি অসমত কণী, মধ্য অসমত গামোচা আৰু নামনি অসমত মাছক লৈ গ্ৰহণ কৰা এই অৰ্থনৈতিক কাৰ্যসূচীয়ে ৰাজ্যৰ জাতীয় অৰ্থনীতিক টনকিয়াল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। অৱশ্যে দুই এক অপশক্তিয়ে আছুৰ এই কাৰ্যসূচীত প্ৰতিবন্ধকতাৰ চেষ্টা চলাইছে।

জাতীয় অৰ্থনীতিৰ লগতে জাতীয় স্বাৰ্থত মাত মতাৰ প্ৰয়োজন এতিয়া। এই কৰ্ম আঁচনি ৰূপায়নৰ সমান্তৰালভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক, মূল্যবৃদ্ধি আদি ৰাজ্যৰ গুৰুত্বপূৰ্ণ সমস্যাবোৰৰ প্ৰতি আছুৰ নেতৃত্ব কিছু উদাস হোৱা বুলিও চৰ্চা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in