প্ৰাক্তন আছুকৰ্মীৰ বিৰুদ্ধে এন‌আৰচিত আপত্তিৰ অভিযোগ…

প্ৰাক্তন আছুকৰ্মীৰ বিৰুদ্ধে এন‌আৰচিত আপত্তিৰ অভিযোগ…

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ আপত্তি প্ৰক্ৰিয়া চলি থকাৰ মাজতে দেওবাৰে এক অভিযোগ উত্থাপন কৰে এবিএমছুৰ ভেৰগাওঁ জিলা সমিতিয়ে। এক প্ৰেছ বিবৃতিৰ জৰিয়তে সংগঠনটোৱে জনাই যে এন‌আৰচি সন্দৰ্ভত একাংশ জাতীয় দল-সংগঠনে ভুৱা অভিযোগ উত্থাপন কৰি সংখ্যালঘু লোকক শাৰিৰীক, মানসিক আৰু আৰ্থিকভাৱে হাৰাশাস্তি কৰি শুদ্ধ এন‌আৰচি প্ৰস্তুতকৰণত বাধাৰ সৃষ্টি কৰিছে।

সংগঠনটোৱে বিবৃতিটোত উল্লেখ কৰি কয় যে সমগ্ৰ অসমৰ লগতে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা অৱসৰ প্ৰাপ্ত শিক্ষক, প্ৰাক্তন আছুকৰ্মী তথা বিভিন্ন সমাজৰ নেতৃস্থানীয় ব্যক্তিৰ বিৰুদ্ধে এক বিশেষ জাতীয় সংগঠনৰ সদস্য‌ই ভুৱা অভিযোগ দাখিল কৰিছে। কিন্তু বহুসময়ত অভিযোগকাৰীসকলেই সাক্ষ্য গ্ৰহণত উপস্থিত নথকাত এই আপত্তিসমূহ ভুৱা বুলি প্ৰমাণিত হৈছে। লগতে এবিএমছুৱে উক্ত জাতীয় সংগঠনটোৰ ওদালগুৰি জিলা সমিতিক স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাইছে। কিন্তু কেৱল উপাধিৰ ভিত্তিতেই একাংশ প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি কৰা সস্থ্য কৰা নহ'ব বুলি সকীয়নি প্ৰদান কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বদ্ধ পৰিকৰ বুলি বিবৃতিটোত উল্লেখ কৰে।

লগতে এবিএমছুৱে কয় যে জাতীয় সংগঠনটোৰ এনে অদূৰদৰ্শী কাণ্ড‌ই বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিব বুলিও উল্লেখ কৰে। উল্লেখ্য যে এসময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ মঙ্গলদৈ (অবিভক্ত দৰং) মহকুমাৰ সভাপতি, প্ৰাক্তন নেতা তথা অৱসৰপ্ৰাপ্ত কলাইগাওঁ এম‌ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষক ছিদ্দিক আলীৰ বিৰুদ্ধে এটা জাতীয় সংগঠনৰ ওদালগুৰি জিলাৰ কলাইগাওঁ আঞ্চলিক সমিতিৰ এজন সদস্য‌ই এন‌আৰচিৰ আপত্তি দাখিল কৰিছিল। বিবৃতিটোত সংগঠনটোৱে লগতে এই কাৰ্যক গৰিহনা দিয়াৰ লগতে ভুৱা আপত্তিসমূহ খাৰিজৰ দাবী উত্থাপন কৰি ভেৰগাওঁ জিলা এবিএমছুৰ সাধাৰণ সম্পাদক চাহিল আনোৱাৰ স্বাক্ষৰিত এক বিবৃতি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in