ভাষা আৰু পৰীক্ষা সন্দৰ্ভত ছেবাৰ অধ্যক্ষ আৰু সচিবৰে আছুৰ আলোচনা…

ভাষা আৰু পৰীক্ষা সন্দৰ্ভত ছেবাৰ অধ্যক্ষ আৰু সচিবৰে আছুৰ আলোচনা…

ডিজিটেল ডেস্ক : মঙলবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ এটি প্ৰতিনিধি দলে অসম মাধ্যমিক শিক্ষা পৰিষদ আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কতৃপক্ষৰ সতে এক আলোচনাত মিলিত হয় ।ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু সচিব সুৰঞ্জনা সেনাপতি প্ৰমুখ্যে ছেবাৰ বিষয়ববীয়া সকলৰ সৈতে আলোচনাত মিলিত হয় আছু ।

উল্লেখ্য যে ১২ এপ্ৰিলত ছেবাই জাৰি কৰা অসমীয়া ভাষা বিষয়ক এক জাননীয়ে বিতৰ্কৰ সূত্ৰপাত কৰিছিল । উক্ত জাননীক সদৌ অসম ছাত্ৰ সন্থাই অসমীয়া ভাষা বিৰোধী,অসম বিৰোধী আখ্যা দিছিল । তাৰ পিছতে এই জাননী স্থগিত ৰাখে ছেবাই ।

এই সন্দৰ্ভত আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিত যোগে কয় যে – অসমীয়া ভাষাৰ ক্ষেত্ৰত ছাত্ৰ সন্থা,শিক্ষাবিদ আৰু ছেবা কতৃপক্ষৰ মাজত হোৱা পূৰ্বৰ আলোচনাৰ নীতিগত সিদ্ধান্ত বাহাল থাকিব লাগে ।

সেইমৰ্মে, ছেবাৰ অধীনত অধ্যয়নৰত যিসকল ছাত্ৰ- ছাত্ৰীৰ মাতৃভাষা অসমীয়া তেওঁলোকে অসমীয়া বিষয়ত উত্তীৰ্ণ নহোৱাকৈ শিক্ষান্ত পৰীক্ষাত কৃতকাৰ্য হ'ব নোৱাৰে । বৰঞ্চ অন্যান্য মাতৃভাষা কোৱা ছাত্ৰ-ছাত্ৰীয়েও ইচ্ছা কৰিলে অসমীয়াটো এটা বিষয় হিচাপে লৈ অধ্যয়ন কৰিব পাৰিব লাগিব । ছেবাৰ অধ্যক্ষই বিষয়টো সন্দৰ্ভত ছাত্ৰ সন্থাৰ বক্তব্য শুনে আৰু দাবী সমূহ কাৰ্যকৰীকৰণ দিশত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰে ।

হাইস্কুল শিক্ষান্ত পৰীক্ষা আু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভতো ছেবা আৰু কাউণ্সিলৰ সৈতে পৃথকে পৃথকে আলোচনা কৰে । আছুৰ এই সন্দৰ্ভত স্পষ্ট মত যে ছাত্ৰ-ছাত্ৰীৰ বহুমূলীয়া শিক্ষাবৰ্ষ কোনো কাৰনতে নষ্ট হ'ব নালাগিব আৰু একেসময়তে ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি আহিব নালাগিব । এই ক্ষেত্ৰত উচিত সিদ্ধান্ত লোৱাৰ আহ্বান আছুৰ ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in