অসমীয়া নতুন বৰ্ষক আদৰিব ওদালগুৰি আছু-সাহিত্য সভাই

অসমীয়া নতুন বৰ্ষক আদৰিব ওদালগুৰি আছু-সাহিত্য সভাই

ডিজিটেল সংবাদ, ওদালগুৰিঃ আগন্তুক অসমীয়া নতুন বৰ্ষটিক আদৰাৰ উদ্দেশ্যে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু ওদালগুৰি সাহিত্য সভাই পৃথকে পৃথকে আয়োজন কৰিছে বিভিন্ন কাৰ্যসূচী। বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থাই পহিলা ব'হাগৰ দিনটোত জ্যোষ্ঠজনক সেৱা জনোৱাৰ উদ্দেশ্যে এক বিশেষ কাৰ্যসূচী আয়োজন কৰিছে। উক্ত দিনৰ পুৱা ১০:৩০ বজাত সংগঠনটোৰ ওদালগুৰি শ্বহীদ ভৱনত এই কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সংগঠনটোৰ সভাপতি-সম্পাদক ক্ৰমে অভিজিৎ এছ কাশ্যপ আৰু ৰাজদ্বীপ দাসে জানিবলৈ দিয়ে।

ইফালে ওদালগুৰি সাহিত্য সভায়ো তেওঁলোকৰ নিজা সভা ভৱনত পহিলা ব'হাগৰ দিনটোত 'নিজৰ দিন' শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰিছে। সেই অনুসৰি পহিলা ব'হাগৰ পুৱা ৯ বজাত সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব ওদালগুৰি সাহিত্য সভাৰ সভাপতি বীণাপাণি দেৱীয়ে, ৯:১৫ বজাত স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰিব ওদালগুৰি সাহিত্য সভাৰ উপ-সভাপতি প্ৰমোদ বৈশ্য‌ই, ৯:৩০ বজাত অন্তৰঙ্গ আলাপৰ অনুষ্ঠান, ১০:৩০ বজাত সম্বৰ্ধনা অনুষ্ঠানৰ লগতে বিহু দলৰ দ্বাৰা বিহু নৃত্য প্ৰদৰ্শন। এনেদৰে ওদালগুৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু ওদালগুৰি সাহিত্য সভাই পহিলা ব'হাগৰ দিনটোত পৃথকে পৃথকে আয়োজন কৰিছে বিভিন্ন কাৰ্যসূচী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in