অবৈধ বাংলাদেশীৰ ওচৰত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে কোনো অসমবাসী জীয়াই নাথাকেঃ সমুজ্জল ভট্টাচাৰ্য, VIDEO

অবৈধ বাংলাদেশীৰ ওচৰত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে কোনো অসমবাসী জীয়াই নাথাকেঃ সমুজ্জল ভট্টাচাৰ্য, VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ আমি বিজেপি চৰকাৰৰ সিদ্ধান্ত মানি নলও। প্ৰায় ৪৩ বছৰৰ অবৈধ বাংলাদেশীৰ বোজা আমাৰ ওপৰত জাপি দিব বিচৰা হৈছে। ১৯৭১ চনৰ পিছৰ এজনো হিন্দু বা বাংলাদেশী অবৈধ নাগৰিকৰ বোজা অসমে ল'ব নোৱাৰে আৰু নলয়। সোমবাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি এই মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই। লগতে নেতাগৰাকীয়ে কয়, অবৈধ বাংলাদেশীৰ ওচৰত দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে কোনো অসমবাসী জীয়াই নাথাকে।

অসমত চৰকাৰে খিলঞ্জীয়া মানুহৰ ওপৰত নিজৰ মাটি-ভেটিৰ নিয়ন্ত্ৰন নোহোৱা কৰিব বিচাৰিছে। অসমত খিলঞ্জীয়া লোকৰ প্ৰভূত্ব ৰক্ষা হ'বই লাগিব বুলি উল্লেখ কৰি লগতে সমুজ্জল ভট্টাচাৰ্যই কয়, চৰকাৰক বাংলাদেশীৰ ভোট লাগে। আমি তেওঁলোকক সেই কাম কৰিবলৈ নিদিও। অসমৰ ৰাইজে জনবিৰোধী কাম কৰিলে চৰকাৰৰ বিৰুদ্ধে জাগি উঠিব। আমাৰ ওপৰত সিদ্ধান্ত জাপি দিলে আমি কিয় মানি ল'ম।

ইফালে প্ৰতিবাদ সাব্যস্ত কৰি নেতাগৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে মন্তব্য কৰি কয়, উত্তৰ পূবৰ সকলো লোক ওলাই আহিছে। আজি কোনো লোকে ৰৈ নাথাকে। এতিয়াৰ ৰাজনৈতিক দলসমূহক অবৈধ হিন্দু- মুছলমান বাংলাদেশীৰ ভোট লাগে। উত্তৰ পূবৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ ৰক্ষা হ'বই লাগিব।

উল্লেখ্য যে, সোমবাৰে সদৌ অসম ছাত্ৰ সন্থা আৰু উত্তৰ পূব ছাত্ৰ সংগঠনৰ নেতৃত্বত সমগ্ৰ উত্তৰ পূবাঞ্চলতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাৰ সাব্যস্ত কৰা হয়। গুৱাহাটীত ছহিদ ভৱনৰ পৰা ৰাজভৱনলৈ আছুৱে প্ৰতিবাদী সমদল উলিয়ায়। এই প্ৰতিবাদত অংশ লয় লিখক, সাংবাদিকৰ পৰা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে। সকলো লোকে একেমুখে চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে জাপি দিব নোৱাৰিব বুলি মন্তব্য কৰে।

প্ৰতিবাদত ভাগ লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয়, নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে গ্ৰহণ কৰিব নোৱাৰি। অসমৰ ৰাইজে অবৈধ বিদেশীৰ বোজা জাপি দিয়াতো নিবিচাৰে। চৰকাৰ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ গাদী ৰক্ষাৰ বাবে এইক্ষেত্ৰত কোনো মাত মতা নাই। ছাত্ৰ নেতাগৰাকীয়ে লগতে কয়, নিজৰ ৰাজনৈতিক স্থিতি সুৰক্ষিত কৰি ৰখাৰ বাবেই অসমৰ বাবে ভয়াৱহ ভৱিষ্যতৰ সংকেট দিয়া নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধ কৰা নাই একাংশ ৰাজনৈতিক নেতাই।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিষয়ে জানিও বিধেয়কখন গৃহীত কৰাৰ সপক্ষে ৰাজনৈতিক নেতাই মত দিছে বুলি কৈ এই কথা অতি হাস্যকৰ বুলি উল্লেখ কৰে। ছাত্ৰ নেতাগৰাকীয়ে কয় যে, দিল্লীৰ ওচৰত বিক্ৰী গৈছে একাংশ ৰাজনৈতিক নেতা। ক্ষমতাৰ ৰাগীত এইসকল ৰাজনৈতিক নেতা মতলীয়া হৈ আছে বুলিও মন্তব্য কৰে ছাত্ৰ নেতাগৰাকীয়ে।

মহানগৰীৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ভাগ লয় আছু আৰু নেছ'ৰ এই প্ৰতিবাদী কাৰ্যসূচীত। সকলোৱে প্ৰতিবাদত ভাগ লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্লোগান দিয়ে। এই কাৰ্যসূচীত ভাগ লৈ আছুৰ সভাপতি দীপাংকৰ কুমাৰ নাথে ক্ষমতাৰ বাবে অসমৰ একাংশ ৰাজনৈতিক নেতাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কোনো মন্তব্য কৰা নাই বুলি উল্লেখ কৰে। তেওঁ কয়, ৰাইজৰ পক্ষত থাকি সদায় সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in