এন.এইচ.পি.চিৰ বিৰুদ্ধে আন্দোলন ঘোষণা ধেমাজি জিলা আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ…

এন.এইচ.পি.চিৰ বিৰুদ্ধে আন্দোলন ঘোষণা ধেমাজি জিলা আছু আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ…

ডিজিটেল সংবাদ ,ধেমাজি : নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান এন এইচ পি চি কতৃপক্ষই দল সংগঠন তথা ৰাইজৰ প্ৰতিবাদী কণ্ঠক আওকাণ কৰি নদীবান্ধৰ কাম অব্যাহত ৰখাত জাঙুৰ খাই উঠিছে ধেমাজি জিলা ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ ধেমাজি জিলা সমিতিয়ে । ল'কডাউনৰ সময় চোৱাত ঘৰৰ মানুহে ভিতৰত আবদ্ধ হৈ থাকিব লগীযা হোৱা আৰু চৰকাৰৰ কঠোৰ সান্ধ্য আইন বলবৎ হৈ থকা পিছতো কেনেধৰনৰ সুবিধা গ্ৰহন কৰি এন এইচ পিৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান টোৱে বান্ধৰ সকলো প্ৰয়োজনীয় সামগ্ৰী সমূহ ধাৰাবাহিক ভাবে পৰিবহণৰ ব্যৱস্থা অব্যাহত আছিল ই এক তাৎপৰ্য বিষয় হৈ পৰিছে ৷

উল্লেখ যোগ্য যে কাতি বিহুৰ সুবিধাৰ গইনা লৈ এন এইচ পি চিৰ বৃহৎ বৃহৎ যন্ত্রাংশ কঢ়িওৱা নখনকৈ বাহন প্ৰকল্প চৌহদলৈ অনা তথ্য পোহৰলৈ আহিছে ৷ নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পই ইতিমধ্যে নিৰ্মান কৰি থকা বান্ধৰ বাবে নামনি অঞ্চলত বসবাস কৰা ৰাইজৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা উপৰিও এই অঞ্চলত নিৰ্মান কৰা বৃহৎ নদীবান্ধ সুৰক্ষিত নহয় বুলি বিশেষজ্ঞ সমিতিয়ে প্ৰতিবেদনত উল্লেখ পৰা পিছতো বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনকো ভেঙুচালি কৰি অবাধে সামগ্ৰী কঢ়িয়াই আছে ৷ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপক শৰ্মা আৰু সাধাৰন সম্পাদক কল্যান গগৈ আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা আৰু সাধাৰন সম্পাদক বিষ্ণু শৰ্মাই কেন্দ্ৰৰ আৰু ৰাজ্যৰ বিজেপি চৰকাৰৰ পৃষ্টপোষকতাত চূড়ান্ত মইমতালিৰে নিৰ্মাণ কাৰ্য অব্যাহত ৰখাৰ বিৰুদ্ধে অহা কাইলৈ পৰা তিনি দিনীয়া নিৰ্মাণ সামগ্ৰী অৱৰোধ কৰাৰ কথা ঘোষণা কৰিছে সংগঠন দুটাই ।

ধেমাজি জিলা ছাত্র সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ ধেমাজি জিলা সমিতিৰ দুই সংগঠনে কৰা অভিযোগত বাৰিষাৰ সময়ত নিজে বনোৱা গাৰ্ড ৱাল কেইখনকে সুৰক্ষিত কৰি ৰাখিব নোৱাৰা প্ৰতিষ্ঠান টোৱে নামনি বাসী ৰাইজক কেনেকৈ নিৰাপত্তা দিব, বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনত ভাৰত চৰকাৰ-অসম চৰকাৰ- অসমৰ দল সংগঠন সমূহৰ মাজত নতুন দিল্লীত হোৱা ত্ৰিপাক্ষিক বৈঠকৰ সিদ্ধান্ত কাৰ্যকৰী নকৰা লৈকে বান্ধৰ নিৰ্মাণ বন্ধই ৰাখিব লাগিব উল্লেখ থকা পিছতো জোৰ জোলোম কৰি যদি এন এইচ পি চিয়ে কাম আগবঢ়াই নিব বিচাৰে, তেন্তে পৰিস্থিতি যে কিমান ভয়াবহ হ'ব পাৰে তাৰ বাবে নিৰ্মাণকাৰী প্ৰতিষ্ঠান আৰু শাসনাধিষ্ঠ বিজেপি চৰকাৰ খনে ইয়াৰ বাবে জগৰীয়া হ'ব ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in