শেহতীয়া খবৰ
ৰাহুল গান্ধী-প্ৰিয়ংকা গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বাবে আদালতত আবেদন…  •  চপাৰা-চপৰে খহা গাঁতৰ বাবে যাতায়তৰ অনুপযোগী নগাঁও-বটদ্রৱা সংযোগী পথঃ আগন্তুক দৌল মহোৎসৱৰ পূৰ্বে মেৰামতিৰ দাবী দল সংগঠনৰ  •  চামগুৰিত বনৰৌ উদ্ধাৰ  •  নাজিৰাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীত উত্তপ্ত পৰিস্থিতি, মন্ত্ৰীৰ কনভয়ৰ সন্মুখত ৰৈ প্ৰতিবাদ বিধায়ক দেৱব্ৰত শইকীয়াৰ...  •  চৰকাৰ আকোৰগোজ, আৰম্ভ কৰিবই ৰহাৰ টোলগেট! জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, VIDEO  •  দিল্লীৰ ৰাজপথত বন্দুক টোঁৱাই সন্ত্ৰাস চলোৱা কোন এই শ্বাহৰুখ…  •  ভুল তথ্য দাখিল গোচৰত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়ালৈ উচ্চ ন্যায়ালয়ৰ জাননী…  •  ন’ পাৰ্কিঙত ৰখোৱা বিধায়কৰ গাড়ীত হুইল ক্লেম ল’ক লগোৱা বিষ্ণু বৰাক প্ৰশংসা আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ  •  কৃষ্ণাইত ট্ৰেক্টৰ-ডাম্পাৰৰ দৌৰাত্ম্য, আৰক্ষীৰ ৰহস্যজনক ভূমিকা  •  ইটানগৰত ১২ ঘন্টীয়া বন্ধৰ সময়ত হিংসাত্মক ঘটনা, প্ৰতিবাদকাৰীয়ে ভাঙিলে কেবাখনো বিলাসী বাহনৰ গ্লাছ...

‘ৰাইজ আজি ৰাজপথত সৰ্বা তোমাৰ লাজ নাই’, সৰুপথাৰত আছুৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ, VIDEO

97

ডিজিটেল সংবাদ, সৰুপথাৰঃ ধনশিৰি মহকুমা ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সৰুপথাৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে শনিবাৰে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয়। সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা সৰুপথাৰ নগৰৰ মাজ মজিয়ালৈ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে “জাতিধংসী কেব আমি নামানো”, “অসমীয়া ভাষা সংস্কৃতিত আঘাত সনা কেব আমি নামানো”, “ৰাইজ আজি ৰাজপথত সৰ্বা তোমাৰ লাজ নাই”, “শ্ৰেণী কোঠাত পঢ়ি যাম আন্দোলনো আমি কৰি যাম” আদি শ্লোগান দি সৰুপথাৰ নগৰৰ মাজেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ধনশিৰি মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আহি পদসভা অনুষ্ঠিত কৰি তেওঁলোকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত ধনশিৰি মহকুমা চুতীয়া ছাত্ৰ সন্থা, সৰুপথাৰ শাখা সাহিত্য সভা, ধনশিৰি মহকুমা টাই আহোম ছাত্ৰ সন্থা, জ্যেষ্ঠ নাগৰিক সন্থা আদিয়ে সহযোগ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি