বুধবাৰৰ পৰা আৰম্ভ সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ সাধাৰণ অধিবেশন…

বুধবাৰৰ পৰা আৰম্ভ সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ সাধাৰণ অধিবেশন…

ডিজিটেল ডেস্কঃ সদৌ অসম ছাত্ৰসন্থাৰ সপ্তদশ সাধাৰণ অধিৱেশনখন বুধবাৰে অনুষ্ঠিত হ'ব। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ উদ্যোগত , দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা আৰু দুলীয়াজানবাসী ৰাইজৰ সহযোগত তৈলনগৰী দুলীয়াজানৰ ছলাকটকী ৰাজহুৱা খেলপথাৰত এই অধিবেশন অনুষ্ঠিত হ'ব।

সদৌ অসম ছাত্ৰ সন্থাৰ এই সপ্তদশ অধিবেশনত অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ লগতে প্ৰতিখন জিলাৰ ছাত্ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।উল্লেখ্য যে ৪ দিনীয়াকৈ অনুষ্ঠিত হব লগা এই অধিৱেশনত মূলতঃ সাংস্কৃতিক শোভাযাত্ৰা, গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী, মুকলি সভা, সাংস্কৃতিক সন্ধ্যাৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হ'ব। অধিৱেশন খনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ড০ সুৰেন্দ্ৰ নাথ গগৈ, কাৰ্যকৰী সভাপতি অনিল গগৈ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in