অভিনেতা ৰাহুল ৰয়ৰ ব্ৰেইন ষ্ট্ৰ’ক, মুম্বাইৰ হাস্পতালত ভৰ্তি…

অভিনেতা ৰাহুল ৰয়ৰ ব্ৰেইন ষ্ট্ৰ’ক, মুম্বাইৰ হাস্পতালত ভৰ্তি…

ডিজিটেল ডেস্কঃ ছুপাৰ হিট ছবি 'আশ্বিকী'ত অভিনয় কৰা অভিনেতা ৰাহুল ৰয়ৰ ব্ৰেইন ষ্ট্ৰক হৈছে। এলএচিঃ লিভ দ্য বেটল নামৰ ছবিখনৰ কাৰ্গিলত হৈ থকা শ্বুটিঙৰ সময়তে তেওঁৰ ব্ৰেইন ষ্ট্ৰক হয়। অভিনেতাগৰাকীক ইতিমধ্যে মুম্বাইৰ নানাৱতী হাস্পতালত ভৰ্তি কৰা হৈছে।

উল্লেখ্য যে, তেওঁৰ ব্ৰেইন ষ্ট্ৰক হোৱা সময়তে তেওঁক প্রথম শ্ৰীনগৰলৈ লৈ যোৱা হয়। আৰু তাৰপাছত উন্নত চিকিৎসাৰ বাবে মুম্বাইলৈ লৈ অহা হয় ৰাহুল ৰয়ক। অৱশ্যে ৫২ বছৰীয়া অভিনেতা গৰাকীৰ ইতিমধ্যে কোভিড টেষ্ট কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in