১৩ জুলাইৰ পৰা ওদালগুৰিত আপকুৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনৰ…

১৩ জুলাইৰ পৰা ওদালগুৰিত আপকুৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনৰ…

ডিজিটেল সংবাদ, ওদালগুৰিঃ আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশনখনি কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে ওদালগুৰি চহৰৰ মাজমজিয়াৰ স্থানীয় বিষ্ণুৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত অনুষ্ঠিত হব। অধিৱেশনখনিৰ কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱা ৯:৩০ বজাত পতাকা উত্তোলন কৰিব কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ সিঙে, পুৱা ১০ বজাত শ্বহীদ তৰ্পন কাৰ্যসূচীত তৰ্পক হিচাপে উপস্থিত থাকিব কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি-সাধাৰণ সম্পাদক ক্ৰমে মৌচম জ্যোতি বৈশ্য আৰু হেমন্ত শইকীয়া।

দিনৰ ১০:৩০ বজাত প্ৰতিনিধিসকলক ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী পৰ্য্যটনস্থলী ভৈৰৱকুণ্ড পৰিদৰ্শন, ১১বজাত চিত্ৰাঙ্কন প্ৰতিযোগিতা, আবেলি ৪ বজাত প্ৰতিনিধি সভা উদ্বোধন কৰিব আদৰণি সমিতিৰ সভাপতি তথা অসমৰ কেৱিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে। দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি দেওবাৰে পুৱা ১০ বজাত অনুস্থিত হবলগীয়া সাংবাদিক কৰ্মশালাখনি উদ্বোধন কৰিব আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি গৌতম জ্যোতি তালুকদাৰে। কৰ্মশালাখনিত প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক নৱ ঠাকুৰীয়া, আমাৰ অসম কাকতৰ বাৰ্তা সম্পাদক গৌতম শৰ্মা। দিনৰ ১ বজাত মুকলি সভা উদ্বোধন কৰিব বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে।

মুকলি সভাৰ সভাপতিত্ব কৰিব আপকুৰ সভাপতি মনোজ সিঙে, আদৰণি ভাষণ ৰাখিব আদৰণি সমিতিৰ সভাপতি ৰিহন দৈমাৰীয়ে, মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী, নিৰ্দ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব বিশিষ্ট সাংবাদিক অচ্যুৎ পাটোৱাৰী। মুকলি সভাৰ মাজতে স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক তথা সাদিন কাকতৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰীয়ে।

মুকলি সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰিব মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো, বিটিচি ইএম অলিন্দ্ৰ কুমাৰ মোছাহাৰী, জগদ্বীশ সৰকাৰ, শ্যাম চুণ্ডী, ওদালগুৰি পৌৰসভাৰ পৌৰপতি ৰিপেন দৈমাৰী, জিলা উপায়ুক্ত দিলীপ কুমাৰ দাস, জিলা আৰক্ষী অধীক্ষক লংণিত টেৰাং, অসমৰ জনসংযোগ বিভাগৰ সঞ্চালক অনুপম চৌধুৰী। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব ওদালগুৰি জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰিজেন্দ্ৰ নাথ ব্ৰহ্ম চৌধুৰী, ভেৰগাওঁ মহকুমাৰ মহকুমাধিপতি গকুল চন্দ্ৰ ব্ৰহ্মৰ লগতে বিভিন্ন ছাত্ৰ সংগঠন, সাহিত্য সভা, সাংবাদিক সন্থাৰ বিষয়বৱীয়াসকল। সমূহ কাৰ্যসূচীতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা আপকুৰ প্ৰতিনিধিসকলৰ উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে আদৰণি সমিতিৰ হৈ সভাপতি-সম্পাদক ক্ৰমে ৰিহন দৈমাৰী আৰু গুণজিৎ দাসে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in