আং ছান ছ্যু-কীৰ সন্মান ঘূৰাই ল’লে এমনেষ্টিয়ে

আং ছান ছ্যু-কীৰ সন্মান ঘূৰাই ল’লে এমনেষ্টিয়ে

ডিজিটেল ডেস্কঃ শান্তিৰ বাণীৰে এসময়ত সমগ্ৰ বিশ্ববাসীৰ হৃদয় জিনিবলৈ সমৰ্থ হোৱা ম্যানমাৰৰ নেত্ৰী আং ছান চ্যু-কীৰ শেহতীয়া কৰ্ম-কাণ্ডক লৈ এতিয়া বিতুষ্ট বিশ্ববাসী। শান্তিৰ নোবেল জয়ী নেত্ৰীগৰাকীৰ পৰা উক্ত বঁটা ঘূৰাই ল'বলৈকে ভিন্নজনে নোবেল কমিটীৰ ওচৰত দাবী উত্থাপন কৰি আহিছিল।

নোবেল কমিটিয়ে বিষয়টোক কোনো গুৰুত্ব প্ৰদান নকৰিলেও 'এমনেষ্টী ইন্টাৰনেশ্যনেল' শীৰ্ষক আন্তৰ্জাতিক সংস্থাটোৱে ম্যানমাৰৰ নেত্ৰীগৰাকীৰ পৰা ওভতাই লৈছে তেঁওলোকে প্ৰদান কৰা সৰ্বোচ্চ বঁটা 'এম্বেছেডৰ অব কনচিয়েন্স' বঁটা।

এসময়ৰ  মানৱাধিকাৰৰ প্ৰবক্তা হৈও ক্ষমতাসীন হোৱাৰ পাছত নিজ দেশত ব্যাপক হাৰত ৰহিংগীয়া হত্যা, দলৱদ্ধ বলাৎকাৰ, দেশান্তৰিত কৰাৰ দৰে চৰম মানৱতাবিৰোধী কাৰ্যকলাপ সংঘটিত হোৱাৰ পিছতো তেনেই নিশ্চুপ হৈ থকাৰ পৰিপ্ৰেক্ষিততে এই সিদ্ধান্ত গ্ৰহণ কৰে সংগঠনটোৱে। উল্লেখ্য যে, যোৱা সোমবাৰে লণ্ডনত এই বিষয়ে আনুষ্ঠানিকভাৱে সদৰী কৰে সংগঠনটোৱে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in