ওদালগুৰিত আমছুৰ কেন্দ্ৰীয় সভাপতিৰ সংবাদমেলঃ খাইৰুল হকৰ পুত্ৰৰ শিক্ষাৰ দায়িত্ব আমছুৰ…VIDEO

ওদালগুৰিত আমছুৰ কেন্দ্ৰীয় সভাপতিৰ সংবাদমেলঃ খাইৰুল হকৰ পুত্ৰৰ শিক্ষাৰ দায়িত্ব আমছুৰ…VIDEO

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিগত শুক্ৰবাৰে ওদালগুৰি জিলাৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত ২ নম্বৰ গৰুৱাঝাৰত সংঘটিত এক গুলীচালনাৰ ঘটনাত নিহত হৈছিল খাইৰুল হক(৫০) নামৰ এগৰাকী লোক। কিন্তু এই হত্যাকাণ্ডৰ ৭২ ঘণ্টা উকলি যোৱাৰ পাছতো জিলা আৰক্ষী প্ৰশাসনে আজি পৰ্যন্ত প্ৰকৃত হত্যাকাৰীক বিচাৰি উলিওৱাত ব্যৰ্থ হৈছে। ঘটনাটি সন্দৰ্ভত ৰাজ্যৰ আৰক্ষী প্ৰশাসন তথা গৃহ বিভাগ ব্যৰ্থ হোৱাৰ অভিযোগত এক সংবাদমেল অনুষ্ঠিত কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে।

সংবাদমেলত উপস্থিত থাকি আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰে ঘটনাটিক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে। লগতে সংবাদমেলখনত তেওঁ কয় যে "বিটিচি অঞ্চলত সংখ্যালঘু লোক কেতিয়াও সুৰক্ষিত নহয়। শান্তি চুক্তিৰ জৰিয়তে বিটিচিলৈ শান্তি ঘুৰি অহাৰ কথা একাংশই কৈ আছে যদিও বিটিচিত বসৱাস কৰা সংখ্যালঘু লোকসকল প্ৰতিদিনে প্ৰাণৰ আশংকাত ভুগে।

খাইৰুল হকৰ হত্যাকাণ্ডই ৰাজ্যৰ গৃহ বিভাগৰ ব্যৰ্থতাক পোহৰলৈ আহিছে। গতিকে নিজৰ ব্যৰ্থতা বুজি ৰাজ্যৰ মূখ্যমন্ত্ৰীগৰাকীয়ে শীঘ্ৰে গৃহ বিভাগটো ত্যাগ কৰক। যিসময়ত সাধাৰণ চোৰ-ডকাইট এটা ধৰিলেই ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানে সংবাদমেল পাতি কৰ্তৃত্ব লব বিচাৰে তেনে সময়ত লাফিকুল ইছলাম তথা খাইৰুল হকৰ হত্যা সন্দৰ্ভত কিয় আৰক্ষীয়ে নৰম স্থিতি গ্ৰহণ কৰিছে? গতিকে ইয়াৰ পৰা এটা কথাই অনুমান কৰিব পাৰি যে চৰকাৰে সংখ্যালঘু লোকক মাহিআইৰ দৃষ্টিৰে চই আহিছে।

যদিহে বিটিচিৰ সকলো অস্ত্ৰ চৰকাৰৰ ঘৰত জমা হ'ল তেন্তে খাইৰুল ইছলামৰ দেহত লগা গুলী ক'ৰ পৰা আহিল? বিটিচি অঞ্চলত অবৈধ অস্ত্ৰৰ জনজননি এতিয়াও শেষ হোৱা নাই। আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্ৱে চৰকাৰে বিটিচি অঞ্চলত থকা বৈধ-অবৈধ সকলো অস্ত্ৰ জব্দ কৰক।" লগতে খাইৰুল হকৰ হত্যাকাণ্ড সন্দৰ্ভত বিভিন্ন ৰাজনৈতিক নেতাৰ ৰহন সানিব বিচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আমছুৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে কয় "এয়া ৰাজনৈতিক বোকা ছটিওৱাৰ সময় নহয়, সকলোৱে খাইৰুল হকৰ হত্যাকাৰীক বিচাৰি উলিয়াই আৰক্ষীক সহায় কৰক।

হাগ্ৰামাৰ কোৱা ধৰণে যদি সচাঁকৈ এয়া এক ৰাজনৈতিক হত্যাকাণ্ড হৈছে তেন্তে হাগ্ৰামাই হত্যাকাৰীক বিচাৰিবলৈ ৰাজ্যৰ মূখ্যমন্ত্ৰীক হেচা প্ৰদান কৰক। খাইৰুল হকৰ হত্যাকাণ্ডক ৰাজনৈতিক ৰহণ সানিব বিচাৰিলে আমছুৱে মানি নলয়। হত্যাকাণ্ড সংঘটিত হোৱাৰ ৭২ ঘণ্টা পাছতো বিটিএডি আইজিপি তথা ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান গৰাকী মৌন হৈ থকাত আমাৰ সন্দেহ হৈছে যে লাহিকুল ইছলামৰ দৰে খাইৰুল হকৰ হত্যাকাণ্ডও তদন্ত অৱিহনে ৰৈ যাব।

গতিকে সোমবাৰৰ নিশাৰ ভিতৰত হত্যাকাৰীক বিচাৰি উলিয়াব নোৱাৰিলে কাইলৈ অৰ্থাৎ মঙ্গলবাৰৰ পৰা তীব্ৰ গণতান্ত্ৰিক আন্দোলন আৰম্ভ হব। এই আন্দোলনৰ ফলত হব পৰা অপ্ৰীতিকৰ পৰিস্থিতিৰ বাবে দ্বায়ী হব কেৱল চৰকাৰ আৰু আৰক্ষী প্ৰশাসন।" ইফালে আজি এই সংবাদমেলত নিহত খাইৰুল হকৰ পুত্ৰৰ শিক্ষা গ্ৰহণৰ সমগ্ৰ দ্বায়িত্ব আমছুৱে লোৱাৰ কথা ঘোষণা কৰে। লগতে তেওঁৰ পৰিয়াললৈ এককালীন ২০ লাখ টকাৰ সাহাৰ্য প্ৰদান কৰাৰ লগতে পৰিয়ালৰ যিকোনো এজন লোকক যোগ্যতা অনুসৰি চৰকাৰী চাকৰি প্ৰদানৰ দাবীৰে জিলা উপায়ুক্তক স্মাৰকপত্ৰ প্ৰদান কৰে।

ইফালে আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি হত্যাকাণ্ডটো সন্দৰ্ভত বিভিন্ন দিশ অধ্যয়ণ কৰি থকাৰ লগতে ইতিমধ্যে খাইৰুলৰ মোৱাইল ফোনৰ তথ্যসমূহ পৰীক্ষা কৰি থকা হৈছে। অতিশীঘ্ৰে প্ৰকৃত দোষীক আৰক্ষীয়ে জালত পেলাব বুলি জানিবলৈ দিছে। সংবাদমেলৰ পূৰ্ৱে আজি নিহত খাইৰুল হকৰ বাসভৱনত গৈ পৰিয়ালৰ লোকক সাক্ষাৎ কৰি সমৱেদনা জ্ঞাপন কৰে আমছু নেতাগৰাকীৰ নেতৃত্বত যোৱা এটি সজাতি দলে। আৰক্ষীৰ প্ৰকৃত অনুসন্ধানৰ পাছতহে হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in