১৫ আগষ্টত অসমলৈ নাহে আমিৰ খান ! 

১৫ আগষ্টত অসমলৈ নাহে আমিৰ খান ! 

ডিজিটেল ডেস্ক : আগন্তুক স্বাধীনতা দিৱসৰ ৭৫তম বৰ্ষপূতি উপলক্ষ্যে অসমত হ'ব লগীয়া স্বাধীনতাৰ অমৃত মহোৎসৱত ভাগ  নলয় বলীউদৰ তাৰকা আমিৰ খানে । এই কাৰ্যসূচী উপভোগ কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমন্ত্ৰণ কৰিছিল তাৰকা  অভিনেতা আমিৰ খান তথা লাল সিং চদ্দাৰ কলা-কুশলীসকলক ।

ইয়াৰ ওপৰিও তেখেতৰ শেহতীয়া বোলছবি "লাল সিং চদ্দা"ৰ এক বিশেষ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত  বিশ্ব শৰ্মাৰ সৈতে কিন্তু বিশেষ কাৰণ বশত: ১৫ আগষ্টত অসমত উপস্থিত হ'ব নোৱাৰিব আমিৰ খান, ইয়াৰ পৰিৱৰ্তে আগন্তুক সময়ত প্ৰদৰ্শনীতহে  ভাগ ল'ব অভিনেতাজনে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in