শেহতীয়া খবৰ
প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক অপমান কৰি বলিউদৰ সংগীত পৰিচালকৰ বিৰ্তকিত টুইট...  •  কেব বাতিলৰ দাবীঃ গোৱালপাৰাৰ ৰাজপথত আছুৰ বিশাল প্ৰতিবাদী জোঁৰ সমদল...  •  উত্তৰ কামৰূপৰ একাংশ ৰাস মহোৎসৱস্থলীত মুকলি জুৱা... VIDEO  •  বিয়াত বহিল মুখ্যমন্ত্ৰীৰ ভগ্নী! টুইটাৰত প্ৰধানমন্ত্ৰীয়ে দিলে যুগ্মজীৱনৰ বাবে শুভেচ্ছাবাণী...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  সন্ধিয়া ৭.৪১ বজাত অনুভূত হোৱা ভূমিকম্পৰ সবিশেষ...  •  জাতীয় নায়কে কেবৰ বিৰুদ্ধে মাত মাতি জাতিটোক ৰক্ষা কৰকঃ ওদালগুৰিত আছুৰ বিশাল জোঁৰ সমদল...  •  ভূমিকম্পই জোকাৰিলে গুৱাহাটী মহানগৰী...  •  মানকাচৰত নাৰী অপহৰণকাৰী চক্ৰৰ সদস্যক আটক...  •  শোণিতপুৰ জিলা আৰক্ষীৰ বৃহৎ   অভিযান, ৯খন বাইকসহ গ্ৰেপ্তাৰ চোৰক...

‘লাল সিং ছড্ডা’ৰ মোশ্যন পোষ্টাৰ শ্বেয়াৰ কৰিলে অভিনেতা আমিৰ খানে…

240

ডিজিটেল ডেস্কঃবলিউডৰ পাৰ্ফেকশ্যনিষ্ট ৰূপে পৰিচিত জনপ্ৰিয় অভিনেতা আমিৰ খান বৰ্তমান ব্যস্ত তেওঁৰ নতুন ছবি ‘লাল সিং ছড্ডা’ৰ শ্বুটিঙত। আমিৰ খানে যেতিয়াই কোনো এখন নতুন ছবিৰ কাম হাতত লয়, তেওঁ সেই ছবিখনক দৰ্শকে আদৰি লোৱাৰ বাবে কঠোৰ পৰিশ্ৰম কৰে। আৰু যাৰ বাবে তেওঁ বলিউডৰ পাৰ্ফেকশ্যনিষ্ট ৰূপে পৰিচিত।

শেহতীয়াকৈ অভিনেতাগৰাকীয়ে টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰিছে নতুন ছবিখনৰ এখন মোশ্যন পোষ্টাৰ। ছবিখনৰ মোশ্যন পোষ্টাৰত কবিতা পাঠ কৰি থকা হৈছে। আৰু আমিৰ খানে টুইটাৰত লগতে লিখিছে- ‘কোনে জানে আমি কাহিনীত আছো নে আমাৰ ভিতৰত কাহিনী…’।

আমিৰ খানৰ এই ছবিখন ২০২০চনৰ ডিচেম্বৰ মাহত ছবিগৃহত মুক্তি পাব। উল্লেখ্য যে, হলিউডৰ জনপ্ৰিয় অবিনেতা ট’ম হেংকছ অভিনীত ১৯৯৪চনত মুক্তি পোৱা ‘ফৰেষ্ট গাম্প’ ছবিখনৰে অফিচিয়েল ৰিমেক হ’ব ‘লাল সিং ছড্ডা’। হলিউডৰ এই ছবিখনে বক্স অফিচত এক বৃহৎ পৰিমানৰ ধন উপাৰ্জন কৰিছিল আৰু বহু বঁটাও লাভ কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি