আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি…

আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি…

ডিজিটেল ডেস্কঃ ১৬৬৯ চনৰ ৫ আগষ্টত আলাবৈ ৰণত মোগৰ বিৰুদ্ধে যুঁজ দি একেদিনাই প্ৰাণ আহুতি দিছিল ১০ হাজাৰ ছহিদে। ৰাজ্য চৰকাৰে যোৱা বছৰ প্ৰথম বাৰলৈ আলাবৈ ৰণৰ এই বীৰ ছহিদ সকলক দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সামৰিক অভিবাদনেৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল।

এইবাৰো ৰাজ্য চৰকাৰে আলাবৈ ৰণৰ বীৰ ছহিদসকলক সামৰিক শ্ৰদ্ধা নিবেদন কৰাৰ বাবে বিশেষ আয়োজন কৰিছে। ৫ আগষ্ট, ২০২০ অৰ্থাৎ বুধবাৰে মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে ৰাজ্য প্রশাসনৰ মুৰব্বী, সামৰিক-অৰ্ধ সামৰিক আৰু অসম আৰক্ষীয়ে আলাবৈ ৰণৰ ১০ হাজাৰ ছহিদক জোৱানক সামৰিক শ্ৰদ্ধা নিবেদন কৰিব।

উল্লেখ্য যে, ১৯৬৯চনৰ ৫ আগষ্ট আছিল সেই দিনটো। ইটাখুলিৰ ৰণত মোগলৰ পতনৰ পাছত সমগ্ৰ গুৱাহাটীৰ লগতে নামনি অসমৰ কিছু অংশ আহোমৰ হাতলৈ আহিছিল। গুৱাহাটী পুনৰ উদ্ধাৰ হ'লেও সকলোৱে অনুমান কৰিব পাৰিছিল যে শীঘ্ৰে মোগলে প্ৰত্যাক্ৰমণ কৰিব। গতিকে ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে লাচিত বৰফুকনৰ তত্বাৱধানত আৰু উত্তৰ পাৰে আতন বুঢ়াগোঁহাইৰ নেতৃত্বত গুৱাহাটীক চক্ৰবেহু ৰূপে গঢ়ি তোলা হৈছিল।

সেই সময়তে দিল্লীৰ সম্ৰাট ঔৰংগজেৱে অম্বৰ ৰাজ ৰামসিংহৰ নেতৃত্বত এক বিশাল সেনা বাহিনীক অসম আক্ৰমণ কৰিবলৈ পঠালে। এই যুঁজত অসমীয়া সৈন্যৰ মহাবিপৰ্যয় ঘটিল। বুঢ়়া লুইতৰ পাৰৰ আলাবৈ পথাৰত তেজে তুমৰিল হৈ ১০ হাজাৰ অসমীয়া বীৰ সৈন্য চিৰকালৰ বাবে ঢলি পৰিল।

শৰাইঘাট জাৰ্ণেলিষ্ট ফ'ৰামৰ সম্পাদক মধুসূধন মেৰী ডাঙৰীয়াই জনোৱা অনুসৰি তেওঁলোকৰ সংগঠনে ২০০৫বৰ্ষৰ পৰা ৫ আগষ্টৰ দিনটোত প্ৰত্যেক বছৰে 'আলাবৈ স্মৃতি দিৱস' হিচাপে পালন কৰি আহিছে। আৰু ২০২০ বৰ্ষৰ ৫ আগষ্টৰ দিনটোতো আলাবৈ স্মৃতি দিৱস হিচাপে পালন কৰাৰ বাবে ৰাজ্য চৰকাৰ সাজু হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in