অভয়াপুৰীৰ পৰা যুৱক সন্ধানহীন

অভয়াপুৰীৰ পৰা যুৱক সন্ধানহীন

ডিজিটেল সংবাদ, অভয়াপুৰীঃ বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষী চকীৰ অন্তৰ্গত হৰিপুৰ গাঁৱৰ পৰা যোৱা ৯ আগষ্টত এজন ২১ বছৰীয়া যুৱক সন্ধানহীন হোৱাৰ ঘটনা সংঘটিত হৈছে৷ সন্ধানহীন যুৱকজন হৈছে অজিত মণ্ডল৷

নিশা ভাতপানী খাই শুৱাৰ পিছতে যুৱকজন সন্ধানহীন হয়৷ কোঠাৰ দুৱাৰ ভিতৰৰ পৰা বন্ধ আছিল যদিও খিৰিকী এখন খোলা অৱস্থাত পোৱা গৈছে৷ যুৱকজন নিজে কৰ'বালৈ গৈছে নে অপহৰণ কৰা হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই৷

ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালে অভয়াপুৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ কোনো ব্যক্তিয়ে যদি যুৱকজনৰ সন্ধান পায় তেন্তে ৯৯৫৪২৯৭৮২৯ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকসকলে অনুৰোধ জনাইছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in