ৰুগীয়া পৃথিৱীতো জীয়াই আছে মানৱতা

ৰুগীয়া পৃথিৱীতো জীয়াই আছে মানৱতা

ডিজিটেল ডেস্ক : এতিয়া সময় সলনি হৈছে, সলনি হৈছে মানুহৰ মানসিকতা ইজনে সিজনৰ কাষ চপাতো দূৰৰে কথা ভাল দৰে মাত এষাৰ দিবলৈও এতিয়া কুন্ঠাবোধ কৰে। এক অজান ভয়, এক অজান সংশয়ে লাহে লাহে মানুহক মানুহৰ পৰা ক্ৰমাৎ আতঁৰাই আনিছে। মৃত্যুৰ প্ৰতি থকা ভয়টোৱে ক্ৰমাৎ গাঢ় কৰি তুলিছে মানুহৰ মাজত থকা দুৰত্বৰ অদৃশ্য ৰেখাডাল। মুঠতে চাৰিও দিশে এক অকল্পনীয় বাতাবৰণ। সহজ হৈ পৰা মৃত্যুৰ বাবেই হেৰাই যাব ধৰিছে আত্মীয়তা লাহে লাহে হেৰাইছে ভাতৃত্ববোধ। কোৰোনা নামৰ বিহটো এতিয়া যেন প্ৰত্যেকজন মানুহৰ মন মগজুৰ স্থায়ী বাসিন্দা। কিন্তু ঘৃণা,আত্মকেন্দ্ৰিকতাময় হৈ যোৱা সমাজত এতিয়াও জীয়াই আছে মানৱতা।তাৰেই প্ৰমাণ হিচেপে কেতিয়াবা কিছুমান ভাল খবৰ আহে। এতিয়াও জীয়াই আছে মানুহ ভাল পোৱা মানুহ, এতিয়াও জীয়াই আছে মানুহক সহায় কৰি ভাল পোৱা মানুহ।

ঘটনা মৰ্মে এটা সদাব্যস্ত পথ, আৰু পথটোৰ কাষে কাষে মানুহ আহিছে মানুহ গৈছে  নিজৰ পৃথিৱীত ব্যস্ত সকলো। পথটোৰ অসহ্য উত্তাপ আৰু প্ৰখৰ ৰ'দত এটি তিনিবছৰীয়া শিশুৱে কান্দিছে, প্ৰখৰ ৰ'দ আৰু অনিশ্চয়তাত সৰ্বশক্তি প্ৰয়োগেৰে সি মাঁথো কান্দিছে। কাষতে অচেতন অৱস্থাত পৰি আছে তাৰ একমাত্ৰ নিৰাপত্তা তাৰ মাতৃ।কি হৈছে সি বুজিব পৰা হোৱা নাই।বাৰে বাৰে মাকৰ মুখলৈ চাইছে ফুটা নুফুটা মাতেৰে মাকক জগাবলৈ চেষ্টা কৰিছে অবশেষত অসহায় হৈ আকৌ ফেঁকুৰি উঠিছে। আচলতে প্ৰখৰ ৰ'দৰ প্ৰকোপ  সহিব নোৱাৰি মাতৃ গৰাকী অচেতন হৈ পৰিছে।এনে নহয় যে সেই দৃশ্য কোনেও প্ৰত্যক্ষ কৰা নাই, সকলোৱে দেখিছে অগ্নি সদৃহ ৰ'দে দেই পুৰি নিয়া কনমানিটোৰ শৰীৰ, সকলোৱে দেখিছে কনমাণিটোৰ চকুতে শুকাই যোৱা চকুপানী, চকুত চকুপানী নাই অথচ সি চিঞৰি চিঞৰি কান্দিছে।

কিন্তু তাৰ এই কৰুণ দৃশ্যই হৃদয় গলাব পৰা নাই  সেই স্থানত থকা মানুহবোৰৰ। কোৰোনাৰ ভয়, মৃত্যুৰ ভয়, সংক্ৰমনৰ ভয়, চাৰিও ফালে ভয় আৰু কেৱল ভয়। ভয়ে গ্ৰাস কৰিছে তেওঁলোকৰ মানসিকতা। কিন্তু সততে কঠোৰ অনুভুতিহীন,খঙাল, কঠিন হৃদয়ৰ আৰু ক'ত যে বিশেষনেৰে নামাকৰন কৰা নহয় তেওঁলোকক? কিন্তু এগৰাকী মহিলা আৰক্ষীয়ে দাঙি ধৰিলে মানৱীয়তাৰ উৎকৃষ্ঠ নিদৰ্শন ।কৰ্তব্যৰত অবস্থাত কণমানিৰ হিয়া ভগা কান্দোন শুনি দৌৰি আহিছিল মহিলা আৰক্ষী গৰাকী ।

মানৱ ধৰ্মক প্ৰথম স্থানত ৰাখি কোৰোনাৰ ভয়ক জয় কৰি অচেতন মহিলা গৰাকীৰ কাষত থিয় দিয়াৰ লগতে এবটল পানী গুজি দিছিল মহিলা গৰাকীকৰ মুখত। লাহে লাহে মহিলা গৰাকী সুস্থ হৈ উঠিল আৰু কাষতে কান্দি ৰোৱা সন্তানক সাৱতি ধৰি উচুপি উঠিল। এক আৱেগিক মূৰ্হুৰ সাক্ষী হৈ ৰ'ল সকলো। নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি বিপদত পৰা অচেতন মহিলা গৰাকীক সহায় কৰা মহিলা আৰক্ষী গৰাকীৰ নাম ৰীনা। এই যে কণমানিটোৰ কৰুন চিঞৰক আঁওকান কৰি মানুহবোৰ ব্যস্ত হৈ থাকিল, এই যে ৰ'দত পুৰি যোৱা মহিলা গৰাকীক পানী এটুপি দিবলৈ সাহস নহল এইয়া কৰবাত মানৱীয়তাৰ অৱক্ষয় নহয় নে ? এইয়া কৰবাত মানুহৰ পৰা অমানুহ হোৱাৰ যাত্ৰা নহয় নে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in