বিৰল ঘটনা ! এগৰাকী মহিলাই জন্ম দিলে ৪ টাকৈ সন্তান…

বিৰল ঘটনা ! এগৰাকী মহিলাই জন্ম দিলে ৪ টাকৈ সন্তান…

ডিজিটেল ডেস্ক : ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত এগৰাকী মহিলাই জন্ম দিলে ৪ টাকৈ সন্তান । ৰঙিয়াৰ স্বস্তি হস্পিতালত এই বিৰল ঘটনা সংঘটিত হয় । মহিলাগৰাকীয়ে দুটি কন্যা সন্তানৰ লগতে দুটা ল'ৰা সন্তান জন্ম দিয়ে । জানিব পৰা অনুসৰি প্ৰসূতি গৰাকীৰ ঘৰ ধুবুৰীত ।

এনেঘটনা হস্পিতাল খনত প্ৰথমবাৰৰ বাবে সংঘটিত হোৱাৰ কথা হস্পিতাল কতৃপক্ষই সদৰি কৰাৰ লগতে মহিলাগৰাকী আৰু সন্তান কেইটি সুস্থ অৱস্থাত আছে বুলি জানিব দিয়ে । এই ঘটনা পোহৰলৈ অহাৰ পিছতে চহৰ খনত তীব্ৰ চৰ্চা অব্যাহত থকাৰ লগতে চিকিৎসালয় খনৰ স্বাস্থ্য কৰ্মী আৰু পৰিয়ালৰ লোক উৎফুল্লিত হৈ পৰে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in