হোজাইৰ ইমৰাণ হুছেইনৰ মহানুভৱতাৰে বাবে পৰিয়ালৰ কাষত মৰিয়নিৰ এগৰাকী মহিলা…

হোজাইৰ ইমৰাণ হুছেইনৰ মহানুভৱতাৰে বাবে  পৰিয়ালৰ কাষত মৰিয়নিৰ এগৰাকী মহিলা…

ডিজিটেল সংবাদ ,মৰিয়নিঃ আজিও যে সমাজত মানৱতা জীয়াই আছে তাৰ নিৰ্দশন দাঙি ধৰিলে হোজাইৰ বকুলগুৰিৰ ইমৰান হুছেইন নামৰ এজন ব্যক্তিয়ে।মৰিয়নিৰ এগৰাকী হিন্দু মহিলাক উদ্ধাৰ কৰি আশ্ৰয় প্ৰদান কৰা লগতে চমজাই দিলেহি পৰিয়ালক। মৰিয়নীৰ নাগিনীজান চাহ বাগিছাৰ পৰা কিছুদিন পূৰ্বে সন্ধানহীণ হৈছিল বাসমতী গোৱালা নামৰ মহিলা গৰাকী।

পৰিয়ালৰ লগত কোনো কথাত সংঘাট সৃষ্টি হোৱাত মহিলা গৰাকী আঁতৰি গৈছিল ঘৰৰ পৰা। আনহাতে পৰিয়ালৰ লোকে মহিলা গৰাকীকক বিচাৰ খোচাৰ কৰি আছিল যদিও সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। ইফালে হোজাইৰ বকুলগুৰী অঞ্চলত সোমবাৰে নিশা অনাই বনাই ঘুৰি ফুৰা অৱস্থাত এগৰাকী অচিনাকী মহিলাক প্ৰত্যক্ষ কৰি ইমৰাণ হুছেইনে সোধ পোছ কৰাত মৰিয়নিৰ  নাগিনীজান চাহ বাগিছাৰ বুলি জানিব পাৰে।

মহিলা গৰাকীৰ সন্দৰ্ভত ইমৰান হুছেইনে স্থানীয় আৰক্ষীক অৱগত কৰিছিল যদিও আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাত লোকজনে মহিলা গৰাকীক উক্ত নিশা নিজৰ গৃহত আশ্ৰয় প্ৰদান কৰে। ব্যক্তিজনে অৱশেষত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগত ফোন যোগে যোগা যোগ কৰি সবিশেষ অৱগত কৰে। আনহাতে মঙ্গল বাৰে নিশা মহিলা গৰাকীক লগত লৈ ইমাৰন হুচেইন হোজাইৰ পৰা এখন গাড়ী ভাড়া কৰি মৰিয়নিৰ নাগিনীজান চাহ বাগিছাত উপস্থিত হোৱা লগতে পৰিয়ালৰ ওচৰত গতাই দিয়ে।

আনহাতে ইমৰান হুছেইনৰ এই মহানুভৱতাক মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শলাগ লোৱা লগতে ফুলাম গামোচা পিন্ধাই সম্বৰ্ধনা জনাই। বৰ্তমান একাংশ লোকে হিন্দু মুছমানকলৈ ভেদা ভেদৰ ৰাজনীতি কৰি বিভেদৰ বীজ সিঁচিবলৈ চেষ্টা কৰি অহা সময়তে ইমৰান হুছেইনে এগৰাকী অসহায় হিন্দু মহিলাক সহায় কৰি দেখুৱা নিৰ্দশনে পুনৰ বাৰ পতিয়মান কৰিলে এইখন শংকৰ-আজানৰ দেশ। ইয়াত যে নাই কোনো ভেদা-ভেদ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in