চৰকাৰী কৰ্মচাৰীলৈ মমতা দিদিৰ সকিয়নীৰ লগত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা গানটো…

চৰকাৰী কৰ্মচাৰীলৈ মমতা দিদিৰ সকিয়নীৰ লগত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা গানটো…

ডিজিটেল ডেস্কঃ শুকুৰবাৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলক দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ পৰা আঁতৰি থাকিবলৈ সতৰ্কবাণী শুনোৱাৰ পিচতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে বাংলা ভাষাৰ পপ চিংগাৰ নচিকেতাৰ এটা গান। নচিকেতাৰ 'কাটমানী' শীৰ্ষক এই গীতটোত তেওঁ ঘোচ লোৱা চৰকাৰী কৰ্মচাৰীসকলক সতৰ্ক কৰি দিয়া হৈছে। গানটোত কোৱা হৈছে যে যি সকলে ঘোচ (কাটমানী) লয়, তেওঁলোকে এতিয়া জনতাৰ ক্ষোভৰ সন্মুখীন হ'বলৈ সাজু হোৱা উচিত।

উল্লেখ্য যে, শুকুৰবাৰে মমতা বেনাৰ্জীয়ে ৰাজ্যখনৰ সকলো বিভাগৰে চৰকাৰী কৰ্মচাৰীক সতৰ্ক কৰি দি দুৰ্নীতি ভ্ৰষ্টাচাৰৰ লগত জড়িত সকলক জেললৈ প্ৰেৰণ কৰাৰ হুংকাৰ দিছিল। চৰকাৰী আঁচনিৰ নামত যি সকলে দুৰ্নীতি সংঘটিত কৰি আহিছে তেওঁলোকক সঠিক পথলৈ উভতি আহিবলৈ সকিয়াই দি অন্যথা বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

ইয়াৰ পিছতে নচিকেতাৰ 'কাট মানী' গীতটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা পৰিলক্ষিত হৈছে। কিয়নো গানটোৰ মাধ্যমৰেও সেই একেই কথা কোৱা হৈছে যিবোৰ কথা মমতা বেনাৰ্জীয়ে চৰকাৰী কৰ্মচাৰীসকলক সকিয়াই দি কৈছে। এই গীতটো বিজেপি সাংসদ বাবুল সুপ্ৰিয়'ইও নিজৰ টুইটাৰ একাউন্টৰ জৰিয়তে শ্বেয়াৰ কৰিছে। তেওঁ গায়ক নচিকেতাক ধন্যবাদ জনাই লিখিছে- 'মানুহৰ মনৰ কথা এনেদৰে গীতৰ মাজেৰে তুলি ধৰা বাবে আপোনাক অশেষ ধন্যবাদ নচিকেতা দা।'

ইফালে গীতটোৰ মাজৰ বিশেষ দুটা শব্দও এতিয়া ভাইৰেল হৈ পৰাৰ মূল কাৰণ হৈ পৰিছে। শব্দ দুটা হৈছে – দাদা আৰু দিদিমণি। পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী দিদি হিচাপেই পৰিচিত। সেই অনুসৰি গীতটোৰ দিদিমণি শব্দেৰে নচিকেতাই মমতা বেনাৰ্জীকে বুজাইছে বুলিও চৰ্চা চলিছে। উল্লেখ্য যে, ২০১১ চনৰ পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনত নচিকেতাই মমতা বেনাৰ্জীলৈ সমৰ্থন আগবঢ়াইছিল। সেই নিৰ্বাচনত ৰাজ্যখনত তৃণমূল কংগ্ৰেছে বাওপন্থী দলক উভৰাই চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in