ডিজিটেল সংবাদ মাধ্যমেৰে এটা বছৰ…

ডিজিটেল সংবাদ মাধ্যমেৰে এটা বছৰ…

প্ৰকাশ মহন্ত

এন আৰ চি কৰ্তৃপক্ষই দিয়া ২৪ ঘন্টীয়া জাননীত 'ৰাজা' নামৰ বাছখনেৰে কামৰূপ (গ্ৰাম্য) জিলাৰ সোণতলীৰ পৰা গোলাঘাটলৈ ৰাওনা হৈছিল ৫২জন লোক। খানাপাৰা পাৰ হৈ বাছখন পাহাৰীয়া পথত উঠোতেই সংঘটিত হৈছিল এক ভয়ানক দুৰ্ঘটনা। বিপৰীত দিশৰ পৰা অহা ৰাষ্ট্ৰীয় পথ নিৰ্মাণত ব্যৱহৃত শিল আৰু বিটুমিনৰ মিক্সাৰ কঢ়িওৱা এখন তীব্ৰবেগী ডাম্পাৰে চাৰি লেনযুক্ত ঘাইপথটোৰ কেঁকুৰিত ডিভাইডাৰ পাৰ হৈ আহি প্ৰচণ্ড জোৰেৰে খুন্দা মাৰিছিল বাছখনত। ডাম্পাৰখনৰ পিছফালে থকা বিটুমিন আৰু শিলবোৰ উফৰি পৰিছিল বাছখনৰ ভিতৰত। গলোৱা গৰম আলকাতৰাৰ সৈতে মিহি শিলবোৰ বাছখনৰ শিশু, কিশোৰ, মহিলা, বৃদ্ধ প্ৰায় সকলোৰে ওপৰত উফৰি পৰাত দগ্ধজনৰ আৰ্ত চিৎকাৰে সৃষ্টি কৰিছিল এক অৱৰ্ণনীয় পৰিস্থিতৰ। দুয়োখন গাড়ীৰ মাজত সোমাই চেপেটা লাগি পৰা দুজন বাইক আৰোহী যুৱকে মুহূৰ্ততে প্ৰাণ হেৰুৱাইছিল। লগে লগে বৃহৎ যান-জঁট সৃষ্টি হোৱা ৰাস্তাটোৰে আৰক্ষীৰ উদ্ধাৰকাৰী আৰু আহত জনক কঢ়িয়াই নিয়াৰ বাবে এম্বুলেন্স সেই স্থানত উপস্থিত হোৱাটো এক প্ৰকাৰ অসম্ভৱ হৈ উঠিছিল।

অতি আচৰিত কথা এয়ে যে, নিশা ২ বজাৰ আগলৈকে অসম, মেঘালয়ৰসংবাদ মাধ্যমৰ কোনো সূত্ৰই এই খবৰ পোৱাই নাছিল। কিন্তু এক বজাৰ ভিতৰতে ছ'চিয়েলমিডিয়াৰ জৰিয়তে সমগ্ৰ বিশ্বজুৰি প্ৰচাৰ হৈছিল দুৰ্ঘটনাৰ ফটো, ভিডিঅ' আৰু খবৰ। অসৎঅভিপ্ৰায়েৰে ছ'চিয়েল মিডিয়াক ব্যৱহাৰ কৰা এটা চামে পৰিস্থিতিটোৰ সুযোগ লৈ নগৰবেৰা,সোণতলী, ছমৰীয়াতে নহয় সমগ্ৰ সংখ্যালঘু সম্প্ৰদায়ৰ মাজত উত্তেজনা সৃষ্টিৰ বাবেসক্ৰিয় হৈ পৰিছিল। ঘটনাটোত ১২ জন লোকৰ মৃত্যু হোৱা বুলি প্ৰচাৰ কৰা হৈছিল। এন আৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাক এই সকলৰ হত্যাকাৰী সজোৱাৰ চেষ্টা কৰা হৈছিল।

একে সময়তে সোণতলী, ছমৰীয়া, গৰৈমাৰীৰ আন এটা অংশই অসৎ অভিপ্ৰায়েৰে চলোৱা এই অপপ্ৰচাৰত ভোল নগৈ ছ'চিয়েল মিডিয়াৰ মাধ্যমতে প্ৰকৃত তথ্য সংগ্ৰহ কৰা, দুৰ্ঘটনাত পতিত সকলক উদ্ধাৰ আৰু চিকিৎসাৰ সু-ব্যৱস্থাত সহযোগ কৰাৰ লগতে উত্তেজনা সৃষ্টিৰ প্ৰয়াস কৰা সকলৰ প্ৰৰোচনাত ভোল নাযাবৰ বাবে সংগবদ্ধ প্ৰচেষ্টা চলাইছিল। এওঁলোকৰ লগত সংযুক্ত হৈ থকা এটা চাম মুহূৰ্ততে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছিল। আন এচাম উপস্থিত হৈছিল চিকিৎসালয়ত। এটা চামে সোণতলীৰ পৰা সেইখনৰ বাছত যোৱা লোকসকলৰ গাঁৱে গাঁৱে গৈ বিতত বা উত্তেজিত নহ'বৰ বাবে বুজনি দিছিল। আনহাতে অঞ্চলটোৰ পৰা বিভিন্ন স্থানত শুনানিৰ বাবে উপস্থিত হোৱা লোকসকল যাতে বিভ্ৰান্ত নহয়, তেওঁলোকৰ সৈতেও যোগাযোগ ৰক্ষা কৰিছিল এওঁলোকে।

ইফালে, দুৰ্ঘটনাত পতিত লোকসকলক যাতে গোলাঘাটৰ শুনানিত অনুপস্থিত বুলি গণ্য কৰা নহয়, চিকিৎসালয়ত আহত সকলৰ বাবে সু-চিকিৎসাৰ ব্যৱস্থা কৰা হয়, তাৰ কাৰণে প্ৰশাসনৰ লগতে যোগাযোগ কৰা হৈছিল। এই সকলোবোৰ কাম ছ'চিয়েল মিডিয়াৰ সহায় লৈয়েই একত্ৰিত হোৱা এদল যুৱকে অতি সংযত আৰু সু-সংহতভাৱে নিশাৰ ভিতৰতে কৰি তুলিছিল বাবেই এন আৰ চিৰ জাননী আৰু দুৰ্ঘটনাটোৰ আলম লৈ অস্থিৰতাৰ সৃষ্টি কৰিব খোজা চক্ৰটো প্ৰতিহত হ'ল আৰু তীব্ৰ আশংকা থকা সত্বেও এই ঘটনাক লৈ ৰাজ্যত সাম্প্ৰদায়িকতাৰ জুই জ্বলিব নোৱাৰিলে। কিন্তু অতি দুখজনকভাৱে ৰাজ্যৰ মূল সুঁতিৰ সংবাদ মাধ্যমে এই ঘটনা সন্দৰ্ভত ৫ আগষ্টৰ পুৱালৈক বিশেষ ভূমিকা পালন কৰিব নোৱাৰিলে।

ইয়াৰ বিপৰীতে ৪ আগষ্টৰ নিশাৰ পৰা ৫ আগষ্টৰ পুৱালৈ এচামযুৱকে ছ'চিয়েল মিডিয়াৰ সহযোগত বৃহৎ এক সামাজিক দায়িত্ব পালন কৰিবলৈ সক্ষম হ'ল। যিদায়িত্বই সামাজিক সুস্থিৰতা ৰক্ষাত অকল্পনীয় বৰঙণি আগবঢ়ালে।  

নতুন প্ৰজন্মক আওবাটে যোৱাত মোবাইলৰ গেমৰ দৰেই ডিজিটেল মাধ্যমেৰে চলা কথাবতৰা বা আলোচনাই উদগণি যোগাইছে নেকি? এনে বিভিন্ন প্ৰশ্নক লৈ চৰ্চা চলি থকাৰ মাজেৰেই সমগ্ৰ বিশ্বক এই মাধ্যমে ইতিমধ্যেই সামৰি পেলাইছে। অতিকৈ প্ৰভাৱশালী বাতৰি কাকতেই হওঁক অথবা নিউজ চেনেলেই হওঁক, সকলো ইয়াৰ আওতাত ইতিমধ্যে সোমাই পৰিছে। এনে প্ৰেক্ষাপটতে প্ৰথম অৱস্থাত ডিজিটেল মাধ্যমক আনবোৰ মাধ্যমৰ প্ৰত্যাহ্বান বুলি ভবা আৰু সামাজিক সুস্থিৰতাৰ বাবেও ক্ষতিকাৰক বুলি গণ্য কৰা লোকসকলৰ সমালোচনাৰ চোক লাহে লাহে কমি আহিবলৈ ধৰিছে। এই কথা সকলোৱে মানি ল'ব লগা হৈছে যে- সময়ৰ এই পৰিৱৰ্তন অথবা প্ৰযুক্তিৰ উত্তৰণৰ সৈতে খাপ খুৱাই আগবাঢ়িব নোৱাৰিলে নিজে বহু দূৰ পিছ পৰি ৰ'ব লাগিব।

তিনি দশকৰ আগলৈকে ইন্টাৰনেট অথবা ম'বাইল ফোনৰ যেতিয়া ব্যৱহাৰ নাছিল, লেটাৰ প্ৰেছত যেতিয়া বাতৰি কাকত ছপা হৈছিল, সেই সময়ত কোনেও ভবা নাছিল যে সংবাদ মাধ্যমত কম্পিউটাৰৰ সংযোজনে ইয়াৰ প্ৰসাৰত অভূতপূৰ্ব বৰঙণি আগবঢ়াব। প্ৰথম অৱস্থাত যেতিয়া বাতৰি কাকতৰ কাৰ্যালয়ত কম্পিউটাৰ সংযোজিত হ'ল, লেটাৰ প্ৰেছৰ ঠাইত যেতিয়া ৱেব অ'ফছেট আহিল, তাৰ প্ৰাৰম্ভিক সময়চোৱাতো লেটাৰ প্ৰেছত চলা বাতৰি কাকতবোৰে কম্পিউটাৰ বা অ'ফছেটৰ আগমনক এক বিৰাট প্ৰত্যাহ্বান বুলি গণ্য কৰিছিল।

আৰম্ভণিৰ সময়ত কম্পিউটাৰত টাইপ কৰা কথাখিনি লে' আউট ছীটত আঠা লগাই ফটো তোলাৰ ব্যৱস্থাৰ পৰা ইমেজ ছেটাৰ আৰু ছেটেলাইটৰ সংযোজনৰ জৰিয়তে খুব কম সময়ৰ ভিতৰতে বিভিন্ন ঠাইত ছপাশাল বহুৱাই মূল কাৰ্যালয়ৰ পৰা একেসময়তে কেইবাটাও সংস্কৰণ প্ৰকাশ কৰাৰ ক্ষমতা আহৰণ কৰালৈ হোৱা উত্তৰণ ক'ব নোৱাৰাকৈয়ে খুব কম সময়ৰ ভিতৰতে ঘটিল। ইয়াৰ ফলত নিশ্চিতভাৱেই লেটাৰ প্ৰেছতে বাতৰি কাকত চলাবলৈ যোৱাতো অসম্ভৱ হৈ পৰিল।

কিন্তু প্ৰযুক্তিৰ উত্তৰণৰ জৰিয়তে সংবাদ মাধ্যমে লাভ কৰা এনে সফলতাক প্ৰত্যাহ্বান বুলি নিশ্চয় গণ্য কৰিব নোৱাৰি। বৰং এই উত্তৰণে সংবাদ মাধ্যমৰ প্ৰসাৰ আৰু প্ৰভাৱ বৃদ্ধিত অভাৱনীয় বৰঙণিহে যোগালে। এনে প্ৰেক্ষাপটতে ডিজিটেল মাধ্যমৰ বিকাশকো সামগ্ৰিকভাৱে আমি সংবাদ মাধ্যমৰ দ্ৰুত বিকাশ তথা প্ৰসাৰৰ ক্ষেত্ৰত ক্ষতিকাৰক বুলি নাভাবি সহায়ক বুলিহে নিশ্চয় গণ্য কৰিব পাৰো।

অৱশ্যে এই কথাও ঠিক, ব্যক্তিগত ছেটেলাইট চেনেলবোৰ ওলোৱাৰ সময়ত দূৰদৰ্শনৰ বাতৰি পৰিবেশন শৈলী অথবা ৰুচিবোধৰ ক্ষেত্ৰত আৰম্ভণিতে যিদৰে নেতিবাচক প্ৰভাৱ পৰিছিল, একেদৰেই ডিজিটেল মাধ্যমৰ আৰম্ভণিৰ সময়চোৱাতো অস্থিৰতা-উশৃংখলতা আদিয়ে সংবাদ মাধ্যমৰ ৰুচি আৰু বাতৰি পৰিৱেশন শৈলীত কিছু নেতিবাচক প্ৰভাৱ পেলোৱাটো অস্বীকাৰ কৰিব নোৱাৰি। একেদৰে লেটাৰ প্ৰেছৰ পৰা 'ছেটেলাইট ইমেজ প্ৰিন্টিঙ'লৈ আৰু ছেটেলাইট চেনেল বা ইমেজৰ পৰা ডিজিটেল মিডিয়ালৈ যি উত্তৰণ হৈছে, ইয়াৰ জৰিয়তে প্ৰচাৰ মাধ্যমৰ সামগ্ৰিক বিকাশকো অস্বীকাৰ কৰিব নোৱাৰি।

ব্যক্তিগতভাৱে মই এতিয়াও লেটাৰ প্ৰেছৰ জামানাতে আছো বুলি ক'ব পাৰি। কিয়নো আজিৰ তাৰিখতো কম্পিউটাৰ কী-বৰ্ডত মই আঙুলি বুলাই পোৱা নাই। কিন্তু সংবাদ মাধ্যমত জড়িত হ'বলৈ হ'লে যে ইন্টাৰনেট সেৱা, গুগ'ল ছাৰ্চ আদি এদিন অপৰিহাৰ্য হৈ উঠিব সেই কথা ৯০ৰ দশকতে অনুভৱ কৰিছিলো। সেয়েহে ১৯৯৮চনত যেতিয়া পেজাৰৰ সলনি মোবাইলৰ ব্যৱহাৰ অসমত উপলব্ধ হ'ল, ৰিলায়েন্সে ইন্টাৰনেট সেৱা আৰম্ভ কৰিলে তেতিয়াই মই মোৰ মেইল আইডিটো মই খুলিছিলো। এই বাবেই খুলিছিলো- যাতে বিভিন্ন উৎসৰ পৰা খবৰবোৰ মোলৈ সহজে প্ৰেৰণ কৰাটো সম্ভৱ হয়। কিন্তু মই কোনো দিন মোৰ মেইলটো কম্পিউটাৰত খুলি পোৱা নাই। মোৰ মেইলৰ পাছৱৰ্ডটো বিশ্বস্ত অপাৰেটৰ বা সহযোগীক জানিবলৈ দি ইয়ালৈ অহা খবৰবোৰ উলিয়াই লৈছিলো। ইয়াৰ পিছত আহিল এন্ড্ৰইড ফোন। লগে লগে কম্পিউটাৰৰ কী-বৰ্ড নোচোৱাকৈয়ে মই মোলৈ অহা মেইল চাব পৰাও হ'লো আৰু প্ৰয়োজনীয় বাতৰি ডাউনল'ড কৰি প্ৰিণ্টআউট ল'বৰ বাবে ফ'ৰৱাৰ্ড কৰিব পৰাও হ'লো।

একেদৰে পুনৰ হোৱাটছএপত ক্ষন্তেকতে অহা বাতৰি অথবা মই প্ৰস্তুত কৰা প্ৰতিবেদনৰ বাবে প্ৰয়োজনীয় ফটো আৰু তথ্য সংগ্ৰহ কৰাটোও মোৰ বাবে সহজসাধ্য হৈ উঠিল। অৱশ্যে ফেচবুক একাউন্ট এতিয়াও মই খোলা নাই। ইয়াৰ পৰিৱৰ্তে বিভিন্ন 'নিউজ গ্ৰুপ'ৰ সৈতে মোৰ মোবাইল হোৱাটছএপ সংযুক্ত কৰা আছে। ইয়াৰ জৰিয়তে বহু খবৰ যিদৰে পাওঁ, সেইদৰে সতীৰ্থ সাংবাদিকলৈ সেয়া প্ৰেৰণ কৰাৰ ক্ষেত্ৰতো বহুখিনি সুবিধা হৈছে। এই কথাখিনি মই এইবাবেই উত্থাপন কৰিছো যে, ডিজিটেল মাধ্যমৰ প্ৰসাৰ এনেদৰে নোহোৱা হ'লে মই মোৰ মেইলটোকে খুলিব নোৱাৰা এটা অৱস্থাত থাকি গ'লোহেঁতেন।

এই কথা ভাৱি মই নিজেই আচৰিত হৈ যাও যে- ডিজিটেল ডিভাইচৰ সীমিত জ্ঞান আৰু সামৰ্থৰ ভিত্তিতে ডিজিটেল মাধ্যমৰ সৈতে নিজকে সংযুক্ত কৰি এই জগতখনৰ বিষয়ে বহু কথাই জনাৰ সুযোগো মই পাইছো। যাৰ জৰিয়তে আনৰ দৰেই এসময়ত ফেচবুক অথবা হোৱাটছএপৰ জৰিয়তে নতুন প্ৰজন্মৰ ল'ৰা-ছোৱালীবোৰ সস্তীয়া চুপতিত ব্যস্ত থাকে বুলি যি ধাৰণা সামান্য পৰিমাণে মোৰো আছিল, তাৰ সম্পূৰ্ণ বিপৰীত ছবি এখনহে মোৰ চকুত ইতিমধ্যে স্পষ্ট হৈ পৰিছে। ইয়াৰ ভিত্তিতে এই বছৰ কেইটাত মই নিশ্চিত হৈছো যে- অসমৰ যুৱপ্ৰজন্মৰ গৰিষ্ঠ এটা অংশই হোৱাটছএপ বা ফেচবুকৰ মাধ্যমত নিজৰ শিক্ষা বা বৃত্তিৰ লগত সম্পৰ্কিত বিষয়ৰ আলোচনা কৰাতে সীমাবদ্ধ নাথাকি সমাজ জীৱন, জাতীয় অথৱা ৰাষ্ট্ৰীয় ঐতিহ্য আৰু প্ৰেক্ষাপট সন্দৰ্ভত বহু গভীৰতালৈকে প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। নিজৰ আত্মীয়লৈ চিঠি এখনো লিখিবলৈ এৰি দিয়া পিতৃ-মাতৃৰ সন্তান অথৱা নাতি-নাতিনীয়ে 'পাৰিবাৰিক গ্ৰুপ'ত দেশে-বিদেশে থকা আত্মীয়ৰে পৰিয়ালকেন্দ্ৰিক বিষয়সমূহৰ ক্ষেত্ৰত ভাৱ বিনিময় কৰাৰ সমান্তৰালভাৱে জাতীয় জীৱনলৈ অহা সংকট সন্দৰ্ভত বন্ধু চক্ৰৰ মাজত চিৰিয়াছ আলোচনা আৰু সমাধানৰ পথৰ সন্ধান কৰিবলৈ লৈছে।

ডিজিটেল মাধ্যমতে যিদৰে চিঠিলিখিছে, সেইদৰে অসমীয়া-ইংৰাজীৰ সাহিত্য চৰ্চা আৰু সমাজ বিজ্ঞান সম্পৰ্কীয় বিষয়বোৰোতেওঁলোকৰ দৈনন্দিন কৰ্মসূচীত অন্তৰ্ভূক্ত হৈছে। এই কথা মই এক প্ৰকাৰ ডাঠি ক'ব পাৰোযে, ছ'চিয়েল মিডিয়াত সস্তীয়া কথা-বতৰা আজিকালি নতুন প্ৰজন্মতকৈ আদহীয়া শ্ৰেণীটোৰমাজতহে বেছিকৈ হয়। এওঁলোকৰ মাজৰ যিসকলে চিৰিয়াছ বিষয়ক লৈ লিখা-মেলা কৰে, সেই সকলৰসংখ্যা অতি নগণ্য। সামাজিক বিষয়ত ঐক্যবদ্ধ পদক্ষেপ গ্ৰহণৰ বাবে প্ৰাপ্তবয়স্ক মহলৰমাজত উমৈহতীয়া কোনো চক্ৰ সক্ৰিয় হৈ উঠিছে বুলিও মোৰ ধাৰণা নহয়।

ইউনিক'ডত অসমীয়া আখৰৰ আসোঁৱাহ দূৰকৰি এই ভাষাতে লেখা-মেলাৰ অভ্যাসৰ শুভাৰম্ভ যিদৰে নতুন প্ৰজন্মৰ একাংশই কৰিছিল,সেইদৰে 'ৰক্ত বান্ধৱ' নামৰ ছ'চিয়েল মিডিয়া গ্ৰুপ কৰা আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰকঠিন ৰোগত আক্ৰান্ত সন্তান অথবা মেধাৱী শিক্ষাৰ্থীক আৰ্থিক, শৈক্ষিক সহায়ৰ হাতআগবঢ়োৱাকে ধৰি বিভিন্ন ইতিবাচক কামত নতুন প্ৰজন্মৰ গৰিষ্ঠ অংশ এটা যে অহৰ্নিশেব্যস্ত থাকে, সেই কথাও সকলোৱে জানে।

ছ'চিয়েল মিডিয়াৰ এই ধনাত্মকব্যৱহাৰ আৰু সামাজিক সুস্থিৰতা তথা উত্তৰণত ইয়াৰ জৰিয়তে নতুন প্ৰজন্মই লোৱা ভূমিকাসামাজিক অৱক্ষয়ৰ বিপৰীতে এক অত্যাৱশ্যকীয় আৰু প্ৰশংসনীয় পদক্ষেপ বুলি সকলোৱে লাহেলাহে উপলব্ধি কৰিবলৈ সক্ষম হৈছে। এনে পৰিপ্ৰেক্ষিততে লেটাৰ প্ৰেছত ছপা কৰাকাকত-কিতাপৰ পৰা ডিজিটেল প্ৰচাৰ মাধ্যমলৈ যি উত্তৰণ ঘটিছে, সেই উত্তৰণকপ্ৰত্যাহ্বান বুলি নেতিবাচক দৃষ্টিভংগীৰে অৱমূল্যায়ণ কৰাৰ পৰিৱৰ্তে ইয়াক ইতিবাচকআৰু পৰিপূৰক বুলি গ্ৰহণ কৰাটোহে মোৰ বোধেৰে অধিক বাস্তৱসন্মত হ'ব।

এনে এক ধাৰণা লৈয়েই মই নিজক ডিজিটেল মাধ্যমৰ সৈতে জড়িত কৰোৱাই নহয়, ইয়াৰ মাধ্যমত বহু নজনা কথা জানিবলৈ চেষ্টা কৰিছো। এক কথাত ক'বলৈ গ'লে- যোৱা এটা বছৰত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণৰ সৈতে নিৰন্তৰ সম্পৰ্ক ৰাখি বয়সত বহু সৰু অথচ মোতকৈ অ-কাৰিকৰী আৰু কাৰিকৰী দিশত বহু অভিজ্ঞতাৰে পুষ্ট সতীৰ্থ সকলৰ পৰা বহু কথা শিকিব পাৰিছো। তেওঁলোকৰ সৈতে পাৰ কৰা এই এটা বছৰত এই উপলব্ধিও মোৰ হৈছে যে ডিজিটেল মাধ্যমৰ জৰিয়তে খুব কম বয়সতে তেওঁলোকে যেনেকৈ প্ৰাপ্তবয়স্ক মেধাৱী একোজনতকৈও বেছি কথা শিকিছে, তেনেকৈ সমাজৰ প্ৰতি থকা দায়বদ্ধতাও আমাতকৈ তেওঁলোকৰ বৃদ্ধি পাইছে।

সেয়েহে মই এই বিষয়েও পতিয়ন গৈছো যে বহুতে কোৱাৰ দৰে বা আশংকা কৰাৰ দৰে এন্ড্ৰইড ফোন, ছ'চিয়েল মিডিয়া অথৱা ডিজিটেল মিডিয়াৰ ব্যৱহাৰে নতুন প্ৰজন্ম বা সমাজ জীৱনক আওবাটে নিনিয়ে। বৰং অসমৰ জাতীয় জীৱন বিভিন্ন দিশত সম্প্ৰতি দুৰ্যোগৰ মাজত পৰিলেও এওঁলোকেহে বাস্তৱ আৰু বিজ্ঞানসন্মত চিন্তাৰে এনে সংকটৰ পৰা অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিক কিদৰে উদ্ধাৰ কৰিব পৰা যাব, সামাজিক বিষয় সমূহৰ প্ৰতি নতুন প্ৰজন্মক অধিক দায়বদ্ধৰূপত গঢ়ি তুলিব পাৰি সেয়াও সম্ভৱ কৰি তুলিব পাৰিব।    

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in