আদৱানীৰ কথা শুনক আপোনালোকে…

আদৱানীৰ কথা শুনক আপোনালোকে…

♦ মৃদুল কুমাৰ সন্দিকৈ

দেশ সদায় প্ৰথম, তাৰ পাছতে দল আৰু শেষত নিজৰ কথা। বিজেপিৰ পিতামহ স্বৰূপ লালকৃষ্ণ আদৱানীয়ে নিজৰ ব্লগত এটা অতি গুৰুত্বপূৰ্ণ আৰু সাম্প্ৰতিক সময়ৰ প্ৰয়োজনীয় কথা লিখিছিল। এই লেখাটোৰ শিৰোনাম আছিল- দেশ সদায় প্ৰথম, তাৰ পাছতে দল আৰু শেষত নিজৰ কথা।

দেশত এতিয়া এক পৃথক ৰাজনৈতিক বাতাৱৰণ সৃষ্টি হৈছে। শাসকীয় বিজেপিয়ে ৬ এপ্ৰিলত দলটোৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব। সেই সময়ত বিজেপিৰ মাগদৰ্শক আদৱানীৰ চিন্তা-চৰ্চা প্ৰতিফলিত হোৱা এই লেখাটোক বিজেপি নেতৃত্বই উপলব্ধি কৰা ভাল। আদৱানীয়ে লিখিছে- '৬ এপ্ৰিলত বিজেপিয়ে প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব। সেই উপলক্ষ্যে আমি সকলোৱে বিজেপিৰ অতীত, ভৱিষ্যত আৰু বৰ্তমান চালিজাৰি চোৱা উচিত। দলটোৰ এজন প্ৰতিষ্ঠাপক হিচাপে মোৰ কৰ্তব্য, মোৰ চিন্তা চৰ্চা, মোৰ সপোন দেশবাসীৰ সৈতে ভাগ বতৰা কৰিব খুজিছো।

বিশেষকৈ মোৰ দলৰ লক্ষাধিক কৰ্মী, যিসকলে মোক অত্যাধিক মৰম আৰু সন্মানেৰে সমৃদ্ধ কৰি ৰাখিছে তেওঁলোকক এই কথাবোৰ মই ক'ব বিচাৰো।'

এইদৰে আদৱানীয়ে আৰম্ভ কৰিছিল এই লেখা। লেখাটোক এক পক্ষীয়ভাৱে চাবলৈ গ'লে বিজেপিৰ বাবে লিখা এটা সাধাৰণ লেখা। কিন্তু এই লেখাটোৰ মাজত বিজেপিৰ জ্যেষ্ঠ নেতাজনৰ ক্ষোভ, অভিমান বিৰাজমান হৈ আছে। বিজেপিক আজিৰ পৰ্যায়লৈ নিয়াত লালকৃষ্ণ আদৱানীৰ অৱদান কোনেও নুই কৰিব নোৱাৰে। জ্যেষ্ঠ নেতাজনক এইবাৰ দলত এলাগী কৰা হ'ল।

লেখাটোৰ দ্বিতীয় দফাত আদৱানীয়ে লিখিছে- 'Before I share my thoughts, I take this opportunity to convey my most sincere gratitude to the people of Gandhinagar, who have elected me to the Lok Sabha six times since 1991. Their love and support has always overwhelmed me.' 

'মই মোৰ চিন্তা চৰ্চা ব্যকত কৰাৰ আগতে মোৰ গভীৰ কৃতজ্ঞতা গান্ধীনগৰবাসীক জনাইছো। তেওঁলোকে মোক ১৯৯১ চনৰ পৰা এই সমষ্টিটোৰ পৰা ৬ বাৰকৈ লোকসভালৈ নিৰ্বাচিত কৰিছে। তেওঁলোকৰ এই মৰম চেনেহে মোক অভিভূত কৰি ৰাখিছে।'

পৰৱৰ্তী অংশত তেওঁ কেনেদৰে ১৪ বছৰ বয়সৰ পৰা আৰ এছ এছৰ সৈতে জড়িত হৈ পৰিছিল আৰু দেশমাতৃৰ বাবে তেওঁৰ কি দায়িত্ববোধ আছিল, তাৰ ব্যাখ্যা কৰিছে। ভাৰতীয় জনসংঘৰ পৰা আৰম্ভ কৰি ভাৰতীয় জনতা পাৰ্টীলৈকে দুয়োটা সংগঠনেৰে প্ৰতিষ্ঠাপক সদস্য আছিল আদৱানী। দীনদয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ীৰ সৈতে তেওঁ ঘনিষ্ঠভাৱে কাম কৰিছিল।

আদৱানীৰ মতে, তেওঁৰ জীৱনৰ দৰ্শন তথা আদৰ্শ হ'ল- প্ৰথম দেশ, তাৰ পাছত দল আৰু শেষত নিজৰ কথা। এই নীতিৰেই তেওঁ নিজক আগুৱাই নিছে সকলো পৰিস্থিতিতে। বৰ্তমানো তেওঁ এই নীতিত অটল আছে।

মূলতঃ এই লেখাটো তেওঁ দলীয় সতীৰ্থ সকলক উদ্দেশ্য কৰি লিখিছে। ইয়াত অন্তৰ্নিহিত অৰ্থ আৰু তাৎপৰ্য যথেষ্ট গভীৰ। গান্ধী নগৰ আসনৰ পৰা ৬ বাৰকৈ লোকসভালৈ নিৰ্বাচিত হোৱা লালকৃষ্ণ আদৱানীক ২০১৯ চনৰ লোকসভা নিৰ্বাচনত দলে প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে। এই সন্দৰ্ভত লালকৃষ্ণ আদৱানীক এবাৰো কোৱা নহ'ল। কিন্তু অভিজ্ঞ ৰাজনীতিবিদজনে ইয়াৰ কোনো প্ৰতিক্ৰিয়াই ব্যক্ত নকৰিলে।

তেওঁৰ মতে- সত্য, ৰাষ্ট্ৰৰ প্ৰতি দায়িত্ববোধ আৰু গণতন্ত্ৰৰ ওপৰত ভিত্তি কৰিয়েই বিজেপি দলৰ বিকাশ হৈছে। ভাৰতীয় গণতন্ত্ৰত এক বিশেষত্ব আছে। আৰম্ভণিৰ পৰাই বিজেপিয়ে কিছু নীতিত বিশ্বাস কৰি আহিছে। সেই নীতি আৰু দৰ্শনৰ ভিতৰত অন্যতম হ'ল- মতৰ কাৰোবাৰ পাৰ্থক্য থাকিব পাৰে, কিন্তু বিৰোধীক কেতিয়াও শত্ৰু গণ্য কৰা নহয়।

আদৱানীয়ে লিখিছে- বিজেপিয়ে আৰম্ভণিৰ পৰাই বিৰোধীক শত্ৰু জ্ঞান কৰা নাই। বিজেপিৰ সৈতে সহমত নহ'লেই কাকো ৰাষ্ট্ৰদ্ৰোহী বুলি কোৱা নাই। সত্য, ৰাষ্ট্ৰৰ প্ৰতি নিষ্ঠা আৰু গণতন্ত্ৰৰ ওপৰত ভিত্তি কৰি দলটোৰ বিকাশ হৈছে।' আদৱানীৰ এইখিনি কথাই সাম্প্ৰতিক সময়ৰ বিজেপিৰ নেতৃত্বই হৃদয়াংগম কৰিব লগা মূল কথা।

কেৱল বিজেপিয়েই নহয়, আন ৰাজনৈতিক দলৰ নেতৃত্বইও এই সত্যক অস্বীকাৰ কৰিব নোৱাৰে। বিৰোধীৰ সৈতে সহমত নাথাকিব পাৰে, কিন্তু সহমত নহ'লেই বিৰোধী কেতিয়াও ৰাষ্ট্ৰদ্ৰোহী হ'ব নোৱাৰে। আজিৰ পৰিপ্ৰেক্ষিতত শাসকীয় বিজেপি নেতৃত্বই বিৰোধীক ৰাষ্ট্ৰদ্ৰোহী বা শাসকীয় দলটোক সমালোচনা কৰিলেই ৰাষ্ট্ৰদ্ৰোহী আখ্যা দিয়ে।

দেশপ্ৰেমিক আৰু ৰাষ্ট্ৰদ্ৰোহীৰ সংজ্ঞা একাংশই আজি সলাই পেলাইছে। শাসনত থকা দলটোক বিভিন্নজনে প্ৰশ্ন কৰিব পাৰে। তেওঁলোকৰ মতৰ সৈতে সহমত নাথাকিব পাৰে। কিন্তু সেইবুলি বিজেপিক সমালোচনা কৰা মানেই ৰাষ্ট্ৰদ্ৰোহী নহয়। অতি শেহতীয়াকৈ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সভাসমূহত প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি শাসকীয় দলটোৰ নেতাই ভাৰত-পাকিস্তানৰ মাজত পুলাৱামা আক্ৰমণৰ পাছত সৃষ্টি হোৱা ঘটনা প্ৰৱাহক নিজা নিজাকৈ উপস্থাপন কৰিছে।

প্ৰধানমন্ত্ৰী আৰু বিজেপি নেতৃত্বৰ মতে, পুলৱামাৰ আক্ৰমণৰ পাছত ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ ভূমিত প্ৰৱেশ কৰি পাক সন্ত্ৰাসবাদীৰ ঘাটী নিঃশেষ কৰিছিল। এয়া তেওঁলোকৰ দেশপ্ৰেমৰ নমুনা। বিৰোধীয়ে ভাৰতীয় বায়ু সেনাই চলোৱা বালাকোটৰ আক্ৰমণত কিমান সন্ত্ৰাসবাদী নিহত হ'ল বা কি ক্ষতি হ'ল তাৰ তথ্য প্ৰমাণ বিচাৰিছিল চৰকাৰক।

দুয়োটাতে দেশপ্ৰেমৰ প্ৰতিশ্ৰুতি আছে। এক পক্ষই সন্ত্ৰাসবাদীক দমন কৰা বুলি দাবী কৰিছে, আৰু আনটো পক্ষই সুধিছে যদি সন্ত্ৰাসবাদী দমন কৰিছিলা তেন্তে তাৰ প্ৰমাণ কি? এই আক্ৰমণ চলাবলৈ যাওতে ব্যয় হোৱা ধন কোনো ৰাজনৈতিক দলৰ জেপৰ পৰা হোৱা নাই। সেহেয়ে কি হ'ল সেয়া জনাৰ অধিকাৰ আছে দেশবাসীৰ।

যদি নিৰাপত্তাৰ স্বাৰ্থত এয়া গোপনীয়, তেন্তে প্ৰথমেই চৰকাৰে সেই গোপনীয়তা ভংগ কৰিব নালাগিছিল। মোডী চৰকাৰে বালাকোটৰ আক্ৰমণক নিৰ্বাচনী ষ্টাম্প ৰূপে ব্যৱহাৰ কৰি নিৰ্বাচনী প্ৰচাৰ সভাত দেশপ্ৰেমৰ আবেগ সৃষ্টিৰে এই ছাৰ্জিকেল ষ্ট্ৰাইকত কি হ'ল বুলি প্ৰশ্ন কৰা সকলক দেশদ্ৰোহীৰ শাৰীলৈ ঠেলি দিছে।

লালকৃষ্ণ আদৱানীৰ দৰে জ্যেষ্ঠ নেতাৰ উপলব্ধিত সেয়া বিজেপিৰ দৰ্শন নহয়। সহমত নাথাকিলেই কাৰো দেশদ্ৰোহী সজাব নোৱাৰি। সমগ্ৰ দেশজুৰি এনে বাতাৱৰণেই এতিয়া বিৰাজ কৰিছে। বিজেপিক সমৰ্থন কৰা সকলেই দেশপ্ৰেমিক আৰু বিৰোধিতা কৰাসকল দেশদ্ৰোহী বুলি চলোৱা প্ৰচাৰে এক বিশেষ পক্ষক ৰাজনৈতিকভাৱে সহায় কৰিছে নেকি সেয়াও লক্ষণীয়।

তাৰ মাজতেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ভাৰতীয় সেনাক 'মোডী বাহিনী' বুলি মন্তব্য কৰাতো দুৰ্ভাগ্যজনক। ৰাজনীতিত অভিযোগ-প্ৰতি অভিযোগৰ যুঁজ চলে। কিন্তু সেই যুঁজ কিমান পৰ্যায়লৈ নামিব আৰু ইয়াৰ দ্বাৰা দেশৰ বা সমাজৰ কি লাভ হ'ব তাকো মন কৰিব লাগিব।

কাৰোবাক ইচ্ছা গ'লেই দেশদ্ৰোহী আখ্যা দিয়াৰ প্ৰৱণতা বৃদ্ধি হৈছে। দিল্লীৰ পৰা আৰম্ভ কৰি ভিতৰুৱা অঞ্চলতো সেই প্ৰৱণতা এনেদৰে শিপাইছে যে যাৰ যি ইচ্ছা সেয়াই কৰিবলৈ লৈছে। নৈতিকতাবোধৰ অভাৱৰ বাবে বৰ্তমানৰ ৰাজনীতিত স্খলিত এক প্ৰৱণতাই গা কৰি উঠিছে। সেয়া গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি তীব্ৰ ভাবুকি।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লালকৃষ্ণ আদৱানীৰ সেই বিশেষ লেখাটোৰ পাছতে ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি টুইট কৰিছে। নিজকে বিজেপি কৰ্মকৰ্তা বুলি ইয়াৰ বাবে গৌৰৱবোধ কৰিছো বুলি কোৱা মোডীয়ে কিন্তু আদৱানীৰ মন্তব্য হৃদয়ংগম কৰিও বাহিৰত এক বিপৰীত প্ৰতিচ্ছবিৰে এই সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰিছে।

মূল্যবোধৰ ৰাজনীতিত আদৱানীৰ অভিজ্ঞতা আৰু বিৰোধীক সন্মান জনোৱাৰ প্ৰৱণতাই ৰাজনীতিত প্ৰমূল্যবোধৰ প্ৰয়োজনীয়তাক সোঁৱৰাই দিছে। আনে ক'লে নামানিলেও দলটোৰে পিতামহ স্বৰূপ আদৱানীৰ এই কথাখিনি বিজেপিৰ নেতৃত্ব তথা আন ৰাজনৈতিক দলৰ নেতৃত্বইও হৃদয়ংগম কৰিলে দেশবাসীৰে মংগল। কিয়নো এখন গণতান্ত্ৰিক দেশত শাসকীয় দলৰ সমানেই বিৰোধীৰো ভূমিকা থাকে। বিৰোধী মানেই শত্ৰু নহয়। একেদৰে বিৰোধী মানেই কেৱল বিৰোধিতা কৰাই কাম নহয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in