কাঁহা গৈলা হৰি মোৰ গোপাল স্বামী…

কাঁহা গৈলা হৰি মোৰ গোপাল স্বামী…

বৈষ্ণৱ পণ্ডিত ডঃ নাৰায়ণ গোস্বামীদেৱৰ ব্যক্তিত্ব সৃষ্টি কৰ্ম আৰু নিজস্ব সমাজ দৰ্শনৰ সমকক্ষ আধ্যাত্মিক পণ্ডিত সাম্প্ৰতিক সময়ত নাই বুলিব পাৰি। তেনে এক মহিৰূহৰ বিয়োগে সমগ্ৰ অসমৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সমাজক্ষেত্ৰৰ অগ্ৰণী সকলোকে মৰ্মাহত কৰিছে। তেওঁৰ অনুগামীসকলৰ মতে গুৰুজনাৰ এই বিয়োগত মাৰ্গ দৰ্শনকাৰীৰ অন্তৰ্ধানে দিশহাৰা কৰাৰ দৰেই সকলোকে অথাই সাগৰত পেলাইছে। তাৰেই আভাস দিব খুজিছে আজি 'মোৰ মত'ত তেৰাৰ অনুগামী তীৰ্থ ভূঞা বৰগায়নে

মহাপুৰুষ মাধৱদেৱৰ নুমলীয়া তথা প্ৰিয় শিষ্য ,শ্ৰীশ্ৰী বদলা পদ্ম আতা । সেই উজনীয়া বাপুঘৰ, বদলা পদ্ম আতা থানৰ অক্ষয় বন্ত্ৰীধাৰী শ্ৰীশ্ৰী নতুন কমলাবাৰী সত্ৰ। দ্বিতীয় বৈকুণ্ঠ বুলিবৰ হে যোগ্য । হৰি গুন গোৱা ডেৰশতাধিক উদাস বাপুসকল।দধি, দুগ্ধ,ঘৃত, মধূৰ ৰসাস্বাদন কৰে । দেহ-মন  উজাৰি নৃত্য- নাট , গীত বাদ্যৰ অনুশীলন কৰে অবিৰাম ।

নিজে ধন্য হয় , ধন্যহয় পিতৃ পিতামহ। ভকতি মুকুতিৰ সন্ধান দিয়ে লোকাইক । কত তপসাই নৰতনো পাই, হেলাত জনম বিফলে যাৱলে নিদিয়ে। পূজ্যস্পাদ সত্ৰাধিকাৰ  ইয়াৰ মধ্যমনি । বৈদুৰ্যমনি বুলিলেহে হেপাঁহ পলায় ।আত্মাক পৰমাত্মা সুখী কৰাৰ দিহা দিয়ে নিৰন্তৰ । লাখ লাখ জনৰ প্ৰজ্ঞা পিপাসাক আকণ্ঠে পান কৰাইছিল । নমস্য পূজ্যস্পাদ ডি.লিট শ্ৰীশ্ৰীনাৰায়ণ চন্দ্ৰ গোস্বামী(প্ৰভূ ইশ্বৰ) । ১৬৭৩ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত সত্ৰখনিৰ উদাসীন সমস্ত বৈষ্ণৱৰ লগতে , অসমৰ বিভিন্ন স্থানত থকা  লক্ষ্য লক্ষ্য শিষ্য-প্ৰশিষ্য সৱৰ সৰ্ব দিশৰ তৰন উত্তৰনৰ এগৰাকী অব্যৰ্থ কাণ্ডাৰী ৰূপে বিবেচিত হৈছিল । সুশ্ৰী,শক্তিমন্ত,দুৰৰ্দৰ্শী, উদাৰ, তত্ত্বজ্ঞ, পণ্ডিত, ত্যাগৰ প্ৰতিমূৰ্তি, আধুনিক চিন্তা মনৰ সত্ৰাধিকাৰ ।

সত্ৰীয়া সংস্কৃতিৰ গৱেষক সাহিত্যিক, সংস্কৃতিৰ সাধক,ধৰ্মগুৰু, সুবক্তা, সমাজকৰ্মী ,সাংস্কৃতিৰ সংগঠক আছিল প্ৰভূ জনা। গুৰু দুজনাৰ অৱদান সত্ৰীয়া সংস্কৃতিৰ চিৰপ্ৰবাহিত ধাৰা বোৱাই ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰা ধৰ্মগুৰু নাৰায়ন চন্দ্ৰ গোস্বামী।বিশ্বজনীন  সত্ৰীয়া সংস্কৃতিক   জীৱন্ত ৰূপত ৰাখিবলৈ সীমাহীন ত্যাগ পৰিশ্ৰম ,কষ্ট,আত্মনিয়োগ কৰা  বৈষ্ণৱ পণ্ডিত সত্ৰাধিকাৰ গৰাকী আছিল একক অনন্য অদ্বিতীয়। কীৰ্তন ঘৰৰ মজিয়াত থিয়দঙা দিয়া গুৰুজনাৰ কলা সম্ভাৰ ,সাহিত্য  প্ৰচাৰ প্ৰসাৰত নিজকে সৈনিক হিচাপে আত্মনিয়োগ কৰিছিল  ওৰেতো জীৱন। ১৯৪২ চনত ঐতিহাসিক মাজুলীৰ চামগুৰি সত্ৰত জন্ম গ্ৰহন কৰিছিল সত্ৰাধিকাৰে ।

  পিতৃ ৰোষেশ্বৰ গোস্বামী (নতুন চামগুৰি সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ) আৰু মাতৃ বসুন্ধৰা দেৱী য়ে গভীৰ পুত্ৰস্নেহ ত্যাগ কৰি আঁচলৰ ধন কণিষ্ঠ পুত্ৰক অৰ্পি দিছিল প্ৰয়াত সত্ৰাধিকাৰ ঘনকান্ত দেৱ গোস্বামী ৰ হাতত । ৮ বছৰ বয়সতে অথাৎ জোনাকী পৰুৱা খেদি ফুৰা বয়সতে কঠোৰ উদাসীন পৰম্পৰা  "ঘিউত কাইট বচা "  সত্ৰ খনিলৈ আনয়ন হৈছিল নাৰায়ন চন্দ্ৰ গোস্বামী।  ১৯৫০ চনৰ ১৩ মে' (১৬ জেঠ) ৰ দিনা উদাস পৰম্পৰা আৰম্ভ কৰিছিল তেৰাই । শৰন ,ভজন গ্ৰহন কৰি  ভকত , নাম গুৰু দেৱ ,চাৰি বস্তূ দীক্ষা লৈ কেৱলীয়া সত্ৰৰ কঠোৰ নীতি-নিয়মৰ লক্ষ্মণৰেখাৰ মাজত সোমাব লগা হ'ল। 

          সত্ৰৰ চাৰিবেৰৰ মাজত আৰম্ভ হ'ল সত্ৰীয়া নৃত্য- টোটয় চপয় ভটিমা বৰগীত- খোল বাদ্য, নামলগোৱা পাঠক আদিৰ সত্ৰীয়া শিক্ষা ।  একেলগে চলিল সংস্কৃত তথা আনুষ্ঠানিক শিক্ষা। তেৰাই শাস্ত্ৰী উপাধি লাভ কৰে ১৯৭৯ চনত। তেখেতে সত্ৰৰ ভিতৰতে থাকি শিক্ষা লাভ কৰিবলগা হোৱাৰ কাৰণটো হ'ল তেতিয়াৰ দিনত সত্ৰাধিকাৰ আসন অলংকৃত কৰিবলৈ যোৱা সকলক বাহিৰৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ দিয়া নহৈছিল, কেৱল নীতি-নিয়ম ভংগ হোৱাৰ আশংকাত।

১৯৫৪ চনৰ মাঘ মাহত মাত্র ১২ বছৰ বয়সতে তেৰাই 'ডেকা সত্ৰাধিকাৰ ' নিৰ্মালি গ্ৰহণ কৰিছিল। ১৯৭২ চনৰ পুহ মাহত ৩০ বছৰ বয়সত সত্ৰাধিকাৰ নিৰ্মালি গ্ৰহণ কৰি শ্ৰী শ্ৰী নাৰায়ণ চন্দ্র গোস্বামী দেৱে শিষ্য প্ৰষিশ্যৰ ইহকাল পৰকালৰ আধ্যাত্মিক শিক্ষা প্ৰদান কৰিছিল। দীক্ষা দি লোকাইক আধ্যাত্মিক আৰু ভকত নাম গুৰু দেৱক চিনাকি কৰি দিছিল। ইয়াৰ উপৰিও তেৰাই আৰম্ভ কৰিছিল দুজনা গুৰুৰ সাহিত্য-সংস্কৃতি বিশ্বজনীন কৰা কামত। ১৯৭৪ চনৰ জানুৱাৰী মাহত কমলাবাৰী সত্ৰৰ সংস্কৃত টোলৰ অধ্যক্ষ ৰূপে কৰ্মত যোগদান কৰি কিছু বছৰৰ আগতে অৱসৰ গ্ৰহণ কৰে।

তেখেতৰ সাহিত্য কৰ্ম অসমীয়া সাহিত্যৰ ভঢ়াল চহকী কৰি থৈ গৈছে।

 তেখেতৰ বহু কেইখন মনোজ্ঞ গ্ৰন্থৰ ভিতৰত

১। সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা(১২শ পৃষ্ঠা, ১৯৮৪ চন, ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তর্ভুক্ত)।

২। ব্ৰজাৱলী ভাষাৰ ব্যাকৰণ আৰু অভিধান, ১৩৯৩ চন।

৩। অসমত ভাওনাৰ পৰম্পৰা, ১৯৯১ চন।

৪। গুৰু কোন, ১৯৯৬ চন।

৫। কীৰ্তনঘোষা আৰু নামঘোষাৰ তত্ত্বাৰ্থ সমীক্ষা, ১৯৯৬ চন।

৬। শংকৰী ধৰ্ম সংস্কৃতিৰ অন্তৰ্জল, ৭৪ চন।

৭। দামোদৰ দেৱৰ গুৰু কোন, ১৯৭৭ চন।

৮। অস্পৃশ্যতা বৰ্জন, ১৯৬৭ চন।

৯। শ্রীমন্ত শংকৰদেৱৰ সাহিত্যৰ মৌলিকতা বিচাৰ, দুটা খণ্ড, ২০০৯ আৰু ২০১০ চন।

১০। মহাপুৰুষ শংকৰদেৱ আৰু হৰিদেৱ, ২০০৫ চন।

১১। অসমৰ শ্ৰাদ্ধবিধি বিশ্বাস আৰু বিস্ময়, ২০১৮ চন।

১২। শ্রী নাৰায়ণ চন্দ্র গোস্বামী প্ৰবন্ধাৱলী, চাৰিটা খণ্ড।

১৩। অংকীয়া নাটৰ গদ্যানুবাদ, ২০১০ চন।

১৪। সত্ৰীয়া নৃত্যৰ ব্যাকৰণ।

১৫। বাল্মীকি ৰামায়ন গদ্যানুবাদ ২০২০      

১৬। শংকৰ চৰিত।

১৭। শ্ৰীমদভাগৱত গীতা সদ্যানুবাদ।

১৮। শংকৰ গোসাই চৰিত , উৰিয়াৰ পৰা অনুবাদ।

১৯। হৰিচন্দ উপ্যাখ্যান গদ্য ৰূপ

২০। অসমত ভাওনা পৰম্পৰা  আদি কুৰিখনতকৈয়ো অধিক গ্ৰন্থ ৰচনা কৰে। য'ত বিচাৰি পোৱা যায় জ্ঞান বিঞ্জান তদংগ ৰহস্য।

তেখেতৰ সম্পাদিত গ্ৰন্থ সমূহ:

১। কীৰ্তনঘোষা আৰু নামঘোষা (১-ক) প্ৰাচীন লিপিত ১৯৯২ চন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তর্ভুক্ত (১-খ) আধুনিক লিপিত।

২। বৰগীত।

৩। বাৰছোৱা অংকীয়া নাট।

৪। শ্রী মদভাগৱত (পদ্যানুবাদ)।

৫। শংকৰদেৱৰ ৰচনাৱলী।

৬। মাধৱদেৱৰ ৰচনাৱলী।

৭। সচিত্র অংকাৱলী।

৮। ফৌজীয়া নাট।

৯। বাল্মীকি ৰামায়ণৰ পদ্যানুবাদ।

১০। শ্রী মদভাগৱত গীতা ইত্যাদি।

নাট্য সাহিত্য :

১। নৰকাসুৰ বধ।

২। গয়াসুৰৰ হৰি পাদপদ্ম লাভ।

৩। অৱন্তী উদ্ধাৰ।

৪। ৰাসলীলা।

৫। প্ৰহ্লাদৰ বৈকুণ্ঠ অভিযান।

৬। অন্ধকাসুৰ বধ।

৭। দ্বাপৰৰ দৰ্প চূৰ্ণ।

৮। ৰাম-হনুমানৰ যুদ্ধ।

৯। উষা অনিৰুদ্ধ।

দুখন কবিতা পুথি:

১। নামঘৰৰ দুৰ্দশা

২। ভকতৰ ভণ্ডামি

সমাজকৰ্মী সত্ৰাধিকাৰ প্ৰভূৱে জনকল্যাণ মূলক কাম কৰি থৈ গৈছে ইয়াৰ ভিতৰত-

(ক) 'শংকৰী কলা-কৃষ্টি বিকাশ সমিতি' নামৰ অনুষ্ঠান গঠন (১৯৭৩)

(খ) যোৰহাটত চাহ বাগিচা স্থাপন আৰু চাহ বাগিচা কৰ্মীৰ কল্যাণাৰ্থে 'শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্র' গঠন (১৯৭৭)

(গ) মাজুলী সত্ৰীয়া সংগীত মহাবিদ্যালয় স্থাপন (১৯৮১)

(ঘ) শংকৰী নাট্য-নৃত্য কলা মন্দিৰ নামেৰে প্ৰেক্ষাগৃহ প্ৰতিষ্ঠা (১৯৯৩/৯৪)

(ঙ) সত্ৰৰ দুটি দুমহলীয়া অতিথিশালা নিৰ্মাণ

(চ) শংকৰ জ্যোতি পুথিভঁৰাল নিৰ্মাণ (২০০২)

      তেখেতে কেৱল সাহিত্য জগততে উজ্বল ৰত্ন হৈ জিলিকা নাছিল সত্ৰীয়া সংস্কৃতি প্ৰচাৰ প্ৰসাৰতো আত্মনিয়োগ কৰিছিল । অসম তথা  ভাৰতৰ বিভিন্ন প্ৰদেশ যেনে দিল্লী, উত্তৰ প্ৰদেশ, উৰিষ্যা, তামিলনাড়ু, কেৰালা, মধ্যপ্ৰদেশ, পঞ্জাব, মেঘালয় আদিত অংকীয়া নাট, সত্ৰীয়া  নৃত্য প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল। গুৱাহাটী, ডিব্ৰুগড়, উৰিষ্যাৰ আকাশবাণী কেন্দ্ৰত নাটক, নাম-প্ৰসঙ্গ বাণীবদ্ধকৰণ।

সীমাৰ পৰিধি ভাঙি, ভূতপূর্ব ৰাষ্ট্ৰপতি প্ৰয়াত ফখৰুদ্দিন আলি আহমেদ দেৱৰ বদন্যতাত ইণ্ডোনেছিয়াৰ জাকাৰ্টাত উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণবৰ সহিতে 'ৰামবিজয়' অংকীয়া ভাওনা প্ৰদৰ্শন, কৰিছিল ১৯৭৫ চনত। সদৌ অসম অংকীয়া ভাওনা সমাৰোহ ২০০৯ আৰু ২০১০ চনৰ কাৰ্যসূচী আছিল অন্যতম লেখত লৱলগীয়া কাৰ্যসূচী। অংকীয়া ভাওনাক সৰ্বস্তৰৰ মাজলৈ প্ৰবাহিত কৰিছিল ।

          মাজুলী সত্ৰীয়া সংগীত মহাবিদ্যালয়, শংকৰী কলা কৃষ্টি বিকাশৰ বিভিন্ন অনুষ্ঠানসমূহৰ দায়িত্বৰ উপৰিও অসম সংস্কৃত বোৰ্ডৰ সদস্য মনোনীত, অসম সাংস্কৃতিক বিভাগৰ উপদেষ্টা মনোনীত, ১৯৯১-৯৬ চনৰ 'শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ' নিৰ্মাণ সমিতিৰ সদস্য, উত্তৰ পূব ক্ষেত্ৰত সাংস্কৃতিক কেন্দ্র (North East Zone Cultural Center, Dimapur) ৰ দুবছৰীয়া কাৰ্য্যকালৰ বাবে সদস্য মনোনীত, অসম গণনাট্য সংঘৰ উপ সভাপতি, ২০০০-২০০৪ চনৰ বাবে অসম সত্ৰ মহাসভাৰ সভাপতি ৰূপে নিৰ্বাচিত, শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ 'শংকৰদেৱ অধ্যয়ন আৰু সত্ৰীয়া সংস্কৃতি প্ৰতিষ্ঠান সমিতি' ৰ সদস্য। অসম সত্ৰ মহাসভাৰ দুটা কাৰ্যকালৰ সভাপতিৰ আসন অলংকৃত কৰিছিল তেওঁ। ইয়াৰোপৰি তেখেতে অসমৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মুখ্য পৃষ্ঠপোষক-উপদেষ্টা হিচাপে থাকিব লগীয়া হৈছিল।

তেখেতে জীৱিত কালত লাভ কৰিছিল অসংখ্য সন্মান আৰু বঁটা:    তেখেত  আছিল প্ৰজ্ঞাৰ সাধক সংস্কৃতিৰ পূজাৰী। বৈষ্ণৱ পণ্ডিত জনে  এটা দশকৰ আগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় 'ডি লিট' (Doctor of Literature) উপাধি প্ৰদান কৰে। মহাপুৰুষ 'শ্রীমন্ত শংকৰদেৱ বঁটা (২০০৪ চন)'। ইয়াৰোপৰি 'সাহিত্য অকাঁডেমী বঁটা', অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন (২০০০ চন), চন্দ্রকান্ত হীৰাপ্ৰভা ন্যাস বঁটা (২০০২ চন), মাখন প্ৰসাদ দুৱৰা স্মাৰক বঁটা (২০০৪ চন), সত্ৰ ৰত্ন উপাধি (২০০৫ চন), শ্রীমন্ত শংকৰদেৱ শিল্প সাধনা বঁটা, জীৱনজোৰা সাধনা বঁটা, গুৰু শংকৰ মাধৱ বঁটা, কৃষ্ণনন্দ দুৱৰা বঁটা, সাংস্কৃতিক ভূষণ সত্ৰৰত্ন বটা, নন্দ দুৱৰা বটাঁ আদি কুৰিৰো অধিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।  

  তেৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় নগাওঁ, অতিথি অধ্যাপক হিচাপে সন্মান লাভ কৰিছিল। সত্ৰীয়া সংস্কৃতিৰ ৰূপ-ৰসত ৰসস্নাত হৈ জাতীয়ত্বৰ নিদৰ্শন ৰূপত উজলাই উঠাবলৈ সক্ষম হোৱা প্ৰভূৱে শংকৰ -মাধৱৰ সৃষ্ট চহকী সংস্কৃতিৰ এচেৰেঙা পোহৰ বিশ্বব্যাপী স্পৰ্শ কৰাই দিয়াতো সৰ্বজনবিদিত । এগৰাকী মুকুট বিহীন সম্ৰাট।  সাহিত্যিক পেঞ্চন লাভ কৰা প্ৰভূ সত্ৰীয়া সংস্কৃতিৰ এটি মুকুটা । সাহিত্য, সংস্কৃতিৰ ভড়াল চহকী কৰা বৈষ্ণৱ পণ্ডিত, বৈদুৰ্যমনি গৰাকীৰ আজি বৈকুণ্ঠী হোৱাত আমি এজন অভিভাৱক হেৰুৱালো।

উদাসী পৰম্পৰা কমলাবাৰী সত্ৰৰ বৈষ্ণৱ সকল আজি মৰ্মাহত । তেৰাই ইহকাল পৰকালৰ শিক্ষা দীক্ষা প্ৰদান কৰি জীৱৰ তৰন উত্তৰনৰ পথ দেখুৱাই গৈচে ।  অসাধাৰণ পাণ্ডিত্বৰ গৰাকী সত্ৰাধিকাৰ পণ্ডিত জনে ৭৮ বছৰ বয়সতে নৰনাট সামৰি বৈকুণ্ঠে উঠিল । প্ৰভূ ইশ্বৰ নৰনাট সামৰট্য সম্বৰনত সকলো শোকাকুল হৈ পৰিল। জুই য়ে পোৰা সোনৰ দৰে উজ্বল  তেৰাৰ আৰ্দশ মহান শিক্ষা, পাণ্ডিত্ব, সাহিত্য সংস্কৃতিলৈ অৱদান,মহান শিক্ষা, সমাজহিতৈষী কৰ্মৰাজিৰে আমালৈ থৈ গল উজ্বল আদৰ্শ আৰু অবিস্মৰণীয় স্মৃতি ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in