লামডিং বনাঞ্চলত শিহৰণকাৰী ঘটনা,গাড়ী সৰবৰাহী কবলত ডিব্ৰুগড়ৰৰ চালক…

লামডিং বনাঞ্চলত শিহৰণকাৰী ঘটনা,গাড়ী সৰবৰাহী কবলত ডিব্ৰুগড়ৰৰ চালক…

ডিজিটেল সংবাদ, লামডিঙঃ লামডিঙ বনাঞ্চলত সংঘটিত হৈছে এক শিহৰণকাৰী ঘটনা।
গাড়ীত ভাড়াতীয়া অনাটোৱে কাল হ'ল এজন যুৱকৰ ৷ আপোনাৰ যদি মালবাহী বাহন আছে তেনেহলে অচিনাকী ভাড়াতীয়াক উঠোৱাৰ আগত এশবাৰ ভাৱক। নহ'লে আপুনি হেৰুৱাব লাগিব গাড়ীসহ আপোনাৰ জীৱন৷

পুণৰ গাড়ী সৰবৰাহকাৰী মাফিয়াৰ দপদপনি৷ লংকা-লামডিং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লামডিং বনাঞ্চলৰ মাজত সংঘটিত হয় এই ডকাইটি কাণ্ডৰ ঘটনা। দূৰ্বিত্তৰ এটি দলে ডিব্ৰুগড়ৰ বাছ ষ্টেণ্ডৰ পৰা ভাড়ালৈ অনা মালবাহী গাড়ীৰ চালকক মাৰপিট কৰি, লামডিং বনাঞ্চলত পেলাই থৈ গাড়ী লৈ উধাও হয়। আঘাত প্ৰাপ্ত চালক জনৰ নাম কাশি ঔড়ে ওৰফে ৰাহুল।তেওঁৰ ঘৰ ডিব্ৰুগড়ত ।

চুৰি হোৱা বলেৰো পিক‌আপ ভান খনৰ নম্বৰ এএছ০৬ বিচি ৫১৬৩ । ঘটনা সন্দৰ্ভত গাড়ী চালক জনৰ ভাষ্য অনুসৰি জানিব পৰা মতে ৰাহুল নামৰ বলেৰ'পিক আপ ভানৰ চালক জনক দুজন ব্যক্তিয়ে ডিব্ৰুগড়ৰ পৰা নগাঁওলৈ ঘৰৰ বয়-বস্তু অনাৰ বাবে লৈছিল ভাড়ালৈ। পিছত নগাঁও বাইপাছ পোৱাত,লংকাতো ঘৰৰ আন বয়-বস্ত আছে বুলি দুই দুৰ্বিত্তই লংকা দিশে গাড়ীখন লৈ আহে । পিছত বলেৰ পিক আপ ভানৰ চালক জনৰ পথ চিনি নোপোৱাৰ সুযোগ লৈ লংকা পোৱাৰ পিছত দলটোৱে আৰু লগৰ কেইজনমানক গাড়ীত উঠাই নিশা লংকা- লামডিং সংযোগী পথেৰে বনাঞ্চলৰ দিশে লৈ যায়।

বনাঞ্চলৰ ঘন অৰণ্য পোৱাৰ পিছত গাড়ী চালকজনক দলটোৱে প্ৰথমে চকুত আৰু পিছত ডিঙিত পিছফালৰ পৰা চেপি মাৰপিট কৰি ,গাড়ীৰ পৰা নমাই লামডিং বনাঞ্চলত পেলাই থৈ গাড়ী লৈ উধাও হয়। পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত চালক জনে খোজ কাঢ়ি লংকাৰ মালবাহী বাহন সংন্থাৰ সহায় লৈ লংকা থানাৰ কাষ চাপে ৷ ঘটনা লামডিঙ বনাঞ্চল হোৱাৰ বাবে ভূক্তভোগী যুৱক জনক লামডিং আৰক্ষী থানালৈ প্ৰেৰণ কৰাৰ লগতে প্ৰাথমিক চিকিৎসা প্ৰদান কৰে ৷ বৰ্তমান চালকজনে লামডিঙ আৰক্ষী সহায় বিচাৰি আহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in