ফাৰ্ষ্ট বেবী অৱ ডিজিটেল ইণ্ডিয়াঃ জন্মৰ ২ ঘন্টাৰ ভিতৰতে পাছপৰ্ট, ৰেছন কাৰ্ডৰ সুবিধা

ফাৰ্ষ্ট বেবী অৱ ডিজিটেল ইণ্ডিয়াঃ জন্মৰ ২ ঘন্টাৰ ভিতৰতে পাছপৰ্ট, ৰেছন কাৰ্ডৰ সুবিধা

ডিজিটেল ডেস্কঃ গুজৰাটৰ চুৰটৰ এটি নৱজাতকৰ জন্মৰ ২ ঘন্টাৰ ভিতৰতে প্ৰদান কৰা হ'ল ডিজিটেল ইণ্ডিয়াৰ সকলো সা-সুবিধা৷ জন্মৰ মাত্ৰ দুই ঘন্টাৰ ভিতৰতে নব্যা অংকিত নকৰাণী নামৰ এই শিশুটিয়ে জন্মৰ প্ৰমান পত্ৰ লাভ কৰাৰ লগতে লাভ কৰে পাছপৰ্ট আৰু ৰেছন কাৰ্ডৰ সুবিধাও৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়াত নৱজাতকটোৰ পিতৃ অংকিতে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷ তেওঁ পেছাত এগৰাকী উকীল হোৱাৰ লগতে ব্যৱসায়ৰ লগতো জড়িত৷ প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াৰ সপোন বাস্তবায়িত কৰাৰ ক্ষেত্ৰত অংকিতে গ্ৰহণ কৰা ভূমিকাৰ বাবেই তেওঁৰ সদ্যজাত কন্যা সন্তানটোক ডিজিটেল ইণ্ডিয়াৰ সকলো সুবিধা প্ৰদান কৰা হয়৷

আনহাতে নব্যা অংকিত নকৰাণী নামৰ এই শিশুটিক 'ফাৰ্ষ্ট বেবী অৱ ডিজিটেল ইণ্ডিয়া' হিচাপে ঘোষণা কৰা হৈছে৷ জন্মৰ পিছতেই শিশুটিৰ বাবে সকলো সুবিধা লাভ কৰি উৎফুল্লিত হৈ পৰিছে শিশুটিৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালবৰ্গ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in