নাৰায়ণপুৰৰ মধুপুৰত অৰ্দ্ধমৃত অৱস্থাত উদ্ধাৰ এজন লোক…

নাৰায়ণপুৰৰ মধুপুৰত অৰ্দ্ধমৃত অৱস্থাত উদ্ধাৰ এজন লোক…

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মধুপুৰত অৰ্দ্ধমৃত অৱস্থাত এজন লোকক উদ্ধাৰ কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । স্থানীয় ক্ষিৰেশ্বৰ শইকীয়া নামৰ লোক জনৰ গোহালি ঘৰত উদ্ধাৰ হয় দেহটো ।নিজ ঘৰৰপৰা প্ৰায় আধা কিলোমিটাৰ দূৰত্বত উদ্ধাৰ হোৱা লোক জনক জান শইকীয় বুলি চিনাক্ত কৰা হৈছে ।

পুৱা ঘৰৰ গৰাকীয়ে দেখা পাই পৰিয়ালক খবৰ দিয়ে । লগে লগে পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি ঘৰলৈ আনি থকা অৱস্থাত পথতে মৃত্যু হয় লোকজনৰ । দুটি সন্তানৰ পিতৃ লোক জনৰ দেহৰ কেবা অংশটো আঘাতৰ চিন স্পষ্ট বুলি জানিব পৰা গৈছে । আনহাতে নিশা ঘৰৰপৰা ওলাই যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে । হত্যাকাণ্ড নে আত্মহত্যা সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই । পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in