হোটেলত সোমাল প্ৰকাণ্ড বাঘ…

হোটেলত সোমাল প্ৰকাণ্ড বাঘ…

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ থানেৰে এখন হোটেলত লাগিল হুৱাদুৱা। পুৱাই হোটেল খুলিবলৈ অহা কৰ্মচাৰীয়ে চি চি টিভিত প্ৰত্যক্ষ কৰিলে যে হোটেলৰ চিৰিত ঘূৰি ফুৰিছে এটা প্ৰকাণ্ড বাঘ।

লগে লগে লাগিল হুৱাদুৱা। খবৰ দিয়া হ'ল আৰক্ষীক। আৰক্ষীৰ আহি হোটেল খন বন্ধ কৰি আৱদ্ধ কৰি ৰাখিছে বাঘটো।

আৰক্ষী অধীক্ষক প্ৰদীপ গিৰিধৰে জনাইছে যে- বাঘটোক হোটেলৰ এটা কোঠাত আৱদ্ধ কৰি ৰখা হৈছে আৰু বাঘটোক উদ্ধাৰৰ বাবে ইতিমধ্যে বন বিভাগে অভিযান আৰম্ভ কৰিছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in