শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

৩২ বছৰে খবৰ বিলোৱা মানুহজনৰ খবৰ

শ্লোগান নহয়, জীৱনৰ স্বচ্চতা আৰু স্বাভিমানৰ প্ৰতিহে আস্থাশীল দেৱাশীষ পাল

1,013

♦ পলাশ জ্যোতি গগৈ

জীৱন মানে কাৰোবাৰ মতে এক সংগ্ৰাম। বহুতৰ বাবে আকৌ সংকটত নপৰাকৈ জীৱন যাপন কৰাটোৱেই সফলতা। জীৱন সন্দৰ্ভত বিভিন্ন পৰীক্ষা নিৰীক্ষা চলোৱা বহুতে কয়, জীৱন কেৱল যাপনৰ বাবে নহয়, সুখেই হওক, দুখেই হওক তাৰ মাজেৰে ইয়াক উদযাপন কৰাত জীৱনৰ প্ৰকৃত মাদকতা অনুভৱ কৰিব পাৰি। সেয়া যিয়ে নহওক, প্ৰত্যেকৰে জীৱনত প্ৰতিটো দিন পাৰিবাৰিক বাধ্যবাধকতাই গঢ়ি তোলা অভ্যাসৰ মাজেৰে আৰম্ভ হয় জীৱনৰ প্ৰতিটো দিন। কাৰোবাৰ যদি পুৱা চকুহাল মেলিয়ে ফিকা চাহকাপলৈ মনত পৰে। কাব্যিক মনৰ কোনোবাৰ বাবে আন্ধাৰ তথা নিশাৰ চকুলো সদৃশ দুৱৰিৰ আগত সূৰুজৰ কিৰণ তিৰবিৰাই থকা নিয়ৰৰ টোপাল গছকি এটা ভাল দিনৰ আৰম্ভণি কৰিবলৈ নাপালে ভাল নালাগে।

উৰুখা পঁজাৰ শেতেলীত সুখৰ সপোনেৰে সুখৰ নিদ্ৰা পাৰ কৰা শ্ৰমিক, মজদুৰ, হকাৰ আদিৰ দিনটোৰ আৰম্ভণি চাহ কাপ অথবা নিয়ৰৰ টোপালৰ পৰশৰ মাজেৰে আৰম্ভ নহয়। কোনোবাই দা বা কোৰ খন লৈ ওলাই যায় সন্ধিয়াৰ ভাত সাজৰ সন্ধানত। বিশেষকৈ নগৰ-মহানগৰত এওঁলোকৰ বাবে আকৌ ফুটপাথৰ আখলত ৰঙা চাহৰ সৈতে ভাপত দিয়া পিঠা বনাই বাট চাই থাকে চিনাকী বাইদেউজনীয়ে। তেজৰ সম্বন্ধ নহ’লেও এই শ্ৰমিকসকলৰ বাবে তেৱেই আপোনতকৈও আপোন বাইদেউ।

মই ক’ব খোজা আদহীয়া মানুহজনৰ বাবেও পুৱাৰ চাহকাপ খাই ঘৰৰ বাৰাণ্ডাত অথবা নিজৰ দোকানতে বহুজনে বাট চাই থাকে। কিয়নো দেশখনৰ খবৰবোৰ কঢ়িয়াই অনা হকাৰজনৰচোন পলম হৈছে আজি। তেওঁলোকৰ চিন্তাক লৈ মানুহজনো সচেতন। সেইবাবেই ফুটপাথৰ দোকানত চাহৰ চৌকা নজ্বলাওতেই তেওঁ ওলাইগৈ। বাতৰি কাকতৰ টোপোলাবোৰ চমজি ল’বলৈ নোপোৱালৈকে আন কথা চিন্তা কৰিবলৈ তেওঁৰ সময় নাথাকে। তেওঁ জানে যিসকলে সংসাৰখনৰ ৰোজগাৰ উলিয়াবৰ বাবে তেওঁক গ্ৰাহক হিচাপে সহায় কৰিছে, তেওঁলোকৰ প্ৰতি তেওঁৰো আছে এক দায়িত্ব।

অসমৰ প্ৰায়বোৰ প্ৰধান বাতৰি কাকতৰে তেওঁ হকাৰ। ব্যৱসায়ৰ ক্ষেত্ৰখন কাছাৰীৰ পৰা পল্টন বজাৰৰ মাজতে সীমাবদ্ধ যদিও গোটেই ৰাজ্যখনৰ খবৰবোৰ থকা বাতৰি কাগজৰ লগতে এই অঞ্চলটোৰ অভিযাত পৰিয়ালৰ পৰা অটো চালক, পান দোকানী, চাহ দোকানীৰ মনৰ খবৰৰ লৈকে বহুবোৰ কথাই তেওঁ জানে। তেওঁলোকৰ সৈতে আছে এক আত্মিক সম্পৰ্ক। আনহাতে, কাকতবোৰৰ প্ৰথম পৃষ্ঠাত কি আছে সেয়া চাহকাপতকৈও আগেয়ে এবাৰ চকু ফুৰাই লোৱাটো তেওঁৰ অভ্যাস। কিয়নো গ্ৰাহকক পেপাৰখন আগবঢ়াই দিবলৈ যোৱাৰ সময়ত প্ৰায়ে তেওঁ সন্মুখীন হোৱা প্ৰথম প্ৰশ্নটোৱে হ’ল- ’আজিৰ গৰম অথবা ভাল খবৰ কোনখন কাগজত আছে ঐ…’

এনেদৰেই আৰম্ভ হয় দেৱাশীষ পালৰ দিনটো। পুৱা ৫ বজাতে সাতগাঁৱত থকা ভাড়াঘৰৰ পৰা কামৰ বাবে ওলায় তেওঁ। লক্ষ্য পল্টন বজাৰৰ সেই বিশেষ স্থান, য’ৰ পৰা সংগ্ৰহ কৰে খবৰ কাকতৰ টোপোলাটো। ৰাম বিলাসৰ পৰা কাকত সংগ্ৰহ কৰে লোকজনে। মানুহজনৰ কান্ধত এটা বেগ। তেনেই সাধাৰণ এটা জীৱন যাপন কৰি আছে তেওঁ। প্ৰায় ৩০০ বাতৰি কাকত থকা টোপোলাটো কেকোঁ জেকোঁকৈ তেওঁ আগবাঢ়ে পল্টন বজাৰ ষ্টেচনলৈ। তাৰ পৰা কালিবাৰী, পানবজাৰ হৈ ঘৰে ঘৰে খবৰৰ কাকত বিলায়।

কাকতসমূহ দিবলৈ যাওঁতে নিতৌ নতুন নতুন মানুহৰ সংস্পৰ্শলৈ আহে দেৱাশীষ পাল। এয়া তেওঁৰ ৩২ বছৰীয়া অভিজ্ঞতা। তেওঁৰ সৈতে আমি বাৰ্তালাপ কৰি থাকোতে হঠাৎ এজন মানুহ আহি ৰৈছিলহি কাষত। পানবজাৰৰ ৰিজাৰ্ভ বেংকৰ সন্মুখত পুৱা ৯ বজাত বাতৰি কাকতৰ টোপোলাটো লৈ গ্ৰাহকৰ বাব অপেক্ষা কৰি থকা লোকজনক লগ পাবলৈ তেওঁ সদায় আহে। প্ৰতিদিনে সংগ্ৰহ কৰে ২খনকৈ কাকত। মাৰ্জিত পোছাক পৰিহিত ভদ্ৰ লোকজনৰ সৈতে খবৰ কাকত যোগান ধৰা লোকজনৰ আছে এক আত্মিক সম্পৰ্ক। প্ৰায় ১৪ বছৰ ধৰি তেওঁ সংগ্ৰহ কৰি আহিছে বাতৰি কাকত। লোকজনে আমাক কৈছিল, ‘বাতৰি কাকত যোগান ধৰিয়ে লোকজন বুঢ়া হ’ল। আনৰ খবৰ দি তেওঁ এতিয়া আমাৰ বাবে এটা খবৰ হৈ পৰিছে। মানুহজন কেতিয়াবা নাথাকিলে আমি বহু সময় বাট চাও। তেওঁক ৰিজাৰ্ভ বেংকৰ সন্মুখত নাপালে কোনো ৰিস্কা অথবা অটো চালকৰ সৈতে কথা পাতি থকা দেখো।’

লোকজনৰ সৈতে বহু কথা পতাত অন্তত তেওঁক আমি ৰঙালী বিহুৰ ওলগ জনাই এখন গামোচা বিহুৱান হিচাপে দিছিলো। তেওঁ সমগ্ৰ দেশখনৰ খবৰ আনক দিয়ে কিন্তু তেওঁৰ খবৰ ল’বলৈ কাৰোৰে আহৰি নাই। আমি দূৰৰ পৰাই লক্ষ্য কৰিছিলো তেওঁক। উদ্দেশ্য আছিল- আমি জানিব বিচাৰিছিলো কিদৰে তেওঁ বাতৰি কাকত বিক্ৰী কৰে। কিদৰে তেওঁ অন্ত পেলাই তেওঁৰ দিনটোৰ ব্যস্ততাৰ। তেওঁ কৈ গৈছিল জীৱনৰ কিছু জটিল সন্ধিক্ষণৰ কথা। কেনেদৰে দৰিদ্ৰতাৰ সৈতে সহবাস কৰিবলগীয়া হয় তেওঁ। বিহু সকলোৰে বাবে আহে কিন্তু সকলো লোকে ভবাৰ দৰে উদযাপন কৰিব নোৱাৰে বিহু। ভোকৰ তাড়নাতে হওক বা আন কাৰণতে হওক, নিজৰ কামৰ ব্যস্ততাৰ মাজেৰে তেওঁলোকে কটাবলগীয়া হয় দিনটো।

লাহে লাহে তেওঁ ৰিজাৰ্ভ বেংকৰ সন্মুখৰ পৰা আগবাঢ়িছিল কাছাৰী অভিমুখে। বুকুৰ মাজত মাকে সাৱতি ৰখা পানী কেচুৱাটোৰ দৰেই তেওঁ সাৱতি লৈছিল খবৰ কাগজৰ টোপোলাটো। চাবলৈ গ’লে ক্ষীণ মীন মানুহজনৰ সামৰ্থতকৈ বেছি গধুৰ তেওঁৰ হাতৰ টোপোলাটো। পিছে ৩২ বছৰে সেই গদুৰ টোপোলাটো কঢ়িয়াওতে সেয়া যেন তেওঁৰ বাবে সহজসাধ্য হৈ পৰিছে। সেয়ে হয়তো বহুতৰ জীৱনৰ বোজাৰ বেদনাতকৈ স্ব-নিৰ্ভৰশীলতাৰ যাত্ৰাত কাগজৰ এই বোজা এতিয়াও তেওঁৰ বাবে বহুত লঘু।

বাতৰি কাকতৰ টোপোলাটো লৈ কোনোমতেহে তেওঁ খোজ কাঢ়িব পাৰে। হাঁহিৰে জুখিব খোজা জীৱনটোত থাকে হাঁহিৰ লগতে কান্দোন। তেওঁক তাতে আমি বিদায় দিছিলো। লোকজনে তাৰ পিছতে কথা পাতিছিল এজন অটো চালকৰ সৈতে। অটো চালকজনেও প্ৰতিদিনে লয় একোখনকৈ বাতৰি কাকত। আমি কিছু নিলগৰ পৰা অসাধাৰণ লোকজনৰ সকলো কাম চাই আছিলো। তেনেতে আহিছিল কটন বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ। হাতত এখন বাতৰি কাকত লৈ আহিছিল ছাত্ৰজনে। দৰাচলতে একাংশ মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰই বাতৰি কাকতসমূহ ক্ৰয় কৰাৰ বিপৰীতে পঢ়ি ঘূৰাই দিয়ে লোকজনৰ পৰা। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰজনো তেনে এজন ছাত্ৰই আছিল।

এখোজ এখোজকৈ লোকজন আগবাঢ়িছিল কাছাৰীলৈ। পথটোৰে গৈ থাকোতে বাটত পোৱা প্ৰতিখন দোকানতে তেওঁ যোগান ধৰে বাতৰি কাকত। সকলোৰে বাবে তেওঁৰ মুখখন চিনাকী। বাতৰি কাকত সংগ্ৰহ কৰি কোনো লোকে যদি দৈনিক টকাকেইটা দিছিল আন কোনোৰ বাবে নাছিল কোনো নিদিষ্ট সময়। তেনেতে আমি কথা পাইছিলো দীৰ্ঘদিন ধৰি সেই হকাৰজনৰ পৰা বাতৰি কাকত সংগ্ৰহ কৰা এজন ক্ষুদ্ৰ ব্যৱসায়ীৰ সৈতে। তেওঁ আমাক কৈছিল-

সাধাৰণভাৱে থাকিও অসাধাৰণ জীৱন যাপন কৰি থকা লোকজনৰ স্থায়ী ঠিকনা শিলচৰ। কিন্তু এতিয়া তেওঁ গুৱাহাটীৰে বাসিন্দা। অবিবাহিতভাৱে থকা লোকজনে মাজে সময়ে নিজৰ কামক লৈ বিৰক্তিদায়ক মন্তব্য বহুজনৰে পৰা পায়। বাতৰি কাকতৰ টোপোলাটো দৈনিক লৈ ফুৰি মাহেকত তেওঁ পায় ৪০০০ ৰ পৰা ৫০০০ টকা। সেই টকাৰে তেওঁ ঘৰখন চলাই। পৰিয়ালৰ লোকসকলে তেওঁক প্ৰায়ে খং কৰে গুটেই জীৱনটো কম পইচাত এনেদৰে কৰা কামৰ বাবে। তেওঁ কৈছিল, যি কামত স্বাধীনতা থাকে সেই কাম তেওঁ কৰি ভালপায়।

কোনখন বাতৰি কাকত বেছি বিক্ৰী হয় বুলি সোধা প্ৰশ্নত তেওঁ কৈছিল অসমীয়া প্ৰতিদিন কাকতখনৰ কথা। মুঠ ২০০ ৰ পৰা ৩০০ বাতৰি কাকতৰ ভিতৰত অসমীয়া প্ৰতিদিন বিক্ৰী হয় প্ৰায় ৬০ ৰ পৰা ৮০ খন। তাৰ পিছতে আসাম ট্ৰিবিউন বিক্ৰী হয় ১৫ খন। ঠিক তেনেদৰে অন্যান্য বাতৰি কাকতো প্ৰায় ১০ ৰ পৰা ১৫ খনকৈ বিক্ৰী হয় লোকজনৰ। দেওবাৰ দিনাখন তেওঁৰ বিক্ৰী সন্তুষজনক নহয়। অফিচ, কৰ্ট, কাছাৰী বন্ধ থকাৰ বাবে দেওবাৰে তেওঁৰ বিক্ৰী বেয়া। আনকালৰ দৰে চিনাকী মানুহবোৰো তেওঁ কমকৈ দেখিবলৈ পায়।

৩২ বছৰে তেওঁ দি গৈছে ধৈৰ্যৰ পৰিচয়। বেলেগ বৃত্তি লৈ তেওঁৰ যাবলৈ মন নাযায় নেকি বুলি সোধাত তেওঁ কৈছিল, ‘এই কাম এৰিম বুলি ভাবিলেও নোৱাৰো। পাব্লিকে মোক এৰি নিদিয়ে। পেপাৰ নিদিলেও নহয়। মানুহে বাতৰি পঢ়িবলৈ নাপালে নহয় যে। মালিকেও মোক বহুত ভাল পায়। বহুত মানুহে কয় মোক, আমাৰ পেপাৰখন বেছি বিক্ৰী কৰিবলৈ চেষ্টা কৰা আমি কিবাকিবি দিম। মই গুৰুত্ব নিদিও। মই এইবোৰ কথা বেয়া পাও, পাত্তা নিদিও মই এনেকুৱা কথাক। কিয়নো বেয়া দিনত সহায় কৰা মানুহক ভালদিনত সকলোৱে পাহৰি যায়।’

তেওঁ ইয়াকো কৈছিল যে, ‘গৰিষ্ঠ সংখ্যক লোকে অসমীয়া প্ৰতিদিন পঢ়ে।’ বহু মানুহৰ পৰা তেওঁ বহু কথাই শুনিবলগীয়া হয় বুলিও আমাক কৈছিল। যদি কোনো লোকে বাতৰি এটা পঢ়ি ভাল নাপায় তেন্তে সেইসকল লোকে তেওঁকে গালি পাৰে। অৱশ্যে তেওঁ ইয়াৰ প্ৰত্যুত্তৰ কি দিয়ে সেয়াও আমাক কৈছিল। তেওঁ কৈছিল- ‘যদি কোনো ৰাজনৈতিক দলৰ বাতৰি পঢ়ি মোক গালি পাৰে, মই সেই ৰাজনৈতিক দলৰ মানুহক লগ কৰি কথাবোৰ সুধিবলৈ কও। মোৰ প্ৰায় মানুহবোৰৰ সৈতে চিনাকী হৈ গৈছে। বহুবছৰ কাম কৰিলো নহয়।’

ৰাজ্যত উপলব্ধ প্ৰায় সকলো বাতৰি কাকতে তেওঁ লগত লৈ ফুৰে। খোজ কাঢ়িয়ে গুটেই দিনটো তেওঁ ঘূৰে। পুৱাৰে পৰা লোকজনৰ কামবোৰ আমি চাই গৈছিলো। তেওঁৰ অজ্ঞাতে বহুলোকৰ ঘৰলৈ পিছে পিছে গৈছিলো। জানিবলৈ চেষ্টা কৰিছিলো মানুহৰ সৈতে থকা দেবাশীষ পাল নামৰ এইজন লোকৰ সম্পৰ্ক। সকলো লোকৰে সৈতে তেওঁৰ ব্যৱহাৰ একেই। নিশা ৮ বজাত তেওঁ সোমাইগৈ ঘৰত। দিনটোত ভাত এবাৰেই খায় লোকজনে। এখন চাহৰ দোকানত তেওঁ সদায় খায় চাহ। চাহ খাই তেওঁ তাত বহি থকা লোকসকলৰ সৈতে বাৰ্তালাপ কৰে। কটন কলেজৰ আশে পাশে থকা সকলো লোকৰে খবৰ তেওঁ তাতে পায়। দিনটোৰ আটাইতকৈ ডাঙৰ খবৰটো কি বুলি সেই সময়তে তেওঁক বহুলোকে সুধে। তাৰো উত্তৰ দিয়ে লোকজনে।

পানবজাৰৰ বি এছ এন এলৰ কাৰ্যালয়তো তেওঁ দৈনিক যোগান দৰে বাতৰি কাকত। দুপৰীয়া ১.৩০ বজাৰ পৰা সন্ধিয়া ৫ বজাৰলৈকে তেওঁ প্ৰতিদিনে কাছাৰীত বিক্ৰী কৰে বাতৰি কাকত। কাৰোবাৰ বাবে তেওঁ খুৰা, আন কাৰোবাৰ বাবে বৰ্তা অথবা দাদা। কাছাৰীৰ পিছতে লোকজন ঘৰলৈ বুলি ঘূৰে। যি কেইখন বাকৰি কাকত বিক্ৰী নোহোৱাকৈ থাকি যায়, সেই কেইখন তেওঁ পুনৰ এজেঞ্চিত ঘূৰাই দিয়ে। লোকজনৰ দৰে প্ৰায় ৩৫ জনমান কৰ্মচাৰী আছে উক্ত এজেঞ্চিটোত। সকলোৱে বাতৰি কাকত বিলাবলৈ যাওতে চাইকেল লৈ যায় বাবে কম সময়তে বেছি কাকত বিক্ৰী কৰিবলৈ সক্ষম হয়। আমি সুধিছিলো, আপুনি কিয় চাইকেল নানে? তেওঁৰ উত্তৰ আছিল, ৩২ বছৰে এনেদৰেই এই কাম কৰি আহিছো। এতিয়া আৰু কি ভাবিম।

তেওঁ কৈ গৈছিল জীৱনৰ বিভিন্ন সময়ৰ বহু স্মৃতিৰ বিষয়ে। কেনেকৈ তেওঁ বিভিন্ন পৰিৱেশ-পৰিস্থিতিৰ সন্মুখীন হৈছিল সেই কথাও ক’লে আমাক। তেওঁৰ আয় কম হোৱাৰ বাবে কেতিয়াবা আনৰ পৰা টকা ধাৰলৈ লৈ চলিবলগীয়া হয়। আজি, নতুন দৈনিকৰ কথাও কলে তেওঁ। ৩২ বছৰ পূৰ্বে সেইসমূহ বাতৰি কাকতে আমাৰ সমাজত বিশেষ গুৰুত্ব পাইছিল কিন্তু এতিয়া এইসমূহ বাতৰি কাকত নাই। ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছদিনা কেনেদৰে অসমীয়া বাতৰি কাকত বিক্ৰী হৈছিল সেই কথাও ক’লে হকাৰজনে। অসমীয়া বাতৰি কাকত বিক্ৰীৰ পৰিমাণ ইমানে বৃদ্ধি পাইছিল যে, তেওঁ সেইদিনা ভাগৰি পৰিছিল বাতৰি কাকত বিক্ৰী কৰি। আনকাল তেওঁ বিক্ৰী কৰা বাতৰি কাকতৰ তুলনাত বহুত বেছি কাকত সিদিনা বিক্ৰী হৈছিল।

’চিঠিৰ বোজা মই পিঠিত বান্ধি লৈ

পৰৰ চেনেহ কঢ়িয়াও,

মোৰহে চেনেহীয়ে কি নো ভাৱিছে

তাৰ একো গমকে নেপাও…’

খগেন মহন্তই এনেদৰে তাহানিতে তেওঁৰ গীতত প্ৰকাশ কৰি গৈছে কেনেদৰে দাকোৱালে পৰৰ চেনেহ কঢ়িয়াই অথচ তেওঁৰ বাবে নাহে একো চিঠি। হকাৰ সকলো একেধৰণৰ একো একোজন লোক যিয়ে আনৰ খবৰবোৰ বিলাই ফুৰে। দেশ বিদেশৰ সকলো খবৰ পলম নকৰাকৈ তেওঁ আনক বিলাই। কাকত এখনৰ লগত পাঠকৰ সম্পৰ্ক ৰক্ষা কৰা মানুহজনে হকাৰ। তেঁৱেই এখন কাকত পুৱাই কোনো লোকক যোগান ধৰে। কাকত এখনত কৰ্মৰত লোকসকল অথবা স্বত্তাধিকাৰজনে যিসকল লোকক উদ্দেশ্যি কোনো এটা বাতৰি প্ৰস্তুত কৰে সেইসকল লোকৰ সৈতে বাতৰি কাকতৰ সম্পৰ্ক স্থাপন কৰে এজন হকাৰে।

বহুলোকে কয়, ’আৰে হকাৰ ককাই কাকতত দেখোন তোৰেই খবৰ নাই’। বিভিন্ন সময়ত বহুলোকৰ বাবে আমি আগ্ৰহেৰে বাট চাও, কিন্তু হকাৰ সকলৰ বাবে আমাৰ যি আগ্ৰহ সেয়া আন কাৰোৰে তুলনা নহয়। শুই উঠি বহুলোকে প্ৰথম হকাৰ জনকে দেখা পাই অৰ্থাৎ বহুসময়ত গৃহস্থৰ বাবে হকাৰজনে দিনটোৰ প্ৰথমজন অতিথি হয়। যাৰ বাবে আমি অধিৰ আগ্ৰহেৰে বাট চাও বাতৰি কাকতখন পোৱাৰ পিছতে আমি পাহৰো পূৰ্বৰ সেই অপেক্ষাৰ কথা।

ৰ’দ, কি বৰষুণ-বতৰৰ সকলো বাধা নেওচি হকাৰে কৰি যায় তেঁওলোকৰ কাম। তেওঁলোকৰ বাবে নাই দেওবাৰৰ অথবা কোনো চৰকাৰী বন্ধ। বিহু, মহৰম, বৰদিন, ঈদ নাই হকাৰৰ। সকলো উত্‍সৱতে ৰাজপথৰ দাঁতিত হকাৰে বুকুত এজাপ বাতৰি কাকত, আলোচনী লৈ ব্যস্ত হয় বাতৰি কাকত এখন কোনো লোকৰ হাতত তুলি দিবলৈ। কিতাপ আৰু কাকতৰ সৈতে এওঁলোকৰ আজন্ম এক সর্ম্পক আছে। বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত কিতাপৰ সৈতে সম্পৰ্ক নাইকিয়া হৈছে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ। কিন্তু বাতৰি কাকত দৈনিক লাখ লাখ বিক্ৰী হয়। বৈদ্যুতিন মাধ্যমে যিদৰে আমাক বিভিন্ন খা- খবৰ যোগান ধৰে, ঠিক তেনেদৰে দৈনিক বিক্ৰী হোৱা লাখ লাখ বাতৰি কাকতেও যোগান ধৰে খবৰ। কিন্তু এই খবৰবোৰ আমাৰ বাবে যোগান ধৰে হকাৰসকলে। গতিকে হকাৰসকলে বিলোৱা বাতৰি কাকতত তেওঁলোকৰ বিষয়ে একো উল্লেখ নাথাকিলেও তেঁওলোকৰ সামাজিক গুৰুত্ব নুই কৰিব নোৱাৰি।

খবৰ বিচাৰি ফুৰোতাক খবৰ দিয়ে হকাৰে। এই হকাৰৰ খবৰ কিন্তু সুধিবলৈ কাৰোৰে আহৰি নাই। কাকত বেছি তেঁওলোক জীয়াই থাকে কেনেকৈ, এই কথা সুধিবলৈ কোনো পাঠকৰে নাই উত্‍সুকতা। অথচ এওঁলোকৰ ওপৰতে র্নিভৰ কৰে কাকত, আলোচনীৰ ভৱিষ্যত।

“Don’t Let Yesterday Take Up Too Much Of Today.” হকাৰ সকলেও উইল ৰগাৰৰ এই কথাষাৰকে মানি চলে। নিদিষ্ট সময়তে বাতৰি কাকত সমূহ বিলাই শেষ কৰিব নোৱাৰিলে বাতৰি কাকতৰ বাবে অপেক্ষা নকৰা হ’ব কোনো লোক। এনে কিছু হকাৰো আছে এইখন অসমত যি পুৱা বিভিন্ন স্থানত বাতৰি কাকত বিলাই আন সময়ত অন্য বৃত্তিৰ সৈতে জড়িত হয়। শিক্ষাগ্ৰহন কৰিবৰ বাবে বিদ্যালয়ৰ মাচুল যোগান ধৰিবলৈও কোনো ছাত্ৰই হকাৰৰ বৃত্তি লোৱাৰ উদাহৰণ আছে। কাৰণ এই বৃত্তিত জড়িত লোকসকলৰ কামৰ বোজা পুৱাৰ ভাগতহে বেছি থাকে। আমি দেৱাশীষ পালৰ কামবোৰো ভালদৰে চাইছিলো। দেওবাৰ হোৱাৰ বাবে তেওঁ সেইদিনা কাছাৰীত বাতৰি কাকত বিক্ৰীৰ বাবে অপেক্ষা কৰা নাছিল।

তেতিয়া মহানগৰীৰ জজ খেলপথাৰত চলি আছিল সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ মুকলি বিহু। কাছাৰী হৈ তেওঁ বুকুত বাতৰি কাকতৰ টোপোলাটো বান্ধি আহিছিল জজ খেলপথাৰৰ বিহুতলীলৈ। তেওঁৰ লক্ষ্য আছিল কেইখনমান বাতৰি কাকত বিক্ৰী কৰা। সেই ঠাইতে আমিও তেওঁক বিদায় দিছিলো। নিজৰ কামত একাগ্ৰচিত্তে নিমগ্ন হোৱা এইজন লোকৰ কামতে দেখা যায় পৰিশ্ৰমী লোকৰ নিদৰ্শন।

“Jodi Tor Daak Shune Keu na Ashe, Tobe Ekla Cholo re”- ৰবীন্দ্ৰনাথ ঠাকুৰে থিকেই কৈছিল যদিহে তোমাৰ আহ্বানৰ প্ৰতি কোনো লোকে সহাৰি নিদিয়ে তেন্তে অকলে যোৱাটোৱে ভাল। বহুলোকে সেই কথাষাৰকে মানি লয় আৰু জীৱন যুদ্ধত অকলে যুঁজ দিয়ে। যিদৰে ৩২ বছৰ আগৰৰ পৰা দেবাশীষ পাল নামৰ এই লোকজনৰ দৰে অজস্ৰজনে অকলে কৰি আহিছে হকাৰৰ কাম। তেওঁৰ দৰে লোকৰ পৰা আন বহুজনে পাব পাৰে অনুপ্ৰেৰণা। হেজাৰজন কৰ্মচাৰীয়ে একেলগে কাম কৰি এখন বাতৰি কাকত প্ৰস্তুত কৰে। হকাৰ সকলে বাতৰি কাকতখন জনসাধাৰণৰ মাজলৈ লৈ যায়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি