নতুন বছৰত বজাৰত চাঞ্চল্য সৃষ্টি কৰিছে এটা মাছে

নতুন বছৰত বজাৰত চাঞ্চল্য সৃষ্টি কৰিছে এটা মাছে

ডিজিটেল সংবাদ, বঙাইগাঁওঃ নতুন বছৰৰ প্ৰথম দিনাই বজাৰত এটা মাছক লৈ উৎকণ্ঠাৰ সৃষ্টি হৈছে সাধাৰণ গ্ৰাহকৰ মাজত। পহিলা দিনটোত এসাজ লগে ভাগে খাও বুলি বজাৰ কৰিবলৈ গৈ দেখা পোৱা মাছটোৱে সকলোৰে মনত উৎসুকতাৰ সৃষ্টি কৰিছে। দেখিবলৈ প্ৰায় গৰৈ মাছৰ নিছিনা ক'লা ৰঙৰ মাছটো যে বিৰল প্ৰজাতিৰ সেয়া সকলোৱে নিশ্চিত। পিছে বিৰল প্ৰজাতিৰ মাছটো আগতে কাহানিও কোনেও দেখা নাই।

জানিব পৰা মতে অভয়াপুৰীৰ এজন মাছুৱৈয়ে নৈত মাছ মাৰোতে এই মাছটো পায়। তাৰ পিছতে তেওঁ মাছটো বিক্ৰী কৰিবলৈ আনে অভয়াপুৰী বজাৰত। মাছমৰীয়াসকলে বিৰল প্ৰজাতিৰ মাছটোৰ নাম পক্ষীৰাজ বুলি কৈছে যদিও এইক্ষেত্ৰত নিশ্চিত হ'ব পৰা নাই প্ৰত্যক্ষদৰ্শীসকল। ইফালে এই বিৰল প্ৰজাতিৰ মাছটো চাবলৈ অভয়াপুৰী বজাৰত পুৱাৰে পৰা অসংখ্য লোকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। কোনো কোনোৱে ইয়াক লুপ্ত প্ৰায় প্ৰজাতিৰ বুলি দাবী কৰি এই মাছবিধৰ সংৰক্ষণৰ দাবী তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in