নতুন ডেথ ৱাৰেণ্ট, ১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত ফাঁচী দিয়া হ’ব নিৰ্ভয়া কাণ্ডৰ ৪ দোষীক

নতুন ডেথ ৱাৰেণ্ট, ১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত ফাঁচী দিয়া হ’ব নিৰ্ভয়া কাণ্ডৰ ৪ দোষীক

ডিজিটেল ডেস্কঃ নিৰ্ভয়া কাণ্ডৰ ৭ বছৰ পিছত ৪ দোষীক উচ্চতম ন্যায়ালয়ে ফাঁচীৰ শাস্তি বিহিছিল। উচ্চতম ন্যায়ালয়ৰ এই ৰায় অনুসৰি অহা ২২ জানুৱাৰীত ৪ দোষী ক্ৰমে- মুকেশ সিং, বিনয় শৰ্মা, পৱন গুপ্তা আৰু অক্ষয় কুমাৰক পুৱা ৭ বজাত ফাঁচী প্ৰদান কৰাৰ কথা আছিল যদিও বুধবাৰে পূৰ্বৰ নিৰ্ধাৰিত সময়ত ফাঁচী প্ৰদান কৰা নহয় ন্যায়ালয়ে সদৰী কৰে।

ইফালে ৪ দোষীয়ে ফাঁচীৰ শাস্তিৰ পৰা ৰেহাই পাবলৈ ন্যায়ালয়ত আবেদন দাখিল কৰাৰ উপৰিও দিল্লী চৰকাৰকো আবেদন দাখিল কৰে যদিও বাৰাম্বাৰ খাৰিজ কৰা হয় দোষীৰ আবেদন। শেহতীয়াকৈ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দলৈ প্ৰেৰণ কৰা ক্ষমাৰ আবেদনো শুকুৰবাৰে খাৰিজ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে।

আনহাতে শুকুৰবাৰে দিল্লীৰ এখন আদালতে ৪ দোষীলৈ নতুনকৈ জাৰি কৰিছে ডেথ ৱাৰেন্ট। আদালত নতুন ডেথ ৱাৰেণ্ট অনুসৰি অহা ১ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাত আটাইকেইজন দোষীকে ফাঁচী প্ৰদান কৰা হ'ব।

প্ৰণিধানযোগ্য যে, পূৰ্বে আদালতে নিৰ্ধাৰণ কৰি দিয়া সময়ত দোষীৰ ফাঁচী প্ৰদান স্থগিত ৰখাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে। উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰদৰ্শন কৰা আশা দেৱীয়ে শেহতীয়াকৈ সংবাদ মাধ্যমৰ সন্মুখত কৰা মন্তব্যত সেই আস্থা যেন হেৰুৱাই পেলাইছিল।

২০১২ চনত দিল্লীত চলন্ত বাছত সংঘটিত নিৰ্ভয়া গণধৰ্ষণ কাণ্ডৰ ৭ বছৰ পাছত অৱশেষত পৰিয়ালে লাভ কৰিছিল ন্যায়। সৰ্বোচ্ছ ন্যায়ালয়ে ৪ দোষীক ফাঁচীৰ শাস্তি প্ৰদান কৰাৰ পিছতে ন্যায়ালয়ৰ ৰায়ত আনন্দ ব্যক্ত কৰিছিল নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে। কিন্তু পৰৱৰ্তী সময়ত ২২ জানুৱাৰীত দোষীক ফাঁচী প্ৰদান কৰা নহয় বুলি জানিব পৰাৰ পিছতে দেশৰ আইনী ব্যৱস্থাৰ ওপৰত অসন্তুষ্টি ব্যক্ত কৰে আশা দেৱীয়ে।

'দোষীয়ে যি ধৰণে বিচাৰিছিল, এতিয়া যেন সেয়াই হ'বলৈ ধৰিছে। তাৰিখৰ পিছত তাৰিখ… তাৰিখৰ পিছত আকৌ তাৰিখ প্ৰদান কৰা হৈছে। আমাৰ আইনী ব্যৱস্থাই এনে যে ইয়াত দোষীৰ কথাও শুনা হয়। সেইবাবেই ৪ পাষণ্ডৰ ফাঁচী প্ৰদানত পিছুৱাই থকা হৈছে।' -শুকুৰবাৰে দেশৰ আইনী ব্যৱস্থাৰ ওপৰত অসন্তুষ্টি ব্যক্ত কৰি এনেদৰে মন্তব্য কৰিছিল নিৰ্ভয়াৰ মাতৃয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in