বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু…

বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু…

ডিজিটেল সংবাদ, বৰপেটাঃ ক্ৰমান্বয়ে জটিল ৰূপ ধাৰণ কৰিছে কোৰোনাকালীন পৰিস্থিতিয়ে ৷ বৰপেটা চিকিৎসা মহাবিদ্যালয়ত শুকুৰবাৰে পুনৰ এজন কোভিড-১৯ত আক্ৰান্ত লোকৰ মৃত্যু হয় ৷ মৃত্যু হোৱা লোক গৰাকী কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁওৰ কাঞ্চৰণ ব্ৰহ্ম বুলি জানিব পৰা গৈছে ৷ ৬২ বছৰীয়া লোকজনৰ দেহত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছতে বৃহস্পতি বাৰে বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল ৷

পিছলৈ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত আই চি ইউত ভেণ্টিলেটৰত ৰখা হয় যদিও শুকুৰবাৰে ব্যক্তিগৰাকীৰ মৃত্যু হয় ৷ ইয়াৰ পুৰ্বে যোৱা ২১ এপ্ৰিলৰ দিনা কোৰোনাত আক্ৰান্ত হৈ বৰপেটাৰোডৰ লক্ষী সাহা নামৰ এগৰাকী মহিলাই বৰপেটা চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয় । ইপিনে, বৰপেটা জিলাত এতিয়ালৈকে কোভিড আক্ৰান্ত লোকৰ সংখ্যা ২৯৬ গৰাকীলৈ বৃদ্ধি পাইছে ৷

জিলাখনত বিগত ২৪ ঘন্টাত নতুনকৈ ৫১ গৰাকী লোক আক্ৰান্ত হৈছে ৷ আক্ৰান্তসকলৰ ভিতৰত নিত্যানন্দ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত ৬ জন, ভৱানীপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত ৪ জন, কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত ৪ জন, বৰপেটা ৰোড খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত ৪ জন, চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত ১২ জন ,নগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত ৪ জন আৰু মন্দিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অধীনত ৫ জন আৰু বৰপেটা চিকিৎসা মহাবিদ্যলয়ত গৃহ নিৰ্মানৰ কৰ্মৰত ১০ জন শ্ৰমিক আছে বুলি জানিব পৰা গৈছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in