মৃত্যুক পাহৰি ৫ বছৰীয়া চল’মনে কেনেকৈ জিনিছে জীৱন, চাওক ভিডিঅ’

মৃত্যুক পাহৰি ৫ বছৰীয়া চল’মনে কেনেকৈ জিনিছে জীৱন, চাওক ভিডিঅ’

ডিজিটেল ডেস্কঃ এটি ৫ বছৰীয়া কণমানি৷ শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কণমানিটোৰ এটা ভিডিঅ'৷ য'ত কণমানিটোৱে মাইকেল জেকছনৰ এটা গানৰ তালত নৃত্য কৰি থকা দেখা গৈছে৷ একেবাৰে পাৰফেক্ট ডেন্স সি কৰা নাই৷ তেন্তে হঠাৎ ছ'চিয়েল মিডিয়াত তাৰ ভিডিঅ' ভাইৰেল হৈ পৰাৰ কাৰণ কি?

শিশুটি দীৰ্ঘদিন ধৰি কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছে৷ আমেৰিকাৰ এই শিশুটিৰ নাম চল'মন হাওফানো৷ দীৰ্ঘদিন ধৰি এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা এই শিশুটিৱে দুৰাৰোগ্য কেন্সাৰ ৰোগৰ চিকিৎসা গ্ৰহণ কৰি থকা সময়তো দেখুওৱা সাহসৰ বাবেই এতিয়া ছ'চিয়েল মিডিয়াত চৰ্চিত হৈছে শিশুটি৷

আমি যেতিয়া কোনো ৰোগত আক্ৰান্ত হও, মৃত্যুৰ আশংকাত, দুখ যন্ত্ৰণাত আমি পাহৰি যাওঁ জীৱনৰ আনন্দ বিচাৰিবলৈ৷ কিন্তু এটি কণমানি শিশুৱে এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ থকাৰ পিছতো নিজে হাঁহিছে, আনকো হঁহোৱাইছে মাইকেল জেকছনৰ গানত নৃত্য কৰি৷ শিশুটিৰ এনে উদ্যমে সকলোকে আকৌ এবাৰ জীৱনৰ বিষয়ে নকৈ ভাৱিবলৈ বাধ্য কৰাইছে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in