ভৰিত শিকলি পিন্ধি ২ মাহে দূৰ্বিসহ জীৱন পাৰ কৰিছে বিচুৱে…

ভৰিত শিকলি পিন্ধি ২ মাহে দূৰ্বিসহ জীৱন পাৰ কৰিছে বিচুৱে…

ডিজিটেল সংবাদ, কামপুৰঃ এজন ৩৫ বছৰীয়া যুৱক। ভৰিত শিকলি পিন্ধি তেওঁ কটাব লগা হৈছে দূৰ্বিসহ জীৱন। যোৱা দুমাহ ধৰি যুৱকজনে এইদৰে ঘৰৰ পিৰালিতে পাৰ কৰিছে সময়। সময়ত খাবলৈ দিছে পৰিয়ালৰ লোকে। যত্ন বুলিবলৈ পৰিয়ালৰ তৰফৰ পৰা সেয়াই যথেষ্ট।

কামপুৰ পলাশৰ বিচু মালাকৰ নামৰ যুৱকজন কিছু পৰিমাণে মানসিকভাৱে বিকাৰগ্ৰস্ত। সেই অজুহাততে বিগত দুমাহ ধৰি বিচুক শিকলিৰে বান্ধি ৰাখিছে জ্যেষ্ঠ ভাতৃ বাবুল মালাকৰে। মানসিকভাৱে বিকাৰগ্ৰস্ত যুৱকজনক চিকিৎসা প্ৰদান কৰাৰ বিপৰীতে এনেদৰে ঘৰতে শিকলিৰে বান্ধি ৰখা কাৰ্যই অঞ্চলবাসীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

যুৱকজনৰ চিকিৎসা কৰালে সুস্থ হৈ উঠিব বুলি দাবী কৰিছে একাংশ লোকে। ইফালে এই ঘটনাৰ খবৰ পাই বাবুল মালাকৰৰ বাসগৃহত এটা সাংবাদিকৰ দল উপস্থিত হয় যদিও সংবাদ মাধ্যমৰ পৰা আঁতৰি ফুৰে বাবুল মালাকৰ আৰু তেওঁৰ মাতৃ। কি কাৰণত বিচু মালাকৰ নামৰ সামান্যভাৱে মানসিক বিকাৰগ্ৰস্ত যুৱকজনক উচিত চিকিৎসা প্ৰদান কৰা নাই পৰিয়ালৰ লোকে, তাক লৈ প্ৰশ্ন তুলিছে স্থানীয় একাংশ সচেতন লোকে। সচেতন লোকসকলে যুৱকজনৰ চিকিৎসাৰ বাবে চৰকাৰ তথা সুহৃদয়বান লোকক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in