২০২৬ বৰ্ষৰ পদ্ম বঁটা প্ৰাপকৰ নাম ঘোষণা

কলা, সমাজসেৱা, বিজ্ঞান, সাহিত্য, আৰু ক্ৰীড়াৰ আদিৰ দৰে বিভিন্ন ক্ষেত্ৰত অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰ চৰকাৰৰ পৰা জাৰি কৰা তথ্য অনুসৰি, এইবাৰ প্ৰায় ৪৫ জনকৈ লোকে পদ্ম সন্মান লাভ কৰিছে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত প্ৰকাশ পালে পদ্ম বঁটাৰ তালিকা। প্ৰতিবছৰে গণৰাজ্য দিৱসৰ পূৰ্বে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ঘোষণা কৰা হয়। এই বঁটা তিনিটা ভাগত বিভক্ত কৰা হৈছে। পদ্মবিভূষণ, পদ্ম ভূষণ আৰু পদ্মশ্ৰী। কলা, সমাজসেৱা, বিজ্ঞান, সাহিত্য, আৰু ক্ৰীড়াৰ আদিৰ দৰে বিভিন্ন ক্ষেত্ৰত অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰ চৰকাৰৰ পৰা জাৰি কৰা তথ্য অনুসৰি, এইবাৰ প্ৰায় ৪৫ জনকৈ লোকে পদ্ম সন্মান লাভ কৰিছে।

অসমৰ তিনিগৰাকী বিশিষ্ঠ ব্যক্তিয়ে লাভ কৰিছে পদ্মশ্ৰী সন্মান। ভাস্কৰ্য শিল্পী, কলা নিৰ্দেশক নুৰুদ্দিন আহমেদলৈ পদ্মশ্রী সন্মান। সুকণ্ঠী গায়িকা পখিলা লেকথেপীলৈও আগবঢ়োৱা হৈছে এই সন্মান। কাৰ্বি সংগীত জগতলৈ চাৰি দশক ধৰি অৱদান আগবঢ়াই আহিছে পখিলা লেকথেপীয়ে। বিশিষ্ট এৰী বিশেষজ্ঞ যোগেশ দেউৰীয়েও লাভ কৰিছে পদ্মশ্রী সন্মান। 

উল্লেখ্য যে, পদ্ম সন্মান লাভ কৰা সকল ক্ৰমে - অংকে গৌড়া, আৰ্মিডা ফাৰ্নাণ্ডেজ, ভগৱান দাস ৰায়কৱাৰ, ভিক্লিয়া লাডাক্য ধীন্দা, ব্রীজ লাল ভাট, বুধ্ৰি তাঁতী, চৰণ হেমব্ৰম, চিৰঞ্জী লাল যাদৱ, ধৰ্মিকলাল চুনীলাল পাণ্ডিয়া, গফৰুদ্দিন মেৱতী যোগী, হেলি ৱাৰ,  ইন্দৰজিৎ সিং সিদ্ধু, কে পাজানিভেল, কৈলাশ চন্দ্ৰ পণ্ট, খেম ৰাজ সুন্দৰিয়াল,  কোল্লক্কাইল দেৱকী আম্মা জি, কুমাৰাছামী থাংগৰাজ, মহেন্দ্ৰ কুমাৰ মিশ্ৰ, মিৰ হাজীভাই কাছাম্ভাই, মোহন নগৰ, নৰেশ চন্দ্ৰ দেৱ বৰ্মা, নীলেশ বিনোদচন্দ্ৰ মাণ্ডেৱালা, নুৰুদ্দিন আহমেদ, অথুৱৰ থিৰুথানি স্বামীনাথন, পদ্ম গুৰমেট, পখিলা লেকথেপী, পুন্নিয়ামূৰ্তি নাটেছান, আৰ কৃষ্ণন, ৰঘুপত সিং, ৰঘুবীৰ টুকাৰম খেডকাৰ,  ৰাজস্তপতি কলিয়াপ্পা গৌণ্ডাৰ, ৰামা ৰেড্ডী মামিদী, ৰামচন্দ্ৰ গডবোলে আৰু সুনীতা গডবোলে, এছ জি চুশ্বীলাম্মা, ছাংগিউছাং এছ পংগেনাৰ, শ্বাফী শ্বাউক, শ্ৰীৰং দেৱবা লাদ, শ্যাম সুন্দৰ, সীমাঞ্চল পেট্ৰ’, সুৰেশ হানগাৱদী, টাগা ৰাম ভীল, টেচি গুবিন,  তিৰুৱৰুৰ বকথৱথছালম, বিশ্ব বন্ধু আৰু যুমনাম জাতৰা সিং।

পদ্ম বঁটা