বটদ্ৰৱাৰ কুজিসত্ৰত নৱম শতিকাৰ প্ৰাচীন মুদ্ৰা উদ্ধাৰ..

বটদ্ৰৱাৰ কুজিসত্ৰত নৱম শতিকাৰ প্ৰাচীন মুদ্ৰা উদ্ধাৰ..


ডিজিটেল সংবাদ বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাৰ দক্ষিণ দিশত অৱস্থিত ঐতিহ্যমণ্ডিত কুজিসত্ৰত প্ৰাচীন মুদ্ৰা উদ্ধাৰ হোৱাক লৈ ভকত বৈষ্ণৱৰ মাজত আনন্দ উল্লাস পৰিলক্ষিত হৈছে। জানিব পৰা মতে বিগত কিছুদিন পূৰ্বে সত্ৰখনৰ পৰা কুজি বিললৈ যোৱা এটি পথ নিৰ্মাণৰ বাবে মাটি খান্দোতে এই প্ৰাচীন মুদ্ৰাকেইতা ওলাইছিল।

বনুৱাই কাম কৰি থকা অৱস্থাত পথৰ কাষত মাটিৰ তলত ধাতুৰ এটা পাত্ৰৰ ভিতৰত মুদ্ৰাকেইটা উদ্ধাৰ হৈছিল। লগে লগে বনুৱাকেইজনে মুদ্ৰাকেইটা নিজৰ ঘৰলৈ লৈ গৈছিল। পৰবৰ্তী সময়ত নৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামীয়ে বিষয়টো সন্দৰ্ভত অৱগত হৈ লগে লগে মৰিগাঁও জিলা প্ৰশাসনৰ সহযোগত শুকুৰবাৰে নিশালৈকে ১৫ টা আপুৰুগীয়া মুদ্ৰা উদ্ধাৰ কৰে।

মূল্যবান ধাতু(আনুমানিক তাম, পিতল আৰু কাঁহ)ৰে নিৰ্মিত নৱম শতিকাৰ মুদ্ৰা কেইটা উদ্ধাৰৰ পাছত কুজিসত্ৰৰ ভকত বৈষ্ণৱৰ মাজত আনন্দৰ বন্যা বইছে। উল্লেখ্য যে, অহা ১১ জুনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কুজিসত্ৰত উপস্থিত হৈ সত্ৰৰ সম্পদৰাজিৰ এটি সংগ্ৰহালয় দ্বাৰ মুকলি কৰিব। আৰু তাতেই মুদ্ৰাকেইটা সংৰক্ষণৰ মানস কৰিছে সত্ৰৰ সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱ সকলে।

মুদ্ৰাকেইটা উদ্ধাৰ হোৱাৰ পাছত সত্ৰাধিকাৰৰ নিত্যানন্দ দেৱ গোস্বামীয়ে সংবাদমাধ্যমৰ জৰিয়তে অসম চৰকাৰৰ পুৰাতত্ব বিভাগৰ দ্বাৰা সত্ৰখনৰ জৰীপ তথা গৱেষণাৰ পোষকতা কৰিছে। পুৰণি সত্ৰখনৰ জৰীপ বা গৱেষণা কৰিলে আৰু অধিক প্ৰচীন সমল উদ্ধাৰ হব বুলি তেওঁ মত প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in