মধ্যাহ্ণ ভোজন খাই ৯ গৰাকী শিক্ষাৰ্থী অসুস্থ : চিকিৎসালয়ত ভৰ্তি…

মধ্যাহ্ণ ভোজন খাই ৯ গৰাকী শিক্ষাৰ্থী অসুস্থ : চিকিৎসালয়ত ভৰ্তি…

ডিজিটেল সংবাদ গোলাঘাটঃ আজি গোলাঘাট নগৰৰ সমীপৱৰ্তী এখন প্ৰাথমিক বিদ্যালয়ৰ মধ্যাহ্ণ ভোজনৰ খাদ্য গ্ৰহণ কৰাৰ পাছতে ৯ গৰাকী কৈ ছাত্ৰ-ছাত্ৰী অসুস্থ হৈ পৰাত চাৰিওফালে হুৱা দুৱাৰ লাগে। ঘটনাৰ বিৱৰণী অনুসৰি ২ নং বেঙেনাখোৱা প্ৰাথমিক বিদ্যালয়ত আজি মধ্যাহ্ণ ভোজনৰ পাছতে অসুস্থ হৈ পৰা ৯ গৰাকী ছাত্ৰ-ছাত্ৰীক ততাতৈয়াকৈ গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে খাদ্য খোৱাৰ পাছতে পেটৰ বিষ আৰু বমিত আক্ৰান্ত হৈ বিষক্ৰিয়াত ভোগে কণ কণ ছাত্র-ছাত্ৰী সকলে।আক্ৰান্ত ছাত্র-ছাত্ৰীসকল মূলতঃ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত। বিষক্ৰিয়াৰ পাছতেই গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ছাত্র-ছাত্ৰীসকলক।

বৰ্তমানে চিকিৎসকে তেওঁলোকৰ চিকিৎসা অব্যাহত ৰাখিছে। বৰ্তমানো তেওঁলোক চিকিৎসাধীন যদিও আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰী বিপদমুক্ত বুলি চিকিৎসকে জানিবলৈ দিছে। উল্লেখযোগ্য যে, গোলাঘাটৰ একাংশ বিদ্যালয়লৈ চৰকাৰে যোগান ধৰা চাউল, ডাইল আৰু বাচন-বৰ্তন ভালদৰে ধুই মেলি পৰিস্কাৰ নকৰাকৈয়ে ৰন্ধাৰ অভিযোগ মাজে মাজে উত্থাপিত হৈ আহিছে যদিও চৰকাৰৰ তৰফৰ পৰা কোনো সজাগতামূলক ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা দেখা নগ'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in