আলফা স্বাধীনক ৰিতুল শইকীয়াৰ শেহতীয়া স্থিতি স্পষ্ট কৰিবলৈ আহবান ৯ টা জাতীয় সংগঠনৰ…

আলফা স্বাধীনক ৰিতুল শইকীয়াৰ শেহতীয়া স্থিতি স্পষ্ট কৰিবলৈ আহবান ৯ টা জাতীয় সংগঠনৰ…

ডিজিটেল সংবাদ বেকাজান : বৰহোলা অপহৃত অ 'এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ বিগত চাৰিদিনৰ পিছতো সেনা আৰক্ষীয়ে সন্ধান উলিওৱাত ব্যৰ্থ হোৱা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে বৰহোলাৰ নটাকৈ জাতীয় দল- সংগঠন ।

আলফা স্বাধীনে কালি জাৰি কৰা শেহতীয়া বিবৃতিক লৈ চূড়ান্তভাৱে শংকিত হৈ পৰা বৰহোলাবাসী ৰাইজে। ৰিতুল শইকীয়া বৰ্তমান ক'ত কেনেদৰে আছে সেই কথা জনাবলৈ দাবী জনাই আজি ৰিতুল নাঙল গাঁৱস্থ বাসগৃহত এক গুৰুত্বপূৰ্ণ সংবাদমেলৰ আয়োজন কৰে বৰহোলাৰ জাতীয় সংগঠনে । সংবাদমেলত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা প্ৰমোদ গগৈয়ে কয় যে ৰিতুল শইকীয়াক উদ্ধাৰ ক্ষেত্ৰত আলফা স্বাধীনে দায় সৰা মন্তব্য কৰিছে ।

স্বাধীন অসমৰ সপোন দেখা আলফাই এনেদৰে খিলঞ্জীয়া যুৱকক অপহৰণ কৰি এতিয়া উদ্ধাৰ ক্ষেত্ৰত কোনো স্পষ্টীকৰণ নিদিয়াতো দুৰ্ভাগ্যজনক । তেওঁ ৰিতুল শইকীয়া কত , কেনেকৈ জনাবলৈ পৰেশ বৰুৱাক আহবান জনাই । আনহাতে চুতীয়া যুৱ সন্মিলনৰ সভাপতি ধৰণী লাহনে কয় যে ৰিতুল শইকীয়াৰ দায়িত্ব এতিয়া পৰেশ বৰুৱাই লব লাগিব । জাতীয় সংগঠন কেইটাই আৰু কয় যে চৰকাৰ, প্ৰশাসন তথা অপহৰণকাৰী আলফা স্বাধীন কোনো এটা পক্ষই এই পৰ্যন্ত্য ৰিতুল শইকীয়াৰ স্থিতি স্পষ্ট নকৰিলে যাৰ ফলত পুত্ৰ ৰিতুল শইকীয়াক বিচাৰি বৃদ্ধ অসুস্থ পিতৃ – মাতৃৰ লগতে চাৰি মহীয়া সন্তানটিৰ সৈতে পত্নীৰ পম্পী শইকীয়াৰ ক্ৰমাৎ অৱস্থা অতি জটিল অৱস্থালৈ গতি কৰিছে ।

পৰিয়ালৰ মানৱতাৰ খাতিৰত অসম চৰকাৰ তথা গৃহ বিভাগে ৰিতুল শইকীয়া শীঘ্ৰে সন্ধান উলিওৱা ক্ষেত্ৰত ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণৰ বাবে পাঁচটা কৈ দাবী জনায় । প্ৰথম দাবী আলফা স্বাধীনে স্পষ্ট কৰিব লাগে যে অপহৃত ৰিতুল শইকীয়া বৰ্তমান ক'ত কেনেদৰে আছে? কি পৰিস্থিতিত আলফা স্বাধীনে কি কাৰণে তিনিজনকৈ কৰ্মৰত খিলঞ্জীয়া অসমীয়া যুৱকক অপহৰণ কৰিব লগা হ'ল।


দ্বিতীয় দাবী হল অসম চৰকাৰ তথা গৃহবিভাগলৈ আমাৰ দাবী ৰিতুল শইকীয়াক উদ্ধাৰ কৰিবলৈ শীঘ্ৰে প্ৰয়োজনীয়া ব্যৱস্থা গ্ৰহণ কৰক লগতে পৰিয়াল তথা ৰাইজক ২৪ঘন্টাৰ ভিতৰত স্পষ্টিকৰণ দিয়াৰ ব্যৱস্থা কৰক। তৃতীয়তে অ'এন জি চিয়ে প্ৰতিজন কৰ্মচাৰীক কৰ্তব্যৰত অৱস্থাত নিৰপত্তা সু নিশ্চিত কৰক।

চতুৰ্থতে ৰিতুল শইকীয়াৰ ৰুগীয়া মাতৃ আৰু আন পৰিয়ালবৰ্গক ঘৰতে চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ অ এন জি চিক সজোৰে দাবী জনায় তদুপৰি জাতীয় সংগঠন কেইটাই এই কথা স্পষ্ট কৰি দিছে যে উক্ত দাবী সমূহ যদি শীঘ্ৰে ৰূপায়ণ নকৰে তেনেহলে তিতাবৰৰ সকলো দল–সংগঠন একত্ৰিত হৈ যোৰহাট জিলাৰ অ এন জি চিৰৰ সকলো কাম কাজ বন্ধ কৰি দিবলৈ বাধ্য হব।

উল্লেখযোগ্য যে আজিৰ সংবাদমেলত চুতীয়া যুৱ সন্মিলন , কৃষক মুক্তি সংগ্ৰাম সমিতি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ ,বৰহোলা সাংবাদিক সন্থা , ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি , চুতীয়া ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা ,বীৰ লাচিত সেনা অসম ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উপস্থিত থাকে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in