ছত্তীশগড়ত ভয়াৱহ দুৰ্ঘটনা, থিতাতে নিহত একে পৰিয়ালৰ ৯ সদস্য

ছত্তীশগড়ত ভয়াৱহ দুৰ্ঘটনা, থিতাতে নিহত একে পৰিয়ালৰ ৯ সদস্য

ডিজিটেল ডেস্কঃ ছত্তীশগড়ত দেওবাৰে পুৱাই সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাই একেটা পৰিয়ালৰ ৯ সদস্যই। ঘটনাটোত আন ৩জন সদস্য গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত বাতৰি মতে, ৰাজ্যখনৰ ভিলাইৰ এটা পৰিয়ালে মা বম্লেশ্বৰী মন্দিৰ দৰ্শনৰ বাবে ডোগৰগড়লৈ গৈ আছিল। মন্দিৰ দৰ্শন কৰি ঘৰলৈ ওভতাৰ পথতে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই এখন ট্ৰাকত খুন্দা মাৰে।

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে চুচুৰ্মৈ হৈ পৰাৰ লগতে থিতাতে ৯জন লোকৰ মৃত্যু ঘটে। আহত কেইজনক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আৰক্ষীয়ে জনোৱা মতে, পৰিয়ালটোৰ গাড়ীখনৰ পিছে পিছে তেওঁলোকৰ আত্মীয়ৰ আন এখন আহি আছিল। দুৰ্ঘটনাটোৰ পিছতে
ক্ষুব্ধ আত্মীয়সকলে ট্ৰাকখনৰ ক্ষতিসাধন কৰাৰ চেষ্টা চলাই যদিও আৰক্ষীয়ে ক্ষিপ্ৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in