বৃটিছ শাসনৰ সময়তে প্ৰতিষ্ঠিত ইণ্ডিয়া ক্লাৱৰ ৮৯ সংখ্যক বৰ্ষপূৰ্তি উদযাপন..

বৃটিছ শাসনৰ সময়তে প্ৰতিষ্ঠিত ইণ্ডিয়া ক্লাৱৰ ৮৯ সংখ্যক বৰ্ষপূৰ্তি উদযাপন..

ডিজিটেল সংবাদ গুৱাহাটীঃ গুৱাহাটীৰ অন্যতম পুৰণি আৰু সু-প্ৰতিষ্ঠিত ক্লাব ইণ্ডিয়া ক্লাবে শনিবাৰে, ৮ জানুৱাৰী ২০২২ তাৰিখে ৮৯ বছৰৰ বৰ্ষপুৰ্তি উপলক্ষে উদযাপন কৰে প্ৰথম প্ৰতিষ্ঠা দিৱস। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, সন্মানীয় অতিথিৰূপে অসম অলিম্পিক এচ'ছিয়েচনৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ আৰু বিশেষ অতিথি হিচাপে উপস্থিত থাকে শান্তনু ভৰালী (অধিবক্তা)। তদুপৰি, অসমৰ সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰসমূহক প্ৰতিনিধিত্ব কৰা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়েও অনুষ্ঠানটোত অংশগ্ৰহণ কৰে।

পুৰণি পৰম্পৰাসমূহৰ পালনেৰে আৰু প্ৰতিষ্ঠানটোৰ গৌৰৱোজ্জল ঐতিহ্যক সন্মান জনাই এই প্ৰতিষ্ঠা দিৱস অতি উৎসাহেৰে উদযাপন কৰা হয়। ১৯৩৩ চনত ব্ৰিটিছ শাসনৰ সময়ত স্থাপিত, ইণ্ডিয়া ক্লাবে আৰম্ভণিতে অঞ্চলটোৰ টেনিছ উৎসাহীসকলক সেৱা আগবঢ়াইছিল যদিও বৰ্তমান কেৱল টেনিছৰ বাবেই নহয়, টেবুল টেনিছ, বিলিয়ৰ্ডছ, বেডমিণ্টন, ডাৰ্টছ আৰু সাঁতোৰৰ দৰে ক্ৰীড়াৰ বাবে সৰ্বশ্ৰেষ্ঠ কেন্দ্ৰ হিচাপে এই ক্লাবৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই উপলক্ষে, ইণ্ডিয়া ক্লাবে অসমৰ দুজন প্ৰতিশ্ৰুতিসম্পন্ন জুনিয়ৰ খেলুৱৈ ৰিয়ান কাশ্যপ আৰু অদ্ৰিকা ৰাজকুমাৰীক টেনিছ বৃত্তি প্ৰদান কৰিছে।

"ক্ৰীড়া প্ৰতিভাক উৎসাহিত কৰাটো বিগত বছৰবোৰত ইণ্ডিয়া ক্লাবৰ অন্যতম গুৰুত্বপূৰ্ণ বিষয় হৈ আহিছে। বিগত ৮৯ বছৰত এই ঐতিহ্যপূৰ্ণ ক্লাবটোৱে ক্ৰীড়া, সংস্কৃতি আৰু সৌহাৰ্দ্যৰ বিকাশৰ বাবে এক সক্ষম পৰিৱেশ সৃষ্টি কৰাত সহায় কৰি আহিছে। মই আশা কৰোঁ যে, ক্লাবটোৱে আগলৈও সম্প্ৰদায়টোৰ বিকাশ আৰু অনুপ্ৰেৰণা অব্যাহত ৰাখিব" – উক্ত প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথিৰূপে আমন্ত্ৰিত বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেওঁৰ বক্তব্যত এনেদৰে কয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in