৮৯ বছৰত কথাশিল্পীয়ে থলে ভৰি…

৮৯ বছৰত কথাশিল্পীয়ে থলে ভৰি…

ডিজিটেল ডেস্কঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসম উপত্যকা সাহিত্য বঁটা প্ৰাপক, কথাশিল্পী, পদ্মশ্ৰী ইমৰান শ্বাহৰ আজি ওপজা দিন। ১৯৩৩ চনত শিৱসাগৰৰ ধাই আলিত জন্মগ্ৰহণ কৰা এইগৰাকী বিশিষ্ট সাহিত্যকে ভৰি দিলে ৮৯ বছৰত। আজিও দুৰুন্ত তৰুণ হৈ থকা এইগৰাকী কথাশিল্পীয়ে নিজৰ মহান আৰু অপূৰ্ব সৃষ্টিৰে অসমীয়া ভাষা-সাহিত্যলৈ অশেষ অৱদান আগবঢ়াই আহিছে।

৯০ ৰ দেউনা স্পৰ্শ কৰাৰ বাটত থকা এইগৰাকী শিল্পীয়ে আজিও হাতত কলম তুলি লয়। ব্যস্ত হৈ পৰে শিল্পৰ সাধনাত। গল্প, কবিতা, উপন্যাস, প্ৰবন্ধ আদি ৰচনাৰ জৰিয়তে অসমীয়া ভাষা, সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা শ্বাহৰ সাহিত্যৰ জগতত প্ৰৱেশ ঘটিছিল নৱম শ্ৰেণীত অধ্য়য়ন কৰি থকাৰ সময়তে।

নৱম শ্ৰেণীত অধ্যন কৰি থকাৰ সময়ত বনবাসী গ্ৰন্থ লিখি চৰ্চিত হৈ পৰা শ্বাহে পৰৱৰ্তী সময়ত সংগীতৰ সিপাৰে, জোনাকৰ ছবি, তানচেন, ক্ৰান্তিৰেখা, সাগৰীকা, অনমিতা, ক্ৰীতদাসৰ হাঁহি, বন্ধ দুৱাৰ, কুকুহা, কবি পুলিছ, সাগৰিকা ,বৰ্ণালী, ইনকিলাব,নিসংগ ধূসৰ, বিশ্ববন্ধু, ইমৰান শ্বাহ ৰচনাৱলী,ঈশান দত্তৰ নিৰ্বাচিত কবিতা আদিৰ গৰে গ্ৰন্থ লিখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিলে।

এইগৰাকী মহীৰূহৰ ওপজা দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীসকলে কথাশিল্পীগৰাকীৰ দীৰ্ঘায়ু কামনা কৰাৰ লগতে সুস্বাস্থ্য অটুট থাকিবলৈ প্ৰাৰ্থনা জনাইছে। ইমৰান শ্বাহলৈ জনাইছে জন্মদিনৰ শুভেচ্ছা। অসমীয়া প্ৰতিদিন ডিজিটেলৰ তৰফৰ পৰাও এইগৰাকী মহীৰূবলৈ থাকিল জন্ম দিনৰ শুভেচ্ছা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in