লামডিঙত শনিবাৰে পুৱা উপস্থিত হয়হি দুখনকৈ যাত্ৰীবাহী ৰে’ল, নামিল মুঠ ৮৬ গৰাকী যাত্ৰী…

লামডিঙত শনিবাৰে পুৱা উপস্থিত হয়হি দুখনকৈ যাত্ৰীবাহী ৰে’ল, নামিল মুঠ ৮৬ গৰাকী যাত্ৰী…

ডিজিটেল সংবাদ, লামডিংঃ লকডাউনৰ সময়চোৱাত বহিঃৰাজ্যত আৱদ্ধ হৈ পৰা অসমৰ শ শ যাত্ৰী তথা শ্ৰমিকসকলক বিশেষ ৰে'লৰ জৰিয়তে অনা নিয়া কৰা প্ৰক্ৰিয়া অব্যাহত আছে৷ শনিবাৰে তৃতীয়া দিনা লামডিঙ ৰে'লৱে ষ্টেচনত শনিবাৰে অৰ্থাৎ ১৬ মে'ত দুখনকৈ ৰে'ল উপস্থিত হয়৷ প্ৰথমখন পুৱতি নিশা ২ বাজি ২০ মিনিটত উপস্থিত হয়হি দিল্লী-ডিব্ৰুগড় 02424 নম্বৰৰ বিশেষ যাত্ৰীবাহী ৰে'লখন৷ ৰে'লখনৰ পৰা সৰ্বমুঠ ৮১ গৰাকী যাত্ৰী লামডিঙ ৰে'লৱে ষ্টেচনত নামে।

ইয়াৰ ভিতৰত নগাওঁ ২৪জন, কাৰ্বি আংলং ১৫জন, ডিমা হাচাও ১জন, পশ্চিম কাৰ্বি আংলং ৫ জন, কাছাৰ ২, হাইলাকান্দি ১জন আৰু হোজাইৰ ৩৩জন যাত্ৰী থাকে৷ আনফালে দ্বিতীয়খন ৰাতিপুৱা ৪ বজাত ডিব্ৰুগড় পৰা অহা 02423 নম্বৰৰ শ্ৰমিক বিশেষ ৰে'ল খন আহে৷ শ্ৰমিক ৰেলখনৰ পৰা লামডিঙত ৬জন যাত্ৰী লামডিঙত নামে।

ইয়াৰে ২জন লামডিং, ২জন নগাওঁ আৰু ২জন ডিমাহাচাওৰ লোক। সকলো লোককে স্বাস্থ্য বিভাগে ষ্টেচনত স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিভিন্ন জিলাৰ লোকসকলক নিজ নিজ গন্তব্য স্থানলৈ প্ৰেৰণ কৰে৷ হোজাই জিলাৰ দুজন দণ্ডাধীক, লামডিঙ আৰক্ষী প্ৰশাসন, ৰে'লৱে আৰক্ষী, National Anti Crime & Human Rights Council of India'ৰ অসমৰ উপ সভাপতি ৰেলৱে বিভাগীয় বিষয়া তথা চিকিৎসাকৰ্মীসহ স্বাস্থ্য বিভাগ উপস্থিত থাকে নিশা ষ্টেচনত৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in