পুনৰ অসমত একেলগে কোৰোনাত আক্ৰান্ত ৮৫গৰাকী…

পুনৰ অসমত একেলগে কোৰোনাত আক্ৰান্ত ৮৫গৰাকী…

ডিজিটেল ডেস্কঃ ৰাজ্যত কোৰোনাকেন্দ্ৰিক পৰিস্থিতি অধিক অৱনতিৰ ফালে গতি কৰিছে। শেহতীয়াকৈ স্বাস্থ্যমন্ত্ৰীয়ে টুইটাৰ যোগে অৱগত কৰিছে যে, ৰাজ্যত পুনৰ ৮৫গৰাকী ব্যক্তি আক্ৰান্ত হৈছে কোৰোনাত।ইয়াৰে ২৬গৰাকী কোকৰাঝাৰ/চিৰাঙৰ, ২০গৰাকী হাইলাকান্দিৰ, ১৩গৰাকী কামৰূপৰ, ১৩গৰাকী ডিব্ৰুগড়ৰ, ৯গৰাকী যোৰহাট, দুগৰাকী গোলাঘাট আৰু দুগৰাকী কাছাৰৰ।

এই বৃদ্ধিৰ লগে লগে ৰাজ্যত কোৰোনাত আক্ৰান্তৰ সংখ্যা ১১৮৫গৰাকীলৈ বৃদ্ধি পাইছে। ইয়াৰে ১৬৩গৰাকী ৰোগী কোৰোনা মুক্ত হৈছে যদিও ১০১৫গৰাকী বৰ্তমানো আছে হস্পাতালত। আজিৰ দিনটোত ৯বজালৈকে কোৰোনাত আক্ৰান্ত হৈছে ১২৮গৰাকী লোক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in